জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সোমবাৰে জুবিনক্ষেত্ৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে জুবিন গাৰ্গ ফেন ক্লাবে। হাতে হাতে প্লে’কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে জুবিনৰ অনুৰাগীসকলে। প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি ন্যায় প্ৰক্ৰিয়াক লৈ গভীৰ ক্ষোভ প্ৰকাশ কৰে গৰিমা শইকীয়া গাৰ্গে।
গৰিমা শইকীয়া গাৰ্গে কয়, ‘‘ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা ৰাখি আমি এটা বছৰ পাৰ কৰিলোঁ। ভাবিছিলোঁ, সকলো সঠিক দিশত আগবাঢ়িব। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সদনত সজোৰে ঘোষণা কৰিছিল যে জুবিন গাৰ্গৰ হত্যাকাণ্ড সংঘটিত হৈছে। আমি ভাবিছিলোঁ, তেওঁৰ হাতত এই সন্দৰ্ভত সম্পূৰ্ণ তথ্য-প্ৰমাণ আছে। এছ আই টিয়েও পানী নসৰকা অভিযোগনামা প্ৰস্তুত কৰা বুলি কৈছিল। কিন্তু সেই অভিযোগনামাত ইমান সুৰুঙা ওলাল যে ভাৰতীয় ন্যায় সংহিতাৰ ১০৩ নং ধাৰাত অভিযুক্ত হৈ থকা এজনেও জামিন লাভ কৰিলে।
আমি আইন নাজানো। আমি কেৱল জুবিনৰ সৈতে হোৱা অন্যায়ৰ ন্যায় বিচাৰিছিলোঁ। কিন্তু তাৰ পৰিৱৰ্তে সুৰুঙা থকা অভিযোগনামা লাভ কৰিম বুলি ভবা নাছিলোঁ। ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা ৰাখি আমি শান্তিপূৰ্ণভাৱে অপেক্ষা কৰি আছিলোঁ। কিন্তু মূল অভিযুক্তসকলৰ মাজৰ এজন কেনেকৈ মুকলি হ’ব পাৰিলে? এতিয়া দেখোন নাৱৰ তলিয়েই ফুটা।
এতিয়া ৰাইজে জুবিনৰ ন্যায়ৰ বাবে আগবাঢ়ি আহক। আমাক ন্যায় লাগে। অভিযুক্তসকলে যাতে ৰেহাই নাপায়, সেয়া আমি বিচাৰোঁ। আজি আমি সকলোৱে আস্থাহীনতাত ভুগিছোঁ। সকলো সঠিক দিশত আগবাঢ়িব বুলি আমি আশা কৰিছিলোঁ। ইমান সবল বুলি কোৱা অভিযোগনামাত সুৰুঙা কেনেকৈ থাকি গ’ল?
