ডিজিটেল ডেস্ক, ANEWS24X7: ৰাজ্যত শেহতীয়াকৈ অনুষ্ঠিত হৈ গৈছে ২৬ হাজাৰ তৃতীয় বৰ্গৰ আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা ৷ নিযুক্তি পৰীক্ষাত কোনো বেমেজালি নোহোৱাকৈ আৰু নিকা ভাবে অনুষ্ঠিত কৰিবৰ বাবে ৰাজ্য চৰকাৰে ইন্টাৰনেট কৰ্তনৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ নিযুক্তি পৰীক্ষাৰ লগত অনিয়ম সংঘটিত কৰিলে পিঠি ফালি দিয়াৰ হুংকাৰো দিছিল আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৷ আশা কৰা হৈছিল যে এনে কঠোৰ সিদ্ধান্তৰ ফলত ৰাজ্যত স্বচ্চ আৰু নিকা ভাবে নিযুক্তি লাভ কৰিব নিবনুৱা যুৱক-যুৱতী সকলে ৷
ইয়াৰ মাজতে ৰাজ্যৰ ২৬ হাজাৰ নিযুক্তি পৰীক্ষাক লৈ সৃষ্টি হৈছে নতুন বিতৰ্কৰ । সামাজিক মাধ্যম টুইটাৰ যোগেদি নিযুক্তি প্ৰক্ৰিয়াত খেলিমেলি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ভিক্টৰ দাস নামৰ এজন ব্যক্তিয়ে ৷
ব্যক্তিজনে পষ্ট কৰাৰ লগে লগে সৰ্বত্ৰে তীব্ৰ চৰ্চাৰ সৃষ্টি হৈছে ৷ ভিক্টৰ দাস নামৰ টুইট যোগে কয় যে ,‘‘ নিযুক্তিক লৈ এক ডাঙৰ লবী চলি আছে আৰু একাংশ প্ৰাক্তন বিধায়ক এই কামৰ লগত জড়িত হৈছ আছে ৷ আৰম্ভ কৰিছে চাকৰিৰ দৰ–দাম । পদ অনুসৰি ৩ৰ পৰা ৮ লাখ টকালৈকে দাম উঠিছে চাকৰিৰ।’’ ভিক্টৰ দাসৰ টুইটত বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷
জি পি সিঙে যিসকল লোক এনে কাৰ্যত জড়িত আছে তেওঁলোকৰ সবিশেষ তথ্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে ।
ভিক্টৰ দাসে আন এটা টুইট কৰি সামাজিক মাধ্যমত তৃতীয় বৰ্গৰ পৰীক্ষাৰ প্ৰশ্ন হুবহু প্ৰকাশ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷ জ্ঞান টেক ফ’ৰ ইউ নামৰ এটা ইউটিউব চেনেলত অসমৰ তৃতীয় বৰ্গৰ চাকৰিৰ পৰীক্ষাৰ প্ৰশ্নকাকত পর্যালোচনা কৰাক লৈ সৃষ্টি হৈছে পুনৰ বিতর্কৰ । ইউটিউব চেনেলত প্ৰচাৰ হোৱা Grade-3 পৰীক্ষাৰ প্ৰশ্ন কাকতত অহা অংকৰ এটা পাই ডায়েগ্ৰামৰ চিত্ৰ হুবহু প্ৰকাশ কৰিছে। এই বিষয়ে টুইটাৰত ভিক্টৰ দাসে পোষ্ট কৰাৰ পিছতে সৃষ্টি হৈছে ৰহস্যৰ। পোষ্টটোত প্ৰশ্ন উত্থাপন কৰা হৈছে যে, পাই ডায়েগ্ৰামৰ চিত্ৰ হুবহু কেনেকৈ উপস্থাপন কৰিছে চেনেলটোৱে?
উল্লেখ্য যে , পৰীক্ষাৰ দিনা প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে প্ৰৱেশ আৰু প্ৰস্থানৰ সময়ত প্ৰতিজন প্ৰাৰ্থীকে তন্নতন্ন কৈ পৰীক্ষা কৰা হৈছিল । পৰীক্ষা হলৰ পৰা পৰীক্ষাৰ্থীসকলক হাতত প্ৰশ্ন কাকত আনিবলৈ দিয়া হোৱা নাছিল । ইমান কঠোৰ হোৱাৰ পিছতো ইউটিউব চেনেলটোৰ হাতত হুবহু কেনেকৈ পৰীক্ষাৰ প্ৰশ্ন কাকত আহিল? তাকে লৈ প্ৰশ্নৰ সৃষ্টি হৈছে ৷ নে পৰীক্ষাৰ পূৰ্বেই ফাদিল হৈছিল নেকি প্ৰশ্ন কাকত ? এনে অভিযোগৰ পিছত তৃতীয় বৰ্গৰ আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত অৱৰ্তীৰ্ণ হোৱা পৰীক্ষাৰ্থী সকলৰ মাজত এতিয়া দেখা দিছে তীব্ৰ আশংকা ৷