Saturday, November 28, 2026
Homeৰাজনৈতিক‘নেপাল অবিহনে আমাৰ ৰাম আধৰুৱা’!

‘নেপাল অবিহনে আমাৰ ৰাম আধৰুৱা’!

নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহ দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে। আজি তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আনুষ্ঠানিক বৈঠকত মিলিত হয়। এই বৈঠকৰ সময়তে প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে অযোধ্যাৰ পৰা জনকপুৰ ধামলৈ পোনপটীয়া ৰে’ল সেৱাৰ শুভাৰম্ভ কৰে। এই দুয়োখন চহৰৰ মাজত এতিয়াৰে পৰা চলাচল কৰিব সৰযূ-কমলা এক্সপ্ৰেছ।

ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু নেপালৰ প্ৰধানমন্ত্ৰীৰ মাজত হোৱা আলোচনাৰ সময়ত দুয়োখন দেশৰ মাজত ৮খন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয়।ভাৰতৰ গান্ধীনগৰস্থিত নেশ্যনেল ফৰেনছিক ছায়েন্সেছ ইউনিভাৰ্ছিটি আৰু নেপাল আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ মাজত শৈক্ষিক আৰু গৱেষণামূলক সহযোগিতাৰ চুক্তি।

ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয় আৰু নেপালৰ নেশ্যনেল পুলিচ একাডেমী (NPA)ৰ মাজত সহযোগিতাৰ চুক্তি।
 ভাৰত চৰকাৰৰ নেশ্যনেল চেণ্টাৰ ফৰ গুড গভৰ্নেন্স আৰু নেপালৰ এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজৰ মাজত নেপালৰ অসামৰিক সেৱাৰ বিষয়াসকলৰ দক্ষতা বিকাশৰ প্ৰশিক্ষণ কাৰ্যসূচী সম্পৰ্কীয় চুক্তি।
 ভাৰত চৰকাৰ আৰু নেপাল চৰকাৰৰ মাজত আয়ুৰ্বেদ আৰু অন্যান্য পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ ক্ষেত্ৰত সহযোগিতাৰ চুক্তি।
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) আৰু নেপালৰ তথ্য আৰু যোগাযোগ মন্ত্ৰণালয়ৰ মাজত দক্ষিণ এছিয়া উপগ্ৰহৰ ব্যৱহাৰৰ বাবে ছেটেলাইট কমিউনিকেশ্যন (SATCOM) নেটৱৰ্ক স্থাপনৰ চুক্তি।
 ভাৰত চৰকাৰ আৰু নেপাল চৰকাৰৰ মাজত বহনক্ষম নগৰ উন্নয়নৰ ক্ষেত্ৰত কাৰিকৰী সহযোগিতাৰ চুক্তি।
ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয় আৰু নেপালৰ স্বাস্থ্য আৰু খাদ্য সুৰক্ষা মন্ত্ৰণালয়ৰ মাজত স্বাস্থ্য আৰু চিকিৎসা ক্ষেত্ৰত সহযোগিতাৰ চুক্তি।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘আগষ্ট মাহত নেপালত হোৱা ভয়াৱহ বানপানীৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে আমি গভীৰ সমবেদনা প্ৰকাশ কৰিছোঁ। নেপালৰ পুনৰনিৰ্মাণ আৰু দীৰ্ঘম্যাদী উন্নয়নক নতুন গতি প্ৰদান কৰাৰ উদ্দেশ্যে আজি আমি ২৪ হাজাৰ কোটি নেপালী টকাৰ উন্নয়ন সহযোগিতা পেকেজ ঘোষণা কৰিছোঁ।’
‘ভাৰত আৰু নেপালৰ সম্পৰ্ক উমৈহতীয়া ইতিহাস, বিশ্বাস, সংস্কৃতি আৰু দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ গভীৰ সম্পৰ্কৰ সূতাৰে গঁথা। ভগৱান ৰাম আৰু মাতা সীতা আমাৰ উমৈহতীয়া সভ্যতা আৰু বিশ্বাসৰ প্ৰতীক।’
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments