অসমৰ ধুবুৰী জিলাৰ চাপৰত আদানী পাৱাৰ লিমিটেডৰ ৩,২০০ মেগাৱাট ক্ষমতা সম্পন্ন এক ‘আল্ট্ৰা-ছুপাৰক্ৰিটিকেল তাপ বিদ্যুৎ প্ৰকল্প’ৰ আধাৰশিলা স্থাপন কৰিলে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই।
প্ৰায় ৪৮,০০০ কোটি টকা ব্যয়সাপেক্ষ এই প্ৰকল্পটোৱে অসমৰ বিদ্যুৎ উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ লগতে নিৰ্মাণ কাৰ্যৰ সময়ত ২০,০০০ লোকৰ সংস্থাপন আৰু সম্পূৰ্ণৰূপে কাৰ্যক্ষম হ’লে প্ৰায় ৫,০০০ স্থায়ী চাকৰিৰ সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। উক্ত আধাৰশিলা স্থাপন অনুষ্ঠানত ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াববীয়া, বহুকেইজন বিশিষ্ট উদ্যোগী, স্থানীয় ৰাইজৰ প্ৰতিনিধিৰ লগতে আদানী গ্ৰুপৰ সঞ্চালক জিৎ আদানীও উপস্থিত থাকে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম অতি ক্ষিপ্ৰতাৰে উত্তৰ-পূবৰ শক্তি খণ্ডৰ প্ৰধান কেন্দ্ৰবিন্দু হিচাপে গঢ়ি উঠিছে আৰু কেইবাটাও বৃহৎ শক্তি প্ৰকল্পৰ কাম প্ৰক্ৰিয়াধীন হৈ আছে। তেওঁ উল্লেখ কৰে যে ৩,২০০ মেগাৱাটৰ চাপৰ বিদ্যুৎ প্ৰকল্পটো প্ৰকৃততে ‘এডভাণ্টেজ আছাম ইনভেষ্টৰ ছামিট ২.০’ৰ সফলতাক প্ৰতিফলিত কৰা এক গৌৰৱময় অধ্যায়। প্ৰায় ৪৮,০০০ কোটি টকা ব্যয়সাপেক্ষ এই প্ৰকল্পটো অসমৰ ইতিহাসত এতিয়ালৈকে হোৱা অন্যতম বৃহৎ একক বিনিয়োগ। ইয়াৰ দ্বাৰা কেৱল যে ব্যাপক কৰ্মসংস্থাপনৰ সৃষ্টি হ’ব তেনে নহয়, বৰঞ্চ ৰাজ্যখনৰ অৰ্থনৈতিক সক্ৰিয়তা আৰু SGST ৰাজহ সংগ্ৰহো বৃদ্ধি পাব। একে সময়তে থলুৱা উদ্যোগ আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলেও আদানী গ্ৰুপৰ এই ক্ৰমবৰ্ধমান বাণিজ্যিক নেটৱৰ্কৰ সৈতে জড়িত হৈ আগবাঢ়ি যোৱাৰ সোণালী সুযোগ লাভ কৰিব।
আদানী গ্ৰুপৰ সঞ্চালক জিৎ আদানীয়ে ভাষণ প্ৰসংগত কয় যে আজিৰ এই ঐতিহাসিক ক্ষণ আচলতে অসমৰ প্ৰগতিৰ ক্ষেত্ৰত এক নতুন অধ্যায়। তেওঁ উল্লেখ কৰে যে আদানী পাৱাৰে ৩,২০০ মেগাৱাটৰ এই বিদ্যুৎ প্ৰকল্পটোত প্ৰায় ৪৮,০০০ কোটি টকা বিনিয়োগ কৰিব। যাৰ জৰিয়তে ৰাজ্যখনৰ সৰ্বসাধাৰণ ৰাইজ, স্থানীয় ব্যৱসায় আৰু উদ্যোগসমূহলৈ সুলভ মূল্যত নিৰ্ভৰযোগ্য বিদ্যুৎ যোগান ধৰা সম্ভৱ হ’ব। ইয়াৰ উপৰিও এই বৃহৎ প্ৰকল্পটোৱে ব্যাপক নিয়োগৰ সুযোগ সৃষ্টি কৰাৰ লগতে থলুৱা ঠিকাদাৰ, যোগানকাৰী তথা স্থানীয় ব্যৱসায়ীসকলৰ বাবেও অৰ্থনৈতিক প্ৰগতিৰ নতুন পথ প্ৰশস্ত কৰিব। অসমৰ এই অৰ্থনৈতিক যাত্ৰাৰ অংশীদাৰ হ’বলৈ পাই আদানী গ্ৰুপ নথৈ গৌৰৱান্বিত বুলিও তেওঁ মন্তব্য কৰে।
