Wednesday, April 29, 2026
Homeঅসমউচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল মাজদিয়া-গৰেমাৰীৰ আয়ান মহম্মদ

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল মাজদিয়া-গৰেমাৰীৰ আয়ান মহম্মদ

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলি উঠিছে বৰপেটা জিলাৰ মাজদিয়া-গৰেমাৰী গাঁৱৰ শ্বেখ ইয়াৰ মহম্মদ আৰু আখতাৰী বানিয়াৰা বেগমৰ পুত্ৰ আয়ান মহম্মদ।

বিজ্ঞান শাখাত চাৰিটা বিষয়ত লেটাৰ নম্বৰসহ ডিষ্টিংচন লাভ কৰি মাজদিয়া-গৰেমাৰী গাঁৱলৈ সুনাম কঢ়িয়াই আনিছে আয়ান মহম্মদে।

৮৭.৬ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে আয়ানে।

চি ভি ৰমণ একাডেমী,ভেল্লাৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আয়ান মহম্মদ।

আয়ান মহম্মদে ইংৰাজীত ৯১, বিকল্প ইংৰাজীত ৭৯, ৰসায়ন বিজ্ঞানত ৯৫, পদাৰ্থ বিজ্ঞানত ৮৮ আৰু গণিতত ৮৫ শতাংশ নম্বৰ লাভ কৰি শিক্ষানুষ্ঠানখনৰ লগতে নিজৰ গাঁওখনলৈ সুনাম কঢ়িয়াই আনিছে আয়ানে।

সংগীত আৰু এথলেটিকছত ৰাপ থকা আয়ানৰ ভৱিষ্যতে এগৰাকী সুদক্ষ অভিযন্তা হোৱাৰ মন ।

মাজদিয়া গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা আৰবিন চুলতানাই আয়ান মহম্মদৰ বাসগৃহত উপস্থিত হৈ মেধাৱী ছাত্ৰগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments