Saturday, November 28, 2026
Homeঅসমপ্ৰতিগৰাকী মৃতকৰ পৰিয়াললৈ ২ লাখ টকাকৈ সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

প্ৰতিগৰাকী মৃতকৰ পৰিয়াললৈ ২ লাখ টকাকৈ সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

কাজিৰঙাৰ ৰঙাজানৰ ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ। এই শোকাৱহ দুৰ্ঘটনাত বহু লোকৰ প্ৰাণহানিৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দুৰ্ঘটনাত নিহত প্ৰতিগৰাকী লোকৰ পৰিয়ালৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ (PMNRF) পৰা ২ লাখ টকাকৈ এককালীন আৰ্থিক সাহায্য ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীয়ে। আনহাতে, আহতসকলক ৫০ হাজাৰ টকাকৈ সাহায্য প্ৰদান কৰা হ’ব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments