Monday, July 7, 2025
Homeৰাষ্ট্ৰীয়অন্ধ্ৰ উপকূলত প্ৰভাৱ ঘূৰ্ণীবতাহ মিচাউঙৰ, ঘণ্টাত ১১০ কিলোমিটাৰ বেগত বতাহ, প্ৰচণ্ড বৰষুণ

অন্ধ্ৰ উপকূলত প্ৰভাৱ ঘূৰ্ণীবতাহ মিচাউঙৰ, ঘণ্টাত ১১০ কিলোমিটাৰ বেগত বতাহ, প্ৰচণ্ড বৰষুণ

ডিজিটেলল ডেস্ক, ৫ ডিছেম্বৰ: মঙলবাৰে বিয়লি অন্ধ্ৰ প্ৰদেশ উপকূলৰ সমীপত ঘূৰ্ণীবতাহ মিচাউংৰ স্থলপথত প্ৰৱেশ প্ৰক্ৰিয়া আৰম্ভ হয়। স্থলপথত প্ৰৱেশৰ সমগ্ৰ প্ৰক্ৰিয়াটো তিনি ঘণ্টা ধৰি চলিব বুলি আশা কৰা হৈছে। এই ভয়াৱহ ঘূৰ্ণীবতাহৰ বাবে মঙলবাৰে বিয়লি অন্ধ্ৰ প্ৰদেশৰ বাপাটলাৰ ওচৰৰ নেল্লোৰ আৰু মাচিলিপট্টনমৰ মাজত স্থলপথত প্ৰৱেশ কৰে। বতৰ ব্যৱস্থাই বিগত দুঘণ্টাত সমগ্ৰ অন্ধ্ৰপ্ৰদেশ, পুডুচেৰী, আৰু তামিলনাডুৰ কেইবাঠাইতো প্ৰচণ্ড বৰষুণ আনিছে।

মিচাউঙ ঘূৰ্ণীবতাহৰ প্ৰভাৱ মোকাবিলা কৰিবলৈ অন্ধ্ৰ উপকূলত মুঠ ২৯টা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ দল মোতায়েন কৰা হৈছে।

চেন্নাইত সোমবাৰে ঘূৰ্ণীবতাহ মিচাউঙৰ প্ৰভাৱত হোৱা প্ৰবল বৰষুণৰ ফলত পথসমূহ নদীলৈ পৰিণত হোৱাৰ লগতে বাহনসমূহ উটুৱাই নিয়াৰ ফলত কৰ্তৃপক্ষই শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰিবলৈ বাধ্য হয়। ব্যক্তিগত কাৰ্যালয়সমূহে নিজৰ কৰ্মচাৰীসকলক পৰিস্থিতিৰ উন্নতি নোহোৱালৈকে ঘৰৰ পৰাই কাম কৰিবলৈ কয়। বৰষুণৰ লগতে প্ৰচণ্ড বতাহে গছ-গছনি, দেৱাল আৰু বিদ্যুতৰ খুঁটা আদি তললৈ নমাই আনিলে। তামিলনাডুৰ ৰাজধানীত বৰষুণ সম্পৰ্কীয় ঘটনাত ৮ জন লোকৰ মৃত্যু হয়।

চৰকাৰী চিকিৎসালয়ত বানপানীৰ পানী প্ৰৱেশ কৰাৰ ফলত স্বাস্থ্যসেৱা সাময়িকভাৱে বন্ধ হৈ পৰে, আনহাতে মেট্ৰ’ ষ্টেচনত পানী জমা হোৱাৰ ঘটনাও দেখা গৈছিল। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এটা ডকাইতৰ কুমিৰে ডুব যোৱা পথ এটা পাৰ হৈ যোৱাৰ ভিডিঅ’। ধাৰাবাহিক বৰষুণৰ ফলত বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ লগতে ইণ্টাৰনেটৰ ব্যাঘাত জন্মে।

এই ঘূৰ্ণীবতাহে পৰিবহণ সেৱাত আঘাত হানে, কেইবাখনো ৰে’ল আৰু বিমান বাতিল হয়। মঙলবাৰে পুৱা ৯ বজালৈকে বিমান সেৱাৰ সুবিধা নথকাৰ বাবে চেন্নাই বিমানবন্দৰৰ ৰাণৱে প্লাৱিত হোৱাৰ ফলত যাত্ৰীসকলৰ বিশৃংখলতাৰ লগতে অসুবিধাৰ সৃষ্টি হয়।

তামিলনাডু চৰকাৰে চেন্নাই, কাঞ্চিপুৰম, তিৰুভাল্লুৰ আৰু চেংগালপট্টু জিলাত সোমবাৰ আৰু মঙলবাৰে চৰকাৰী বন্ধ ঘোষণা কৰে যদিও নিশালৈকে বৰষুণৰ তীব্ৰতা কিছু হ্ৰাস পালে। বিগত ২৪ ঘণ্টাত চেন্নাইৰ পেৰুংগুডীত ২৯ চে:মি: বৰষুণ হোৱাৰ বিপৰীতে তিৰুভাল্লুৰ জিলাৰ অৱদিত ২৮ চে:মি: আৰু চেংগালপেটৰ মামল্লাপুৰমত ২২ চে:মি: বৰষুণ হৈছে।

তামিলনাডুৰ চেন্নাই, তিৰুৱল্লুৰ, চেংগালপট্টু, কাঞ্চীপুৰম, ৰানিপেট, ভেল্লোৰ, তিৰুপট্তুৰ, তিৰুৱন্নমলাই, ভিল্লুপুৰম আৰু কন্যাকুমাৰী জিলাত অহা তিনি ঘণ্টাৰ বাবে লঘু ধুমুহা আৰু বজ্ৰপাতৰ লগতে মধ্যমীয়া বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে।

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে সোমবাৰে কয় যে ঘূৰ্ণীবতাহ মিচাঙে স্বাভাৱিক জীৱনত ব্যাঘাত জন্মোৱাৰ পিছত তেওঁৰ চৰকাৰে যুদ্ধৰ ভিত্তিত সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি আছে।

তেওঁ কয় যে বৰষুণ ক্ষতিগ্ৰস্ত অঞ্চলত সাহায্য ব্যৱস্থা তৎকালীনভাৱে কাৰ্যকৰী কৰা হৈছে, প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে আৰক্ষী, অগ্নিনিৰ্বাপক, উদ্ধাৰকে ধৰি বিভিন্ন বিভাগীয় কৰ্মীক বৃহৎ সংখ্যক মোতায়েন কৰা হৈছে।

ষ্টেলিনে কয় যে বিদ্যুৎ মন্ত্ৰী থাংগাম থেন্নাৰাছুৰ তত্বাৱধানত প্ৰায় ৮৫৯০ জন বিদ্যুৎ ব’ৰ্ডৰ কৰ্মীয়ে বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত জিলাসমূহত বিদ্যুৎ পুনৰুদ্ধাৰৰ কামত নিয়োজিত হৈ আছে।

নিম্নভূমি অঞ্চলৰ বাসিন্দাসকলক সহায় কৰিবলৈ মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে উদ্ধাৰ অভিযানৰ বাবে ৩৫০খন নাও সাজু কৰা হৈছে, আনহাতে চিকিৎসাৰ ব্যৱস্থা আৰু বৰষুণজনিত ৰোগৰ সংক্রমণ ৰোধৰ বাবে ৪৩২০গৰাকী চিকিৎসকক নিযুক্তি দিয়া হৈছে৷

তামিলনাডু চৰকাৰে ৰাজ্যখনৰ আঠটা স্থানত মুঠ ২৩৬টা সাহায্য শিবিৰ স্থাপন কৰি আজিলৈকে ৯,৬৩৪ জন লোকক খাদ্য, পানী, আৰু অন্যান্য মৌলিক সুবিধা প্ৰদান কৰিছে। সোমবাৰে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে ওচৰ চাপি অহা ঘূৰ্ণীবতাহৰ মাজত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত হোৱা ক্ষতিৰ সন্দৰ্ভত তদন্ত কৰাৰ লগতে চলি থকা সাহায্য আৰু উদ্ধাৰ অভিযান আৰু ধুমুহাৰ তৎক্ষণাত পৰিণতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যখনৰ প্ৰস্তুতিৰ বুজ লয়। ৰাজ্যৰ মন্ত্ৰী ছেকৰ বাবু, কে এন নেহৰু, আৰু ই ভি ভেলু আৰু ডি এম কেৰ বিধায়ক ড০ এঝিলান, কৰুণানিধি, ই পৰন্দমন আৰু এছ অৰবিন্দ ৰমেশক ফোন কলৰ জৰিয়তে সাহায্য শিবিৰত আশ্ৰয় লৈ থকা সাধাৰণ নাগৰিকক প্ৰদান কৰা খাদ্য আৰু অন্যান্য সা-সুবিধাৰ বিষয়েও সোধা-পোছা কৰে।

চুবুৰীয়া ৰাষ্ট্ৰ অন্ধ্ৰ প্ৰদেশতো বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হয়, কাৰণ বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী তিনিদিনত ৰাজ্যখনৰ কিছু অংশত ধুমুহাৰ সৈতে অধিক প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী দিছিল। অবিৰত বৰষুণৰ বাবে তিৰুমালা তিৰুপতি দেৱস্থানম (টিটিডি)য়ে শ্ৰী কপিলাথিৰথম জলপ্ৰপাতত ভক্তক গা ধোৱাৰ অনুমতি সাময়িকভাৱে অস্বীকাৰ কৰিছে।

ঘূৰ্ণীবতাহ মিচাউঙে সৃষ্টি কৰা প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ ৰে’ল মন্ত্ৰালয়ে চেন্নাইত জৰুৰীকালীন নিয়ন্ত্ৰণ কোষ আৰু নতুন দিল্লীৰ ৰে’ল ভৱনত যুদ্ধ কক্ষ স্থাপন কৰিছে।

“ভাৰতীয় ৰে’লৱে ঘূৰ্ণীবতাহ সম্পৰ্কীয় দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰস্তুতিৰ অংশ হিচাপে সংমণ্ডল/মুখ্য কাৰ্যালয় পৰ্যায়ত এটা জৰুৰীকালীন নিয়ন্ত্ৰণ কোষ স্থাপন কৰিছে য’ত প্ৰতিটোতে অপাৰেটিং, কমাৰ্চিয়েল, ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল, চিগনেল/টেলিকমিউনিকেচন, ছিকিউৰিটি ইত্যাদি শাখাৰ বিষয়া আছে।” শ্বিফ্ট কৰি ২৪ ঘণ্টাই নিৰীক্ষণ কৰিব আৰু ৰে’ল পৰিচালনাৰ সৈতে জড়িত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।’-মন্ত্ৰালয়ে এক বিবৃতিত কয়।

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments