Thursday, November 7, 2024
Homeৰাশিফলকোন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ

কোন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ

মেষ ৰাশি:
সন্তান আপোনাৰ মতে নচলিব যাৰ বাবে আপুনি খঙাল হৈ যাব পাৰে। আপোনাক নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰখা উচিত,কাৰণ খঙ সকলোৰে বাবে হানিকাৰক আৰু ই বুজিবৰ ক্ষমতাক শেষ কৰি দিয়ে, অকল সমস্যা বাঢ়ি যায়। গহনা আৰু পূৰণি ঐতিহাসিক বস্তুৰ ব্যৱসায়ত ধন নিৱেশ কৰিলে লাভান্বিত হব আৰু সমৃদ্ধবান হব। যাৰ লগত আপুনি থাকে ,তেখেতৰ লগত বাদ-বিবাদ কৰাৰ পৰা বিৰত থাকক,যদি কোনো সমস্যা আছে তেন্তে সেই বিষয় শান্তিৰে আলোচনা কৰি সমাধান কৰক। আজি আপোনাৰ প্ৰেমৰ মিঠা জীৱনত বিয়পি পৰা চাব । আজি ঘৰত হৈ থকা অনুষ্ঠান এটাৰ বাবে আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন সংগিনী মৌতকৈও বহুত মিঠা। আপোনাৰ প্ৰিয়জনৰ লগত চিনেমা চালে আপোনাৰ দিন আমেজেৰে অতিবাহিত হব।

 

বৃষ ৰাশি:
আপুনি অৱসৰ সময়ত আনন্দ কৰিব পাৰিব। আপুনি আজি ধন সঞ্চয়ত অসফল হব পাৰে অৱশ্যে ইয়াত ভয় খাবলগীয়া কোনো কাৰণ নাই কিয়নো আপোনাৰ অৱস্থা সোনকালে ভাললৈ আহিব। ঘৰুৱা কাম ভাগৰাই দিব পৰা ধৰণৰ হব াৰু এইবাbএ মানসিক অশান্তিৰ কাৰণো হব পাৰে। আপোনাৰ প্ৰিয়জনক আজি নিৰাশ নকৰিব কাৰণ এনেকুৱা কৰা বাবে পিছত গৈ আপুনি পৰিতাপ কৰিব লগীয়া হব পাৰে। যদি আপুনি আজি ভ্ৰমণ কৰি আছে তেন্তে সকলো গুৰুত্বপূৰ্ণ দস্তাৱেজ লগত ৰাখিবলৈ পাহৰি নাথাকিব। তেখেতৰ জন্মদিন পাহৰি যোৱা বাবে আপোনাৰ আৰু জীৱন সংগীৰ মাজত কাজিয়া হহোৱাৰ সম্ভাৱনা আছে। কিন্তু অন্তত সকলো বাক-বিতণ্ডতা ভাল হৈ যাব। আপোনাৰ পৰিয়ালৰ লগত আপুনি আজি বহুত ঠাইত ফুৰিব যাব পাৰে ,আপোনাক লগত লোৱা হৈছে ঠিকেই কিন্তু আপোনাৰ ফুৰাত অকণো আগ্ৰহ নাই কিন্তু পিছত গৈ আপুনি ইয়াৰ ভৰপুৰ আমেজ লব ।

 

মিথুন ৰাশি:
খেল অথবা অন্য বাহিৰা গতিবিধি সমূহত অংশগ্ৰহণ কৰিলে আপোনাৰ হেৰাই যোৱা শক্তি পুনৰ ঘুৰাই পাব। হঠাৎ আহি পৰা খৰচে আপোনাৰ ওপৰত অধিক আৰ্থিক বোজা জাপি দিব পাৰে। পাৰিবাৰিক অথবা ঘৰুৱা অশান্তিক আপোনাৰ একাগ্ৰতা তথা মনোযোগ ভংগ কৰাৰ কাৰক বনিব নিদিব , বেয়া সময়ে আপোনাক জীৱনত অধিক অভিজ্ঞতা প্ৰদান কৰিব। দুখৰ জোৱাৰত নিজকে উটি যাব নিদি জীৱনৰ এই অসফলতাক এক অধ্যায় বুলি গ্ৰহণ কৰাটোহে বুদ্ধিমত্তাৰ কাম হব। মন বেয়া নকৰিব, কেতিয়াব বিফলতাৰ সোৱাদ পোৱাটো একো বেয়া কথা নহয় , এয়া তো জীৱনৰ এক সৌন্দৰ্য। দিনৰ আৰম্ভণি কিমানেই ক্লান্তিকৰ নহওক কেলেই যেনেকৈ দিন আগ বাঢ়ি থাকিব তেনেকৈ আপোনাৰ ভাল ফল প্ৰাপ্ত হৈ থাকিব। দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব আৰু আপুনি কোনোব ঘনিষ্ঠক লগ কৰি এই সময়ৰ সদ ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত কোনোবা অচিনাকিৰ অশান্তিৰ কাৰণ হব পাৰে। আজি বাহিৰৰ খোৱা বস্তুই আপোনাৰ পেত বেয়া কৰিব পাৰে। এইবাবে আজি বাহিৰত খোৱাটো পৰিহাৰ কৰক।

 

কৰ্কট ৰাশি:
আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হবলৈ গৈ আছে। কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক নহলে সমস্যাৰ সৃষ্টি হব পাৰে। আপোনাৰ ধন আজি বিভিন্ন কাৰণত ব্যয় হব পাৰে সেয়ে আপুনি এখন বাজেট তৈয়াৰ কৰাটো আৱশ্যক যাৰ ফলত আপোনাৰ বহুত সমস্যা সমাধান হব। যদি আপুনি পাৰ্টী কৰাৰ কথা ভাৱি আছে তেন্তে আপুনি নিজৰ ভাল বন্ধুসকলক এই অনুষ্ঠানত মাতক ,এনেকুৱা লোক সকলৰ উপস্থিতিয়ে আপোনাৰ উৎসাহ বহু গুণে বঢ়াব। প্ৰেম এক পৱিত্ৰ সম্পৰ্ক ,ইয়াত কাকো কাৰো তলতীয়াৰ দৰে ব্যৱহাৰ নকৰিব। আজি আপুনি অফিচৰ পৰা ঘৰত আহি নিজৰ পচন্দৰ কাম কৰিব পাৰিব, ফলস্বৰূপে মনত বহুত শান্তি পাবো। আপোনাৰ জীৱন সংগী আপোনাৰ প্ৰয়োজনীয়তা সমূহ অৱহেলা কৰিব পাৰে , যাৰ বাবে আপুনি বহুত হতাশ হৈ পৰিব পাৰে। অকৰ্মণ্যতাইপতনৰ মূল ,ধ্যান অথবা যোগাভ্যাসৰ জৰিয়তে আপুনি এই জড়তা দূৰ ক্কৰিবলৈ সক্ষম হব।

 

সিংহ ৰাশি:
আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব কিন্তু যাত্ৰা আপোনাৰ বাবে ভাগৰ আৰু হতাশা কঢ়িয়াই আনিব। আপুনি আজি আপোনাৰ ধন ধাৰ্মিক কামত লগাব পাৰে যাৰ ফলত আপোনাৰ মনত শান্তি অৰ্জন কৰাৰ পুৰ্ণ সম্ভাৱনা আছে। আপোনাৰ জীৱন সংগী আপোনাক সহায় আগ -বঢ়াব আৰু এইখিনি আপোনাৰ বাবে বহুত সহায়কাৰী বুলি পৰিগণিত হব। যিসকল লোক নিজৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰি আছে ,সিহঁতৰ বাব এই সময় খিনি লেখতলব’লগীয় মূহূৰ্ত হব। আজি এনেকুৱা বহুত বস্তু সংঘটিত হব ,যিবোৰৰ পিনে অতি সোনকালে গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। আজি আপোনাৰ বৈবাহিক জীৱন প্ৰেম,সন্তুষ্টি আৰু আশাৰে ভৰপূৰ হব। দিনৰ প্ৰথম ভাগত আপুনি অলপ এলাহ অনুভৱ কৰিব পাৰে কিন্তু যদি আপুনি ঘৰৰ পৰা বাহিৰত যোৱাৰ সাহস গোটাই লব পাৰিছে তেন্তে বহুত কাম সম্পূৰ্ণ হব পাৰে আজি।

 

কন্যা ৰাশি:
আপোনাৰ আকাংক্ষা সমূহ এটি সুগন্ধিত ধুনীয়া ফুলৰ দৰে ফুলিব। আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব-অন্য লোকক আগতে দিয়া পইচা আজি ঘুৰাই পাব পাৰে অথবা যিকোনো নতুন পৰিযোজনা ত পইচা লগাই ধন আৰ্জিব পাৰে। আপুনি আপোনাৰ জীৱন সংগীৰ মতামতক অগ্ৰাহ্য কৰিব আৰু এইবাবে আপোনাৰ জীৱন-সংগী ধৈৰ্য হেৰুৱাই পেলাব পাৰে। আজিৰ দিনাখন আপোনাৰ প্ৰিয়জনৰ লগত কোনো ৰুক্ষ ব্যৱহাৰ নকৰিব লগতে খঙ নকৰিব। আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিব পাৰে কিন্তু আপুনি নিজৰ পৃথিৱীতেই মচগুল হৈ থাকিব আৰু খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সচাঁকৈ আনন্দ লাভ কৰিব। অনাকাংক্ষিত ভাৱে অহা অতিথিৰ বাবে আপোনাৰ কিছু পৰিকল্পিত যোজনাত কিছু গণ্ডগোল হব পাৰে, কিন্তু যি কি নহওক আপোনাৰ দিন এনেও বহুত ভাল ভাৱে অতিবাহিত হব। আজি কালিৰ এই ব্যস্ততা ভৰা দিনবোৰত নিজৰ পৰিয়ালৰ লগত খুবেই কম সময় অতিবাহিত কৰিব পাৰি, কিন্তু আপোনাৰ হাতত আপোনাৰ প্ৰিয়জন আৰু আপোন মানুহৰ লগত সময় অতিবাহিত কৰাৰ বহুত ভাল সুযোগ আহি পৰিছে।

 

তুলা ৰাশি:
আজি আপোনাৰ আত্ম-বিশ্বাস বাঢ়িব আৰু প্ৰগতি নিশ্চিত হব। এই ৰাশিৰ ডাঙৰ ব্যৱসায়ী বোৰক আজি বহুত ভাৱি চিন্তি অৰ্থ বিনিয়োগ কৰাটো আৱশ্যকীয়। ঘৰ সলনি কৰাৰ বাবে আজি বহুত ভাল দিন। আজি আপুুনি জীৱনত সচা প্ৰেমৰ অভাৱ অনুভৱ কৰিব। অধিক চিন্তা নকৰিব ,প্ৰত্যেক বস্তুই সময়ৰ লগত সলনি হয় আৰু এইবাবেই আপোনাৰ ৰোমাণ্টিক জীৱনত পৰিৱৰ্তন আহিব। এই ৰাশিৰ বয়সীয়াল লোকসকল আজি খালি সময়ত পূৰণী মিত্ৰক লগ কৰিব যাব পাৰে। দিনত জীৱন সংগীৰ লগত তৰ্ক কৰাৰ অন্তত আপোনালোকে এক ধুনীয়া সন্ধিয়া অতিবাহিত কৰিব পাৰিব। আপোনাৰ দিনৰ আৰম্ভণি আজি মধুময় হব সেইবাবে গোটেই দিন আপুনি উদ্দীপ্ত অনুভৱ কৰিব।

 

বৃশ্চিক ৰাশি:
হাহিঁমুখীয়া আত্মীয়বোৰৰ লগত সময় অতিবাহিত কৰিলে আপোনাৰ হতাশা কম হ’ব আৰু আপোনাক বহুত আৰাম দিব । আপুনি বহুত ভাগ্যৱান যে আপোনাৰ এনেকুৱা আত্মীয় আছে। আপুনি পইচা আয় কৰিবলৈ বহুত উৎসৰ সন্ধান পাব। আত্মীয় আৰু বন্ধু ৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। প্ৰেম বসন্তৰ দৰে বিভিন্ন ধৰণৰ ফুল, উজ্জ্বলতা আৰু পখিলাৰে ভৰা ,আজি আপুনি ৰোমাণ্টিক অনুভৱ কৰি থাকিব। আজি কোনোবা সহকৰ্মীৰ লগত সময় কটাব পাৰে কিন্তু অন্তত আপোনাৰ অনুভৱ হ’ব যে আপুনি অকল সময় বৰবাদ কৰিলে আৰু একো নহয়। আপোনাৰ নিজৰ জীৱনসংগীৰ লগত এক হতাশাপূৰ্ণ সম্পৰ্ক থাকিব পাৰে , যিমান দূৰ সম্ভৱ কথা আগ বাঢ়িব নিদিব। পৰিয়ালত কোনোবা সদস্যৰ লগত তৰ্কা তৰ্কি চলি থকাৰ বাবে ঘৰত অলপ অৱস্থা বেয়া চলি থাকিব পাৰে কিন্তু যদি আপুনি নিজকে শান্ত ৰাখে আৰু ধৈৰ্য ধৰি থাকে তেন্তে সকলোৰে মন ভালে থাকিব।

 

ধনু ৰাশি:
আপুনি বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। আজি পাৰ্টীত কোনোবা এনে ব্যক্তিৰ লগত আপোনাৰ চিনাকী হব যিয়ে আৰ্থিক অৱস্থা শক্তিশালী কৰাৰ কিছুমান বহুমূলীয়া উপদেশ আপোনাক দিব। বন্ধু আৰু ঘৰৰ সদস্য আপোনাক প্ৰেম আৰু সহযোগ প্ৰদান কৰিব। মতামতৰ পাৰ্থক্য থকা বাবে ব্যক্তিগত সম্বন্ধত বেয়া প্ৰভাৱ পৰিব পাৰে। যিকোনো পৰিস্থিতিত আপুনি সময়ত ধ্যান দিব লাগে ,যদি আপুনি সময়ক গুৰুত্ব নিদিয়ে তেন্তে আপোনাৰ লোকচান হ’ব। বৈবাহিক জীৱনৰ কিছুমান দায় দোষ থাকি যায় , আজি আপুনি এইবোৰৰ সন্মুখীন হব পাৰে। কোনো কিল্ম বা নাটক চাই আপোনাৰ আজি পাহাৰত যাবলৈ মন যাব পাৰে।

 

মকৰ ৰাশি:
জটিল পৰিস্থিতিক সন্মুখীন হোৱাৰ পৰা ভয় নাখাব । যেনেকৈ খোৱাত অলপ জ্বলা আৰু মছলা দিলে খোৱা সোৱাদযুক্ত হৈ পৰে , সেইদৰে এনেকুৱা পৰিস্থিতিত আপোনাৰ সুখ সমূহৰ সঠিক মূল্য নিৰ্ধাৰণ কৰিব পাৰে । আপোনাৰ মুড সলনি কৰিবলৈ যিকোনো সামাজিক আয়োজনত অংশগ্ৰহণ কৰক। আৰ্থিক দিশত ভাল চলি থকা বাবে আপুনি জৰুৰী বস্তু বোৰ কিনাত সহজ হব। বৰিষ্ঠ আৰু পৰিয়ালৰ সদস্য সমূহে আপোনাক বহুত স্নেহ কৰিব লগতে বহুত যত্নশীল হব। আপোনাৰ প্ৰেমক নিয়ন্ত্ৰণত ৰাখক ,নহ’লে এই সম্পৰ্কক আপুনি শলঠেকত পেলাব পাৰে। খৰধৰকৈ কোনো নিৰ্ণয় গ্ৰহণ নকৰিব , যি নিৰ্ণয়ৰ বাবে যাতে পিছলৈ গৈ আপুনি পৰিতাপ কৰিবলগীয়া নহয়। যদি আপুনি জীৱন সংগীৰ উপৰিও আন কাৰোবাক নিজৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবৰ সুযোগ দিয়ে তেন্তে জীৱন সংগীৰ ফালৰ পৰা নঞাৰ্থক প্ৰতিক্ৰিয়া পোৱাটো স্বাভাৱিক। নিজৰ ফট’গ্ৰাফীৰ গুণ্টোৰ সদ্ব্যৱহাৰ কৰক আৰু আজি উঠাই অনা ফটোৰ ছবি বোৰ চাই আপুনি নষ্টালজিয়া অনুভৱ কৰিব।

 

কুম্ভ ৰাশি:
আজি আপুনি বহুত শান্ত আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰা অভিপ্ৰায় লৈ থাকিব। আপুনি ঘুৰা-ফুৰা কৰাৰ আৰু পইচা খৰচ কৰাৰ মুডত থাকিব কিন্তু যদি আপুনি এনেকুৱা কৰে তেন্তে আপুনি পৰিতাপ কৰিব লগীয়া হ’ব পাৰে। পৰিয়ালৰ সদস্যৰ সহায় কৰিবলৈ আপোনাৰ অৱসৰ সময়ৰ সদ ব্যৱহাৰ কৰক। আজি ৰোমাঞ্চ আপোনাৰ মন -মগজুত আৱৰি থাকিব। যেতিয়াই আপোনাৰ অনুভৱ হয় যে আপোনাৰ হাতত আপোনাৰ পৰিয়াল আৰু বন্ধুগণক দিবলৈ সময়ৰ অভাৱ তেতিয়াই আপোনাৰ মন বেয়া হৈ যায় ,আজিও আপোনাৰ মনৰ স্থিতি এনেকুৱাই থাকিব। বহুত দীঘলীয়া সময়ৰ অন্তত আপুনি আৰু আপোনাৰ জীৱন লগৰী এটা শান্ত দিন অতিবাহিত কৰিব পাৰিব, যেতিয়া কোনো হাই-কাজিয়া নহব অকল প্ৰেমৰ বাহৰ হব। আজি আপোনাৰ সন্তানৰ লগত সময় অতিবাহিত কৰি কিছু সন্তুষ্টিৰে ভৰা সময় পাৰ কৰক।

 

মীন ৰাশি:
বহুত বেেছি চিন্তাই আপোনাক মানসিক ভাৱে কঙা কৰি তুলিব পাৰে।ইয়াৰ পৰা পৰিত্ৰাণ পোৱাটো জৰুৰী নহ’লে ই আপোনাক মানসিক ভাৱে আৰু শাৰীৰিক্ভাৱে পংগু কৰি দিব পাৰে। এই ৰাশিৰ কিছুুমান মানুহক মাটি সংক্ৰান্তীয় কামত ধন খৰচ কৰিবলগীয়া হব পাৰে। পৰিয়ালৰ সদস্যৰ লগত হাঁহি-খিকিন্দালিৰে ভৰা ব্যৱহাৰে ঘৰৰ পৰিৱেশক লঘু আৰু আনন্দৰে ভৰা কৰি তুলিব। গাৰ্লফ্ৰেণ্ড অথবা বয়ফ্ৰেণ্ডে আপোনাক প্ৰতাৰণা কৰিব পাৰে। কিবা ৰচক মেগাজিন বা উপন্যাস পঢ়ি আজিৰ দিন ভালকৈ অতিবাহিত কৰিব পাৰিব। জীৱন সংগীৰ আত্মীয়ৰ হস্তক্ষেপে আপোনালোকৰ বৈবাহিক জীৱনত সন্তুলন বেয়া কৰি দিব পাৰে। নিজৰ সুখবোৰ প্ৰকাশ কৰক তেতিয়া আপোনাৰ লগত জড়িত মানুহবোৰো এই সুখৰ ভাগ পাব।

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments