Sunday, November 29, 2026
Homeৰাজনৈতিকলোকসভাৰ আসন ৫৪৩ৰ পৰা ৮৫০লৈ বৃদ্ধিৰ প্ৰস্তাৱ!

লোকসভাৰ আসন ৫৪৩ৰ পৰা ৮৫০লৈ বৃদ্ধিৰ প্ৰস্তাৱ!

দেশৰ ৰাজনৈতিক আৰু সাংবিধানিক ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰীয় চৰকাৰে। লোকসভাৰ আসনৰ সংখ্যা বৰ্তমানৰ ৫৪৩খনৰ পৰা সৰ্বাধিক ৮৫০খনলৈ বৃদ্ধি কৰাৰ লগতে মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ কাৰ্যকৰী কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে আহ্বান জনাইছে সংসদৰ বিশেষ অধিৱেশন।

এই বিশেষ অধিৱেশন ৩০ নৱেম্বৰ, সোমবাৰৰ পৰা আৰম্ভ হ’ব। আনহাতে, ৰাজ্যসভাৰ বৈঠক ২ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হোৱাৰ কথা। চৰকাৰৰ সূচী অনুসৰি ৩ ডিচেম্বৰলৈকে সংসদৰ এই বিশেষ বৈঠক চলিব পাৰে।

উল্লেখযোগ্য যে কেন্দ্ৰীয় কেবিনেটে ইতিমধ্যে সংবিধানৰ ১৩২ সংখ্যক সংশোধনী বিধেয়ক, ২০২৬ আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কীয় দ্বিতীয় বিধেয়কত অনুমোদন জনাইছে। এই বিধেয়কসমূহ সংসদত উত্থাপনৰ প্ৰস্তুতি চলোৱা হৈছে।

এই প্ৰস্তাৱৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ হৈছে লোকসভাৰ আসনৰ সংখ্যা বৃদ্ধি। বৰ্তমান লোকসভাত ৫৪৩খন নিৰ্বাচিত আসন আছে। নতুন প্ৰস্তাৱ অনুসৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আসনৰ সংখ্যা ৫০ শতাংশকৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে। সংবিধান সংশোধনীৰ প্ৰস্তাৱত লোকসভাৰ সৰ্বাধিক সদস্য সংখ্যা ৮৫০লৈ বৃদ্ধি কৰাৰ কথা উল্লেখ কৰা হৈছে।

ইয়াৰ লগতে মহিলাৰ বাবে সংসদ আৰু ৰাজ্যিক বিধানসভাসমূহত ৩৩ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

মন কৰিবলগীয়া যে ২০২৩ চনত সংসদত গৃহীত হৈছিল নাৰী শক্তি বন্দন অধিনিয়ম। এই আইনৰ জৰিয়তে লোকসভা, ৰাজ্যিক বিধানসভা আৰু দিল্লীৰ বিধানসভাত মহিলাৰ বাবে এক-তৃতীয়াংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু ইয়াৰ কাৰ্যকৰীকৰণ জনগণনা আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ সৈতে জড়িত আছিল।

এতিয়া নতুন সংবিধান সংশোধনী বিধেয়কৰ জৰিয়তে এই প্ৰক্ৰিয়া আগুৱাই নিয়াৰ চেষ্টা কৰিছে কেন্দ্ৰীয় চৰকাৰে। চৰকাৰৰ লক্ষ্য হৈছে ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেই মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰা।

অৱশ্যে এই বিষয়টোক কেন্দ্ৰ কৰি দেশৰ ৰাজনৈতিক মহলত আৰম্ভ হৈছে ব্যাপক আলোচনা। বিশেষকৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াত বিভিন্ন ৰাজ্যৰ প্ৰতিনিধিত্বৰ অনুপাত কেনেদৰে নিৰ্ধাৰণ কৰা হ’ব, সেই বিষয়টোক লৈ বিৰোধী দলসমূহে প্ৰশ্ন উত্থাপন কৰিছে।

বিৰোধী পক্ষৰ একাংশই দাবী কৰিছে যে মহিলাৰ আসন সংৰক্ষণ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বৰ্তমানৰ ৫৪৩খন আসনৰ ভিতৰতে ৩৩ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। আনহাতে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে ৰাজ্যসমূহৰ ৰাজনৈতিক প্ৰতিনিধিত্বৰ ওপৰত কি প্ৰভাৱ পৰিব, সেই বিষয়েও আলোচনা চলিছে।

ইফালে, সংবিধান সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ সংসদত বিশেষ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন হ’ব। সেয়েহে চৰকাৰৰ বাবে বিৰোধী দলসমূহৰ সমৰ্থন লাভ কৰাটোও এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে।

এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ থাকিব ৩০ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বিশেষ অধিৱেশনৰ ওপৰত। এই বিধেয়কসমূহ সংসদত উত্থাপনৰ পিছত শাসকীয় আৰু বিৰোধী পক্ষৰ মাজত কি ধৰণৰ আলোচনা হয়, বিধেয়কসমূহে কিমান সমৰ্থন লাভ কৰে আৰু শেষত কি সিদ্ধান্ত গ্ৰহণ কৰা হয়, সেয়া হ’ব লক্ষ্যণীয়।

লোকসভাৰ আসন বৃদ্ধি আৰু মহিলাৰ ৰাজনৈতিক প্ৰতিনিধিত্বৰ এই প্ৰস্তাৱে আগন্তুক দিনত ভাৰতৰ সংসদীয় ৰাজনীতিত কি ধৰণৰ পৰিৱৰ্তন আনে, সেয়া সময়েহে ক’ব

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments