Sunday, November 1, 2026
Homeঅসমপ্ৰথমবাৰৰ বাবে মুখ খুলিলে হেলেলা ভৰালীৰ মাতৃয়ে

প্ৰথমবাৰৰ বাবে মুখ খুলিলে হেলেলা ভৰালীৰ মাতৃয়ে

দেশ জোকাৰি গুৱাহাটীৰ হোটেল বিলাস ইনৰ হত্যাকাণ্ডৰ পিছতে প্ৰথমবাৰৰ বাবে মুখ খুলিলে হেলেলা ভৰালীৰ মাতৃয়ে। পুত্ৰ-কন্যাৰ লগতে নাতি আৰু নাতি-বোৱাৰীয়েক হেৰুওৱাই মুখ খুলিলে দুৰ্ভগীয়া তুংগলতা ভৰালীয়ে। পুত্ৰ, কন্যা, নাতি আৰু নাতিনী-বোৱাৰীয়েক হেৰুওৱাৰ শোকৰ মাজতে এতিয়া দোষীৰ কঠোৰ শাস্তিৰ দাবী জনাইছে দুৰ্ভগীয়া বৃদ্ধাগৰাকীয়ে।

সংবাদ মাধ্যমৰ আগত তুংগলতা ভৰালীয়ে কয়, অভিমন্যুক চক্ৰবেহুত আৱদ্ধ কৰি হত্যা কৰাৰ দৰে মোৰ পুত্ৰ, কন্যা, নাতি আৰু নাতিনী-বোৱাৰীকো যেন এক চক্ৰবেহুত সোমোৱাই হত্যা কৰা হ’ল। বৃদ্ধ বয়সত শান্তিৰে জীৱনৰ বাকী সময়খিনি কটাব বিচাৰিছিল যদিও এতিয়া প্ৰতিটো মুহূৰ্ততে অশান্তি আৰু উদ্বিগ্নতাৰ মাজেৰে পাৰ কৰিবলগীয়া হৈছে বুলি আক্ষেপ প্ৰকাশ কৰে হেলেনা ভৰালীৰ মাতৃয়ে।

তুংগলতা ভৰালীৰ মতে, হত্যাকাণ্ডৰ সৈতে জড়িত দোষীয়ে উপযুক্ত শাস্তি নাপালে সমাজত অপৰাধ প্ৰৱণতা বৃদ্ধি পাব। সেয়েহে এই ঘটনাৰ ন্যায় বিচাৰৰ বাবে কেৱল পৰিয়ালটোৱেই নহয়, সমাজৰ প্ৰতিগৰাকী সচেতন লোক আগবাঢ়ি অহা উচিত বুলি মন্তব্য কৰে হেলেনা ভৰালীৰ দুৰ্ভগীয়া মাতৃয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিও আহ্বান জনাই তুংগলতা ভৰালীয়ে কয় যে হত্যাকাৰীয়ে উপযুক্ত শাস্তি লাভ কৰিলেহে তেওঁলোকে কিছু শান্তি লাভ কৰিব পাৰিব।

ইফালে, হত্যাকাণ্ডৰ পাছৰে পৰা চৰম নিৰাপত্তাহীনতাত ভুগিছে বৰপেটাৰ নিহত ভূদেৱ ভৰালীৰ পৰিয়াল। এক অজান আতংক আৰু উদ্বিগ্নতাৰ মাজতে নিশা কটাবলগীয়া হৈছে পৰিয়ালৰ সদস্যসকলে। দেওবাৰে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে ভূদেৱ ভৰালীৰ কন্যা অংকিতা ভৰালীয়ে। অংকিতাই জানিবলৈ দিয়া মতে, বৰ্তমান তেওঁলোকৰ পৰিয়ালৰ নিৰাপত্তাক লৈ যথেষ্ট চিন্তিত। সেয়েহে চৰকাৰ আৰু আৰক্ষী প্ৰশাসনৰ ওচৰত হত্যাকাণ্ডটোৰ শীঘ্ৰে আৰু নিৰপেক্ষ তদন্ত সম্পন্ন কৰাৰ দাবী জনাইছে তেওঁ। লগতে হত্যাকাণ্ডৰ সৈতে জড়িত দোষীসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰাৰ লগতে পৰিয়ালটোক পৰ্যাপ্ত নিৰাপত্তা প্ৰদান কৰিবলৈও চৰকাৰ-প্ৰশাসনক আহ্বান জনাইছে অংকিতাই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments