ডিজিটেল ডেস্ক, ৬ডিছেম্বৰ: এক চাঞ্চল্যকৰ পৰিঘটনা। ডিব্ৰুগড় জিলাৰ অন্তৰ্গত নাহৰকটিয়াৰ এগৰাকী সাংবাদিকে নিষিদ্ধ উগ্ৰপন্থী সংগঠন আলফা (স্বা)ত যোগদান কৰাৰ খবৰ আহিছে।
বিদ্যুৎ মহন্ত নামৰ স্থানীয় দৈনিক কাকতৰ সাংবাদিকজনে ফেচবুকত অসমীয়াত এটা দীঘলীয়া পোষ্ট লিখি নিষিদ্ধ উগ্ৰপন্থী সংগঠনটোত যোগদানৰ কথা প্ৰকাশ কৰে।
সাংবাদিকগৰাকীয়ে আলফা (স্বা)ত যোগদান কৰাৰ পিছতে অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
অক্টোবৰ মাহত ডিব্ৰুগড়ৰ বৰপথাৰৰ এজন যুৱকে উগ্ৰপন্থী সংগঠনত যোগদান কৰিছিল। ব্যক্তিজন ডিব্ৰুগড়ৰ দামোইখাটিৰ বাসিন্দা পলাশ কোঁৱৰ বুলি জানিব পৰা গৈছে।