ডিজিটেল ডেস্ক ANEWS24X7: অন্ত পৰিল জনপ্ৰিয় ৰেপ চিংগাৰ হানি সিঙৰ ২০ বছৰীয়া দাম্পত্য জীৱনৰ ৷ শুক্ৰবাৰে অনুষ্ঠানিক ভাবে বিবাহ বিচ্ছেদ হয় জনপ্ৰীয় সংগীত শিল্পী গৰাকীৰ ৷ হানি সিঙে তেওঁৰ প্ৰাক্তন পত্নী শালিনী তলৱাৰত ভৰণপোষণৰ বাবে দিবলগীয়া হয় ১ কোটি টকাৰ ক্ষতিপূৰণ ৷ ২০২১ বৰ্ষত হানি সিঙৰ উপৰত ঘৰুৱা হিংসাৰ অভিযোগ উত্থাপন কৰিছিল শালিনীয়ে ৷ শালীনিয়ে হানিৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ অভিযোগ উত্থাপন কৰি এক গোচৰু ৰুজু কৰিছিল ৷
কেৱল ইমানে নহয় হানিৰ বিৰুদ্ধে বিত্তীয় অভিযোগো অনিছিল আৰু ২০ কোটি টকাৰ ক্ষতিপূৰণ দাবী কৰিছিল ৷ এই সন্দৰ্ভত হানি সিঙে কয় যে ,”এই সকলো বোৰ অভিযোগ সম্পূৰ্ণ মিছা। মোৰ ২০ বছৰীয়া সঙ্গীয়ে মোক অপ্ৰয়োজনীয়ভাৱে হাৰাশাস্তি কৰি আছে।” উল্লেখ্য যে বৃহস্পতিবাৰে হানি সিং আৰু শালিনী তলৱাৰে দিল্লীৰ চাকেত আদালতত মধ্যস্থতাৰ প্ৰক্ৰিয়াৰ সময়ত বুজাবুজি কৰি এক মীমাংসাত উপনীত হৈছিল।