Tuesday, July 28, 2026
Homeঅসমঅইল কৰ্প'ৰেশ্যনৰ বিৰুদ্ধে কৌশলগতভাৱে মাটি হস্তগতৰ অভিযোগ, মৰাণ সভাৰ তীব্ৰ প্ৰতিক্ৰিয়া

অইল কৰ্প’ৰেশ্যনৰ বিৰুদ্ধে কৌশলগতভাৱে মাটি হস্তগতৰ অভিযোগ, মৰাণ সভাৰ তীব্ৰ প্ৰতিক্ৰিয়া

ভাস্কৰজ্যোতি ভূঞা, কাকপথাৰ: কাকপথাৰ মৃদংপৰাৰ পৰা হাঁহখাটি হৈ মেচাকি MK-27E অইল খাদলৈ যোৱা পথৰ কাষৰীয়া বাসিন্দাসকলৰ ভূমি অইল কৰ্প’ৰেশ্যনে কৌশলগতভাৱে হস্তগত কৰাৰ অভিযোগ উত্থাপন হৈছে ।

স্থানীয় লোকৰ অভিযোগ অনুসৰি, পথৰ কাষৰ বাসিন্দাসকলে স্বেচ্ছাই অইল কৰ্প’ৰেশ্যনক মাটি প্ৰদান কৰা নাই আৰু এই সন্দৰ্ভত কোনো চুক্তিও হোৱা নাই । কিন্তু অইলে ভূমিৰ গৰাকীক অধিগ্ৰহণ কৰা ভূমি বিক্ৰী কৰিবলৈ চাপ প্ৰয়োগ কৰিছে আৰু মাটিৰ মূল্য নিজেই নিৰ্ধাৰণ কৰা বুলি ভুক্তভোগীসকলে জানিবলৈ দিছে ।

ইয়াৰ বিৰোধিতা কৰি ভূক্তভুগী লোকে কয় যে প্ৰয়োজন হ’লে তেল-খনন চলি থকালৈকে ভূমি লিজত লওক, কিন্তু তেওঁলোকে মাটি বিক্ৰী নকৰে । উন্নয়নৰ স্বাৰ্থত মাটি লওক, কিন্তু স্বেচ্ছাই বিক্ৰী কৰিম বুলি শপতনামা দিব নোৱাৰো । দাবী-ধমকীৰে কৌশলগত কাৰ্যৰ পৰা বিৰত থাকক বুলি তেওঁলোকে আহ্বান জনাইছে ।

এই ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে অসম মৰাণ সভাই অিল কৰ্প’ৰেশ্যনৰ এনে কূট-কৌশলৰ তীব্ৰ বিৰোধিতা কৰিছে । সংগঠনটোৰ নেতৃত্বই কয় যে বিগত সময়ত ভূমিপুত্ৰ মৰাণ বসতিপ্ৰধান অঞ্চলৰ লাখ লাখ বিঘা মাটি ইতিমধ্যে অইলে হস্তগত কৰিছে । এতিয়া গৰাকীয়ে নিজে মাটি বিক্ৰী কৰিব লাগিব আৰু মূল্য অইলে নিজে নিৰ্ধাৰণ কৰিব বুলি কোৱাটো ভূমিপুত্ৰ ৰাইজৰ বাবে অপমান বুলি ক্ষোভ প্ৰকাশ কৰে ৷

মৰাণ সভাই দাবী জনাইছে যে থলুৱা ভূমিপুত্ৰ মাটি আৰু ভূমিৰ অধিকাৰ সুৰক্ষিত হ’ব লাগিব । কৌশলগতভাৱে মাটি হস্তগত নকৰি গৰাকীৰ সৈতে আলোচনা, আবেদন কৰিব লাগে । এনে কাৰ্য সংঘটিত কৰি থাকিলে অইল কৰ্প’ৰেশ্যনে প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব বুলি সংগঠনটোৱে সকীয়াই দিয়ে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments