ডিজিটেল ডেস্ক,১৫ ছেপ্তেম্বৰ: পুনৰ আফ্ৰিকান ছোৱাইন ফিভাৰৰ কবলত মিজোৰামত, মে’ মাহৰ পৰা ৮০০ৰো অধিক গাহৰিৰ মৃত্যু হোৱা খবৰ পোহৰলৈ আহিছে ।মিজোৰামৰ পশুপালন আৰু পশু চিকিৎসাৰ বিষয়াসকলে জনাইছে এই খবৰ(Mizoram in grip of African Swine Fever again)।উল্লেখযোগ্য যে চলিত বৰ্ষৰ মে’ মাহৰ পিছত মিজোৰামত আফ্ৰিকান ছোৱাইন ফিভাৰ (এ এছ এফ)ৰ এয়া তৃতীয়টো প্ৰাদুৰ্ভাৱ।
চলিত বৰ্ষৰ জুলাই মাহৰ পৰা মিজোৰামৰ চম্পাই, খোৱাজাউল আৰু অন্যান্য পূব জিলাৰ কেইবাখনো গাঁওৰ গাহৰি আফ্ৰিকান ছোৱাইন ফিভাৰ (এ এছ এফ)ত আক্ৰান্ত হৈছে।তদুপৰি খবৰ অনুসৰি মিজোৰামৰ লুংলেই জিলাৰ পুকুই গাঁৱত আফ্ৰিকান ছোৱাইন ফিভাৰ (এ এছ এফ)ৰ বাবে ২৫০ টাতকৈও অধিক গাহৰিৰ মৃত্যু হৈছে।চলিত বৰ্ষৰ মে’ মাহৰ পৰা মিজোৰামত আফ্ৰিকান ছোৱাইন ফিভাৰ (এ এছ এফ)ৰ ফলত ৮২৫টা গাহৰিৰ মৃত্যু হৈছে।
তদুপৰি, এই ৰোগৰ অধিক সংক্ৰমণ ৰোধৰ বাবে মিজোৰামত কৰ্তৃপক্ষই ৪০০ৰো অধিক গাহৰি হত্যা কৰিছিল।শেহতীয়া বছৰবোৰত আফ্ৰিকান ছোৱাইন ফিভাৰৰ বাবে মিজোৰাম দেশৰ ভিতৰতে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত ৰাজ্য হিচাপে পৰিগণিত হৈছে।
২০২১ চনত এই ৰোগৰ বাবে মুঠ ৩৩,৪১৭টা গাহৰি মৃত্যুমুখত পৰাৰ লগতে মিজোৰামত ১০,৯০০টা গাহৰি হত্যা কৰা হৈছিল।
২০২২ চনত মিজোৰামত আফ্ৰিকান ছোৱাইন ফিভাৰৰ বাবে ১০ হাজাৰৰো অধিক গাহৰিৰ মৃত্যু হৈছিল।