ৰাহুল গান্ধীক লৈ পুনৰ সৰৱ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। লোকসেৱা ভৱনত সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি ৰাহুল গান্ধীৰ ভোট চুৰিৰ অভিযোগ, নিৰ্বাচন আয়োগৰ ভূমিকা আৰু বিশেষ ভোটাৰ তালিকা সংশোধন প্ৰক্ৰিয়া (SIR)ক লৈ কেইবাটাও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
সংবাদমেলত ৰাহুল গান্ধীক ‘ডিমাগী নক্সাল’ আখ্যা দিয়াৰ লগতে তেওঁৰ বিৰুদ্ধে বিদেশী শক্তিৰ প্ৰভাৱত কাম কৰাৰ অভিযোগো উত্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘ৰাহুল গান্ধীয়ে আজি দিনটো দিল্লীত তামাচা কৰি আছে। দুদিন পূৰ্বেও একেই কৰিছিল। মই প্ৰশ্ন কৰিছো, যি নিৰ্বাচনৰ জৰিয়তে মোদী প্ৰধানমন্ত্ৰী হ’ল সেই একেই নিৰ্বাচনৰ জৰিয়তে আপুনি বিৰোধী দলপতি হ’ল। মোৰ প্ৰশ্ন হ’ল আপুনিও ভোট চুৰি কৰি বিৰোধী দলপতি হ’ল।
‘‘যদি অসম, পশ্চিম বংগ নিৰ্বাচন ভোট চুৰি কৰি হৈছে তেন্তে কেৰালাম, তামিলনাডুৰ নিৰ্বাচন কেনেকৈ শুদ্ধ হ’ল। সাংবিধানিক প্ৰতিষ্ঠানসমূহক ভাবুকি দি আছে ৰাহুল গান্ধীয়ে। প্ৰথমে নিৰ্বাচন আয়োগ, আজি সৰ্বোচ্চ ন্যায়ালয়ক ধমকি দিবলৈ চেষ্টা কৰিছে ৰাহুল গান্ধীয়ে।’’
মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘মই ৰাহুল গান্ধীক চেলেঞ্জ কৰিছোঁ, জ্ঞানেশ কুমাৰৰ সময়ত আপোনাৰ দলৰ বা সমৰ্থনৰ চৰকাৰ হ’ল তেওঁলোকক পদত্যাগ কৰিবলৈ দিয়ক। লগতে আপুনি ঘোষণা কৰক জ্ঞানেশ কুমাৰ থাকিলে আগন্তুক উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, মণিপুৰ, গোৱাত নিৰ্বাচন নেখেলোঁ। যি সাংসদে নাটক কৰি আছে একে নিৰ্বাচনৰ জৰিয়তে সাংসদ হৈছে। যদি আপুনি জিকিলে EVM ভাল, আমি জিকিলে কেনেকৈ বেয়া। গতিকে আপুনি ঘোষণা কৰক জ্ঞানেশ কুমাৰ থাকিলে আমি নিৰ্বাচন নেখেলোঁ। দম আছে যদি ঘোষণা কৰক, জিকিলে আমি শপত নলওঁ কাৰণ ভোট চুৰি কৰি নিৰ্বাচন হৈছে।’’
‘‘অসম, পশ্চিম বংগৰ, বিহাৰৰ জনগাঁথনি বহুত সলনি হ’ল। প্ৰতিদিনে বাংলাদেশৰ পৰা মানুহ আহিবলৈ চেষ্টা কৰি আছে। এনে ক্ষেত্ৰত দেশত SIR নহ’লে ভোটাৰ তালিকাত থকা লাখ লাখ বিদেশী নাম কেনেকৈ কৰ্তন হ’ব। অসম, পশ্চিম বংগ, বিহাৰত যি দৰে জনগাঁথনি সলনি হৈছে আমাক প্ৰতি ৫ বছৰত SIR দৰকাৰ আছে।’’
