শুকুৰবাৰে নিশা তামুলপুৰত দুৰ্ঘটনাত পতিত হৈছিল নলবাৰীৰ হাৰিভাঙাৰ ‘ভাস্কৰজ্যোতি বিহু হুঁচৰি দল’। বিহু হুঁচৰি দলটো গৈ থকা থকা ট্ৰেভেলাৰখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় হৈছিল ট্ৰেইলাৰৰ। আৰু অভিশপ্ত এই দুৰ্ঘটনাই চিৰদিনৰ বাবে কাঢ়ি লৈ গ’ল নিশামণিক।মাত্ৰ ২৫ বছৰ বয়সতে নাগাৰা নামৰ পাঠিকা, বিহু নাচনীকে ধৰি থিয়েটাৰত অভিনয় কৰি অঞ্চলবাসীৰ নয়নৰ মণি হৈ পৰিছে নিশামণি হালৈ। অঞ্চলবাসীৰ সকলো প্ৰিয় আৰু মৰমৰ আছিল নিশামণি হালৈ। কিন্তু শুকুৰবাৰে নিশা কাল অমানিশা নামি আহিল অঞ্চলবাসীলৈ।
‘‘মোৰ সোণ কিয় এনে কৰিলি তই আমাৰ লগত, মোৰ লগত? যদিও খং কৰোঁ, গালি দিছিলোঁ তোক, তোৰ কাৰণেই মৰম বহুত বেছি আছিল আৰু সদায়ে থাকিব গোসাঁনী। মোৰ আৰু আপোন বুলিবলৈ কোনো নাই, তই আছিলি তয়ো হেৰাই গ’লি। শেষত তই মোক এবাৰ ‘দাদা’ বুলিও নিচিঞৰিলি। তোৰ মোৰ মৰমবোৰ মই কেতিয়াওঁ পাহৰি নাযাওঁ সোণ, তোৰ সপোনবোৰ মই আধৰুৱা হ’বলৈ নিদিওঁ। মোক পাহৰি নাযাবি দে’ মুনু, মা-দেউতাক পাহৰি নাযাবি তই দে’ সোণ! তই য’তে আছ ৰাণীৰ দৰে থাকিবি বুজিছ, কাকো ভয় কৰি নচলিবি। ওপৰৰ পৰা হ’লেও দাদাৰাক থকিবি দে’। বহুত বহুত মিছ ইউ সোণ! লাভ ইউ সোণ মোৰ! আকৌ আহিবি তই মোৰ ভণ্টী হৈ দে’ সোণ। যদি কেতিয়াবা তোক কষ্ট দিছিলোঁ মোক ক্ষমা কৰি দিবি দে’ বাচা গোসাঁনী মোৰ।’’
নিশামণিৰ জ্যেষ্ঠ ভাতৃ পংকজ প্ৰতিম হালৈও সংগীতৰ সৈতে জড়িত। গানৰ চৰ্চা কৰে পংকজ হালৈয়ে, ইয়াৰ লগতে বিভিন্ন বাদ্যযন্ত্ৰও বজায়। সংগীতানুষ্ঠানো পৰিৱেশন কৰে পংকজে। অভিশপ্ত ১১ ব’হাগে থানবান কৰি দিলে পংকজৰ লগতে পংকজৰ সপোনৰ ঘৰখনৰ।
