সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিনিধি সন্মিলনক কেন্দ্ৰ কৰি সোমবাৰে সৰুসজাই ষ্টেডিয়ামত সমৱেত হ’ল ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিনিধি। আছুৰ সংবিধানৰ ৬০ বছৰীয়া যাত্ৰাৰ এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল সংগঠনটোৰ কৰ্মী আৰু প্ৰতিনিধিসকল।
‘‘আছু উপাৰ্জনৰ নহয়, আছু সমৰ্পণৰ নাম’’ বুলি উল্লেখ কৰি সভাপতি উৎপল শৰ্মাই কয় যে একাংশ লোকে আছুক দুৰ্বল কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। আছু দুৰ্বল হ’লে বহিৰাগত আৰু বাংলাদেশীৰ সুবিধা হ’ব বুলিও মন্তব্য কৰে আছুৰ সভাপতিগৰাকীয়ে। সংগঠনটোৰ বিৰুদ্ধে কুৎসা ৰচনা আৰু অপপ্ৰচাৰ চলাই থাকিলেও ষড়যন্ত্ৰৰ ছাতি লৈ সংগ্ৰামৰ সূৰ্যক ঢাকিব নোৱাৰি বুলি দৃঢ়তাৰে কয় সভাপতিগৰাকীয়ে।আছুক চান্দাজীৱি সংগঠন বুলি কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দি উৎপল শর্মা কয় যে ৰাইজৰ কাম কৰিবলৈ আছুৱে চান্দা ল’বই লাগিব। আছু নেতা সৃষ্টি কৰা সংগঠন নেকি বুলি উত্থাপিত প্ৰশ্নৰো উত্তৰ দিয়ে সভাপতিগৰাকীয়ে।
