Sunday, November 1, 2026
Homeঅসমপিঁয়াজ, চাউলৰ পাছত এইবাৰ দাম বাঢ়িল গাখীৰৰ

পিঁয়াজ, চাউলৰ পাছত এইবাৰ দাম বাঢ়িল গাখীৰৰ

দীপাৱলীৰ প্ৰাকক্ষণত ৰাজ্যৰ সাধাৰণ গ্ৰাহকৰ মূৰত মাধমাৰ সোধাই পুনৰ বৃদ্ধি কৰা হৈছে গাখীৰৰ দাম। এইবাৰ প্ৰতিলিটাৰ গাখীৰত ২ টকাকৈ বৃদ্ধি কৰা হৈছে দাম। খুঁটি পৰ্যায়ত পূৰ্বে প্ৰতিলিটাৰ গাখীৰৰ দাম ৬১ টকা ১০ পইচা থকাৰ বিপৰীতে এতিয়াৰে পৰা নতুন দাম নিৰ্ধাৰণ কৰা হৈছে ৬৩ টকা ১০ পইচা। অৱশ্যে খুচুৰা বজাৰত এই নতুন দাম কেতিয়াৰ পৰা কাৰ্যকৰী হ’ব, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। পৰৱৰ্তী দুই-এদিনৰ ভিতৰতে খুচুৰা বজাৰতো গাখীৰৰ দাম বৃদ্ধিৰ সম্ভাৱনা প্ৰকাশ পাইছে।

ইফালে, গাখীৰৰ লগতে চাউল আৰু পিঁয়াজৰ মূল্যবৃদ্ধিয়েও জুৰুলা কৰিছে ৰাজ্যৰ গ্ৰাহকক। শনিবাৰৰ পৰা ৰাজ্যৰ বজাৰত বৃদ্ধি পাইছে চাউল আৰু পিঁয়াজৰ দাম।

পূৰ্বে ৬০ টকাত বিক্ৰী হোৱা পিঁয়াজৰ খুচুৰা মূল্য এতিয়া ৬৫ টকালৈ বৃদ্ধি পাইছে। আনহাতে, পাইকাৰী বজাৰত ৰঙা পিঁয়াজৰ দাম প্ৰতি কিলোগ্ৰামত ৫৩ টকাৰ পৰা ৫৫ টকালৈ বৃদ্ধি পাইছে।

একেদৰে বৃদ্ধি পাইছে বিভিন্ন ব্ৰেণ্ডৰ চাউলৰ দামো। BBT ব্ৰেণ্ডৰ ২৬ কিলোগ্ৰামৰ চাউলৰ বেগৰ দাম পূৰ্বে ১,৬৭০ টকা আছিল যদিও বৰ্তমান ইয়াৰ মূল্য ১,৭২০ টকালৈ বৃদ্ধি পাইছে। আনহাতে, ৰিপুৰাজ চাউলৰ প্ৰতিটো বেগৰ দাম ১,৮৬০ টকাৰ পৰা বৃদ্ধি কৰি ১,৯২০ টকা কৰা হৈছে।

উল্লেখ্য যে, পূজাৰ পূৰ্বৰে পৰা অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিয়ে জুৰুলা কৰি অহা সাধাৰণ ৰাইজৰ বাবে দীপাৱলীৰ পূৰ্বে হোৱা এই নতুন দামবৃদ্ধি আন এক চিন্তাৰ কাৰণ হৈ পৰিছে। উৎসৱৰ বতৰত দৈনন্দিন খাদ্যসামগ্ৰীৰ বৰ্ধিত দামে পৰিয়ালসমূহৰ মাহেকীয়া বাজেটত অধিক চাপ সৃষ্টি কৰাৰ আশংকা কৰা হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments