Thursday, April 30, 2026
Homeঅসমজুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ দিনাই মুখ খুলিলে পত্নী গৰিমা শইকীয়া গাৰ্গে, জুবিন গাৰ্গৰ...

জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ দিনাই মুখ খুলিলে পত্নী গৰিমা শইকীয়া গাৰ্গে, জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ ন্যায় বিচাৰি সৰৱ গৰিমা

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আজি আদ্যশ্ৰাদ্ধ, কাহিলিপাৰাৰ বাসগৃহত মাংগলিক ৰীতি-নীতিৰে অনুষ্ঠিত শ্ৰাদ্ধ, সোণাপুৰৰ জুবিনক্ষেত্ৰতো শ্ৰদ্ধাঞ্জলি-সৰ্ব ধৰ্ম সভা

জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ দিনাই মুখ খুলিলে পত্নী গৰিমা শইকীয়া গাৰ্গে। জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ ন্যায় বিচাৰি সৰৱ হৈছে জুবিন পত্নী গৰিমা।

গৰিমা শইকীয়া গাৰ্গে কয়, “য়ট পাৰ্টীৰ পৰিকল্পনাৰ কথা মই জনা নাছিলোঁ, হয়তো জুবিনেও জনা নাছিল জনাহেঁতেন মই ১৮ ছেপ্টেম্বৰত কথা পাতোতে খুব উৎসাহেৰে হয়তো মোক ক’লেহেঁতেন। পানী আৰু জুই পৰা আঁতৰত থব লগা বিষয়টো সিদ্ধাৰ্থই জানিছিল।”

“আচলতে তেওঁ এটা মিছনতে আহিছিল। তেওঁ নিজৰ সময় লৈ আহিছিল, নিজৰ ক’ব লগাখিনি আৰু কৰিব লগাখিনি কৰি গ’ল। তেওঁ থাকোতেও তেওঁৰ বহু কথা বুজা নাছিলোঁ আৰু তেওঁৰো বুজাবলৈ সময় নাছিল। তেওঁ কৈছিল যে মোৰ কথা আজি নুবুজিলেও মানুহে ১০ বছৰ পিছত হ’লেও বুজি পাব।”

“আমি সকলোৱে ন্যায় বিচাৰিছোঁ। কি হৈছিল আৰু কিয় হৈছিল ঘটনাটো আমি সকলোৱে জানিব লাগিব আৰু জনাব লাগিব। তেওঁৰ দৰে এজন ব্যক্তিক ইমান অৱহেলা কেনেকৈ কৰিব পাৰে? সেইখিনি উত্তৰ আমাক লাগিব আৰু সেই ন্যায় আমাক লাগিব। এই ঘটনাৰ উচিত তদন্ত হ’ব বুলি আস্থা আৰু বিশ্বাস ৰাখিছোঁ।”

“আজি তেঁওৰ বাবে সকলো আহিছে। প্ৰতিটো ধৰ্মৰ লোক আহিছে। জুবিনে বিচৰা ধৰণে সকলোৱে একেলগে কাম কৰিছে। জুবিনে খোৱা কামোৰা বিচৰা নাছিল, ময়ো নিবিচাৰোঁ।”

“জুবিনৰ মোবাইলটো পোৱা নাই, ক’ত আছে মোক একো জনোৱা নাই। তেওঁৰ ম’বাইল এই মুহূৰ্তত মোৰ ওচৰত নাই। আমি তেওঁৰ লগত ২৪ ঘণ্টা থকা কিছুমান মানুহক বিশ্বাস কৰিছিলোঁ যে জুবিনক আমাৰ অনুপস্থিতিত সেইখিনি কেয়াৰ ল’ব। কিন্তু সেই কেয়াৰখিনি দেখা নগ’ল।”

“তেওঁ খাবলগা এটাই দৰৱ আছিল, দৰৱটো মই দি পঠিয়াইছিলোঁ। কেইবাটাও টেমাত মই একেটা দৰৱকে ৰাখিছিলোঁ। বেগত এটা টেমা, গাড়ীত এটা, ষ্টুডিঅ’ত এটা, ঘৰত এটা টেমা। য’লৈকে যাওক যাতে দৰৱটো মিছ নহয় তাৰ বাবে এনেকৈ টেমা কৰি দিছিলোঁ। কিন্তু ছিংগাপুৰত দৰৱ খাইছিল নে নাই মই নাজানো। জুবিনক দৰৱ দিয়া হৈছিল নে নাই সেয়া মই নাজানো।”

“য়ট পাৰ্টীৰ পৰিকল্পনাৰ কথা মই জনা নাছিলোঁ, হয়তো জুবিনেও জনা নাছিল
জনাহেঁতেন মই ১৮ ছেপ্টেম্বৰত কথা পাতোতে খুব উৎসাহেৰে হয়তো মোক ক’লেহেঁতেন। পানী আৰু জুই পৰা আঁতৰত থব লগা বিষয়টো সিদ্ধাৰ্থই জানিছিল।”

“জুবিনে মোক সদায় কৈছিল তুমি বাঘৰ পত্নী, তুমি বাঘিনী হ’ব লাগিব। সঁচাই আজি মোৰ এই সাহস তেওঁৰ পৰাই আহিছে। তেওঁৰ প্ৰতিচ্ছবিবোৰ চাই থাকিলে এনে লাগে- “এতিয়া চোৱা সকলো আহিছে”, এনেদৰে কৈ আছে যেন লাগে। মোৰ কাষত এগৰাকী ঈশ্বৰ আছিল।”

‘‘জুবিনে এখন অনুষ্ঠান কৰিলে কিমান টকা পায় মই নাজানো। জুবিনে সকলোকে বিশ্বাস কৰিছিল, যাৰবাবে তেওঁৰ বৃত্তিগত কামৰ ক্ষেত্ৰত মোক আঁতৰি থাকিব দিছিল। মই এতিয়া তেওঁৰ সকলো কথা জানিব লাগিব।’’

‘‘তেওঁ মোক সদায় STRONG হ’বলৈ শিকাই গৈছে। প্ৰকৃততে ঘটনাতো কি হৈছিল মই জানিব লাগিব। জুবিন থাকিলে আৰু ৬ মাহৰ ভিতৰত আমাৰ ঘৰটো সম্পূৰ্ণ হ’লহেঁতেন। তেওঁৰ সকলো সপোন পূৰণ কৰিবলৈ চেষ্টা কৰিম।’’

‘‘শ্যামকানু মহন্তই জুবিনৰ বাবে যে বিশেষ ব্যৱস্থা কৰিছিল তাত মোৰ সন্দেহ আছে। সেই সময়ত তাত উপস্থিত থকাসকলে জুবিনক পানীত নামিবলৈ দিব নালাগিছিল। ঘটনাৰ পিছতে সিদ্ধাৰ্থলৈ ফোন কৰিছিলো, ফোন অফ আছিল।’

‘‘প্ৰকৃতিকেই ঈশ্বৰ বুলি পূজা কৰিছিল জুবিন গাৰ্গে। সমাজখন একত্ৰিত হৈ থাকিলে জুবিন সুখত থাকিব। মই এইবাৰ লগিম, সকলো মই জানিব লাগিব। মানুহটোক কিয় লাইফ জেকেট নিপিন্ধাকৈ পানীত নামিব দিছিল? ছিংগাপুৰৰ পৰা অহা পিছত চিনেমাখনত লগাৰ কথা আছিল। এতিয়া তেওঁৰ অবিহনে আমি চিনেমাখন সম্পন্ন কৰিম।’’

‘‘মই শ্যামকানু মহন্তৰ কথা একো ক’ব নিবিচাৰো। শ্যামকানু মহন্তই কিয় লৈ গ’ল, তাত গৈ এজন বন্ধু বুলিয়েই অকল, জুবিনৰ দৰে এজন ব্যক্তিক, এটি সত্বাক, এজন শিল্পীক কেনেদৰে ৰাখিব বিচাৰিছিল, সেইটো কথা মই বুজিয়েই নাপালো।’’

‘‘না তাত কোনো মেডিকেল এছিটেণ্ট আছিল, না কোনো তাত চিকিউৰিটী আছিল। না তেওঁৰ বাবে থকাৰ বাবে বিশেষ ব্যৱস্থা, যত্নৰ বাবে বিশেষ ব্যৱস্থা আছিল, তাক লৈ মোৰ সন্দেহ আছিল। একো কৰা নাছিল চাগে।’’

‘তাত যিসকল উপস্থিত আছিল, সিদ্ধাৰ্থয়েই হওক, শেখৰেই হওক, অসম এছ’চিয়েনশ্যন যি দুগৰাকী মেম্বাৰ আছিল, ভগৰুৱা অৱস্থাত তেওঁক আঁতৰাই আনিব লাগিছিল। সেই সময়ত তেওঁক পানীত নামিব দিব নালাগিছিল। তেওঁক পানীত নমাৰ পৰা ৰাখিব লাগিছিল। সম্পূৰ্ণ দায়িত্ব আছিল।’’

‘‘তেওঁ শুই ভাল পায়, হোটেলত শুই থাকিব দিব লাগিছিল। তাৰ পৰা কিয় পুৱাই তুলি নিয়া হৈছিল? জুবিন অনুষ্ঠানৰ বাবেহে গৈছিল, তেনেকুৱা স্থানত ফূৰ্তি-তামাচাৰ বাবে নিছিল কিয়? মোৰ প্ৰশ্ন আছে, এই প্ৰশ্নৰ উত্তৰ লাগে মোক।’’

‘‘য়টত থকা প্ৰত্যেকজনেই জুবিনৰ মৃত্যুৰ বাবে দায়ী। তেওঁক পানীৰ পৰা আঁতৰাই অনাটো একো ডাঙৰ কথা নাছিল। সেইখিনি কিয় নকৰিলে মই বুজি পোৱা নাই। মোৰ বহু প্ৰশ্ন আছে, এই প্ৰশ্নসমূহৰ উত্তৰ মই বিচাৰিছোঁ’।’’

‘‘মই তেওঁৰ লগত বহুবাৰ বাহিৰত ফুৰিব গৈছিলোঁ। তেতিয়াতো এনেকুৱা ঘটনা হোৱা নাছিল। তেওঁ পানীত নামিব বিচাৰিছিল যদিও তেওঁৰ লগত থকা কেইজনে বাধা কিয় নকৰিলে? তেওঁ শিশু মনৰ আছিল। যি ঠাইত তেওঁলোক ফুৰিবলৈ গৈছিল সেই ঠাইত স্থানীয় লোক নাযায় বুলি মই ইণ্টাৰনেটত পাইছোঁ। সেই বিপজ্জনক ঠাইত কিয় লৈ গৈছিল জুবিনক? তেওঁ সকলোকে ভাল পায়, মৰম কৰে তেওঁৰ লগত ষড়যন্ত্ৰ কিয়?’’

ভাগৰুৱা জুবিনক সাগৰত নামিব দিব নালাগিছিল। সিদ্ধাৰ্থ, শেখৰে বাধা দিব লাগিছিল। য়টত থকা প্ৰত্যকজন মৃত্যুৰ দায়ী। চৰকাৰৰ তদন্তৰ উপৰত মোৰ বিশ্বাস আছে।

‘‘যিটো লাজাৰাছ দ্বীপলৈ জুবিন গাৰ্গ নিছিল সেইটোও বিপজ্জনক আছিল। লাজাৰাছ দ্বীপটো ছিংগাপুৰৰ কোৱাৰাণ্টাইন চেণ্টাৰ আছিল।’

‘‘লাজাৰাছ দ্বীপটো বহু দিনৰ পৰা সমাধিস্থলীৰূপে ব্যৱহাৰ কৰি অহা হৈছে। স্থানীয় লোকে তালৈ বিনোদনৰ কাৰণে নাযায়। সেই সাগৰখনৰ সেই ঠাইখিনিতো পূৰ্বে বহু ঘটনা হৈছে।’’

‘‘বহুতৰ মৃত্যু হৈছে কিন্তু কাৰণ একো নাপায়, পানীত ডুবি মৰা বুলিয়েই কয় সদায়। জুবিনে দিনত শুই ভালপায়, উঠাই নিয়াৰ কথা নাছিল।’’

গৰিমা শইকীয়া গাৰ্গে তেনেকুৱা এখন অভিশপ্ত ঠাইলৈ জুবিনক কিয় নিয়া হৈছিল বুলি প্ৰশ্ন কৰে। গৰিমা শইকীয়া কয় যে ‘‘মোৰ বহুত প্ৰশ্ন আছে, গতিকে মই ন্যায় বিচাৰোঁ।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments