ডিজিটেল ডেস্ক, ANEWS24X7: ২০২৩ বৰ্ষৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজধানী চহৰক ৰে’লপথেৰে সংযোগ কৰা হ’ব ৷ চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত মণিপুৰৰ ৰাজধানী ইম্ফল , মিজোৰামৰ আইজল , ছিকিমৰ ৰংপো , নাগালেণ্ডৰ মাৰবম আৰু অৰুণাচলৰ পাছিঘাটলৈ চলিব ৰে’ল ৷ এই কথা ঘোষণা কৰে এন এফ ৰে’লৱেৰ মহাপ্ৰবন্ধক আনছুল গুপ্তাই ৷
এন এফ ৰে’লৱেৰ মহাপ্ৰবন্ধক আনছুল গুপ্তাই কয় যে , ‘‘উত্তৰ-পূৰ্বাঞ্চলৰ ১১ টা ৰে’লৱে ষ্টেচনক বিশ্বমানৰ ৰে’লৱে ষ্টেচন হিচাপে নিৰ্মাণ কৰা হ’ব ৷ পূৰ্বোত্তৰৰ ১০০ শতাংশ লাইন ইলেক্ট্ৰিফিকেচন কৰা হ’ব ৷ ’’
ইয়াৰ ওপৰিও এতিয়াৰে পৰা অত্যাধুনিক ৰূপত স্থাপন কৰা হ’ব ৰে’লৱে লাইন ৷ ইয়াৰ ফলত ৰেলৱে লাইনত হাতীৰ মৃত্যু নহ’ব ৷ ৰে’লৱে লাইনৰ ওপৰৰেৰে হাতী পাৰ হ’লে ৰে’লৱে লাইনত এলাৰ্ম বাজিব আৰু ৰে’ল ৰৈ যাব ৷ এই নতুন প্ৰযুক্তি দ্বাৰা হাতীৰ প্ৰাণ ৰক্ষাৰ বাবে বিশেষ প্ৰচেষ্টা হাতত লৈছে এনএফ ৰে’লৱে ৷