ডিজিটেল ডেস্ক, ১৭ অক্টোবৰ:২০২৪ চনৰ বাবে চৰকাৰী কৰ্মচাৰীৰ বন্ধৰ দিন ঘোষণা। বছৰটোত প্ৰায় ৫ মাহ বন্ধৰ দিন। ২০২৪ বৰ্ষটোত কিমান দিন বন্ধ লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে?
কেবিনেট সিদ্ধান্ত কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মন্তব্য
৩৬টা চৰকাৰী বন্ধ (গেজেটেড হলীডে), ৩০টা সীমিত বন্ধ (ৰেষ্ট্ৰিক্টেড হলীডে), দুটা অৰ্ধ ছুটী (দুয়োটা মিলাই এটা দিন)। ইয়াৰ উপৰি বছৰটোত থাকে ৫২টা দেওবাৰ আৰু ২৬টা দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ। এই আটাইকেইটা বন্ধৰ দিন লগ লগালে হ’ব ১৪৫দিন। অৰ্থাৎ ২০২৪ চনটোত প্ৰায় ৫ মাহ বন্ধ থাকিব চৰকাৰী কৰ্মচাৰীৰ বাবে
এই তালিকাখন আজিৰ কেবিনেটে অনুমোদন জনাইছে বুলি মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই। আনহাতে, আজিৰ কেবিনেটে বসুন্ধৰা–২ৰ জৰিয়তে ৰাজ্যৰ ১২৩টা খিলঞ্জীয়া পৰিয়ালক ভূমি প্ৰদানৰ বাবে অনুমোদন দিয়ে। নামনি অসমৰ ৫৫ হাজাৰ ভূমিহীন পৰিয়ালক ভূমিৰ পট্টা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
