Monday, July 7, 2025
Homeঅসম'চগাৰ পাখি গজে মৰিবলৈ, উৰিবলৈ নহয়, ঠিক সেইদৰে বিজেপিৰ পাখি গজিছে'

‘চগাৰ পাখি গজে মৰিবলৈ, উৰিবলৈ নহয়, ঠিক সেইদৰে বিজেপিৰ পাখি গজিছে’

গুৱাহাটী, ২৮ নৱেম্বৰঃ লোকসভা নিৰ্বাচনৰ প্রাকক্ষণত ‘কা’ সন্দৰ্ভত কেন্দ্রীয় গৃহ ৰাজ্যমন্ত্রী অজয় মিশ্ৰই কৰা মন্তব্যৰ পিছতেই উত্তাল হৈ পৰিছে দেশৰ ৰাজনৈতিক পৰিবেশ। অসমত কোনো কাৰণতে ‘কা’ কার্যকৰী হ’ব নিদিয়াৰ হুংকাৰ অসম তৃণমূল কংগ্রেছৰ। অসম তৃণমূল কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই ‘কা’ কার্যকৰী কৰিব বিচৰা বিষয়টো অসম আৰু অসমীয়াৰ আৱেগ, স্বাভিমানক কৰা চূড়ান্ত অপমান বুলি উল্লেখ কৰে।

নিজৰ প্রতিক্রিয়া প্রকাশ কৰি অসম তৃণমূল কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই কয় যে, “এয়া বিজেপি চৰকাৰৰ ধ্বংসৰ আগজাননী, বিৰোধীৰ উত্থানত বিজেপি শংকিত হৈ ভয় আৰু শংকাতেই এনেধৰণৰ কথা কৈ আছে। আমি অসমীয়াই কোনোপধ্যেই ‘কা’ মানি লাব নোৱাৰোঁ। ‘কা’ৰ বিৰুদ্ধে কৰা প্ৰতিবাদত আমি অসমীয়াই পাঁচগৰাকীকৈ নিৰীহক হেৰুৱালো, তাৰ পিছতো যদি বিজেপিয়ে কা কার্য্যকৰী কৰাৰ কথা কবলৈ সাহস কৰিছে, এয়া অসম আৰু অসমীয়াৰ আৱেগ আৰু স্বাভিমানক কৰা চুড়ান্ত অপমান আৰু ভেঙুচালি। এইবাৰ বিজেপি চৰকাৰৰ পতন নিশ্চিত।

‘চগাৰ পাখি গজে মৰিবলৈ, উৰিবলৈ নহয়, ঠিক সেইদৰে বিজেপিৰ পাখি গজিছে। প্রত্যেক দিনাই বিজেপিয়ে নতুন নতুন বিতৰ্কৰ সূচনা কৰি দেশৰ পৰিস্থিতি বিনষ্ট কৰাৰ লগতে অন্যান্য গুরুত্বপূর্ণ বিষয়বস্তু বোৰৰ পৰা জনসাধাৰণৰ দৃষ্টি অন্যদিশে নিবলৈ চেষ্টা কৰি আহিছে, সাধাৰণ জনগনক বিজেপিয়ে মূর্খ বুলি ভাবিছে। পূর্বৰ নির্বাচনত বিজেপিয়ে ‘কা’ বলবৎ কৰাৰ কথা কৈছিল, এইবাৰ তেওঁলোকে ‘কান অধিনিয়ম প্রস্তুত কৰাৰ কথা কৈছে।

তেওঁলোকে এনেধৰনৰ এক জাতি ধ্বংসী আইনক নির্বাচনৰ আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছে। কো’ আন্দোলনত নিহত পঞ্চ শ্বহীদৰ প্রতি তিলমাত্রাও শ্রদ্ধা নাই বিজেপি চৰকাৰ খনৰ, ধিক্কাৰ বিজেপি চৰকাৰ। বিদেশীৰ কোনো জাতি নাই, কোনো ধর্ম নাই। বিজেপিয়ে হিন্দু বিদেশীৰ নামত ৰাজনীতি কৰিছে, ধর্মীয় মেঝকৰণ কৰিছে। যদি ইমানেই বিজেপিৰ বিদেশীৰ প্রতি দৰদ তেন্তে সেই বিদেশীক নবেন্দ্র মোডী বা অমিত শ্বাহৰ নিজৰ ৰাজ্যত ৰাখক কিন্তু অসমত নহয়। আমি অসম তৃণমূল কংগ্রেছে অসম আৰু অসমীয়াৰ অস্তিত্বৰ প্রতি ভাবুকি অনা কোনো অপশক্তিকে সফল হ’বলৈ নিদিও। অনাগত সময়ত অসম আৰু অসমীয়াৰ স্বাৰ্থত জংগী আন্দোলন কৰিবলৈও আমি প্রস্তুত।”

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments