মুঠ জমাধন বছৰি 16% বৃদ্ধি হৈ 1.55 লাখ কোটি হৈছেগৈ
মুঠ জমা ধনৰ ক্ষেত্ৰত খুচুৰাৰ অংশ প্ৰায় 68%
চিআৰএআৰ অনুপাত হৈছে 19.4%
মুঠ ঋণৰ পৰিমাণ প্ৰায় 6% বছৰি বৃদ্ধি হৈ 1.34 লাখ কোটিলৈ বৃদ্ধি পাইছে
কলকাতা, জুলাই 18, 2025:বন্ধন বেংকে 2025-26 বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকৰ বিত্তীয় ফলাফল ঘোষণা কৰিছে। বেংকটোৰ মুঠ ব্যৱসায় 11% বৃদ্ধি হৈ 2.88 লাখ কোটি টকাত উপনীত হৈছে। মুঠ জমা ধনৰ ক্ষেত্ৰত বেংকৰ খুচুৰাৰ অংশ এতিয়া প্ৰায় 68% । চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত পৰ্যবেক্ষণ কৰা বৃদ্ধিৰ মূলতে হৈছে বেংকৰ সম্প্ৰসাৰিত বিতৰণ নেটৱৰ্ক, উন্নত কাৰ্য্যকৰী দক্ষতা, আৰু অনুকূল ব্যৱসায়িক পৰিৱেশ। 25-26 বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত মুঠ লাভৰ পৰিমাণ হৈছে 372 কোটি টকা।
ভাৰতবৰ্ষৰ 36 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 35 খনতেই 6,350 ৰো অধিক বেংকিং আউটলেটৰ জৰিয়তে 3.14 কোটিৰো অধিক গ্ৰাহকক সেৱা আগবঢ়াই আহিছে বন্ধন বেংকে। বন্ধন বেংকত কাম কৰা মুঠ কৰ্মচাৰীৰ সংখ্যা প্ৰায় 72,000।
2025-26 বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকৰ সময়ছোৱাত, বেংকৰ জমা ধন বছৰি 16% বৃদ্ধি হৈ 1.55 লাখ কোটি টকালৈ বৃদ্ধি পাইছে।এই সময়ছোৱাত মুঠ ঋণৰ পৰিমাণ 1.34 লাখ কোটি টকাত উপনীত হৈছে । চলিত একাউণ্ট আৰু সঞ্চয় একাউণ্ট (চিএএছএ)ৰ অনুপাত হৈছে মুঠ জমাৰ 27.1%। বিত্তীয় স্থিৰতাৰ এক গুৰুত্বপূৰ্ণ সূচক বেংকৰ মূলধন পৰ্যাপ্ত অনুপাত (চিএআৰ) এক শক্তিশালী 19.4%ত আছে, যি নিয়ামক সীমাৰ বহু উৰ্ধ্বত।
বেংকৰ প্ৰদৰ্শনৰ বিষয়ে সদৰি কৰি বেংকৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া পাৰ্থ প্ৰতিম সেনগুপ্তাই কয় যে “ বন্ধন বেংকে বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত ক্ৰমাগতভাৱে উন্নত প্ৰদৰ্শন আগবঢ়াইছে , য’ত জমাধনৰ শক্তিশালী বৃদ্ধি, খুচুৰা আৰু হোলচেল বেংকিংৰ স্থায়ী গতি লক্ষ্য কৰা গৈছে। পৰিচালন পৰিৱেশত কিছুমান চেলেঞ্জ থাকিলেও, আমাৰ প্ৰদৰ্শনে আমাৰ ব্যৱসায়ৰ অন্তৰ্নিহিত স্থায়িত্ব আৰু কৌশলগত দিশৰ দৃঢ়তা প্ৰতিফলিত কৰে। আমি বিচক্ষণ ৰিস্ক মেনেজমেন্ট, কাৰ্যকৰী দক্ষতা আৰু আমাৰ গ্ৰাহক তথা অংশীদাৰসকলৰ বাবে দীৰ্ঘম্যাদী মূল্য প্ৰদানৰ গুৰুত্ব দিছোঁ ।”
বেংকটোৱে খুচুৰা পৰ্টফলিঅ’ বৃদ্ধিৰ ওপৰত কৌশলগত গুৰুত্ব আৰোপ কৰি সম্পত্তিৰ ভিত্তি বৈচিত্ৰ্যময় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। দক্ষতা বৃদ্ধি কৰিবলৈ, উৎপাদনশীলতা উন্নত কৰিবলৈ আৰু গ্ৰাহকৰ অভিজ্ঞতা উন্নত কৰিবলৈ ডিজিটেলাইজেচন ত্বৰান্বিত কৰাটো এক অগ্ৰাধিকাৰ হৈ আহিছে ৷