Friday, November 8, 2024
Homeঅসমউচ্চতম ন্যায়ালয় জাননী তথ্য-প্ৰযুক্তি মন্ত্ৰালয়লৈ, ইন্টাৰনেট কৰ্তনৰ কিবা নিয়ম আছে নেকি ?

উচ্চতম ন্যায়ালয় জাননী তথ্য-প্ৰযুক্তি মন্ত্ৰালয়লৈ, ইন্টাৰনেট কৰ্তনৰ কিবা নিয়ম আছে নেকি ?

 

 

ডিজিটেল ডেস্ক, ANEWS24X7: দেশত এতিয়া ইন্টাৰনেট কৰ্তনৰ ঘটনা এতিয়া সুলভ ৷ ৰাজনৈতিক হিংসা হওঁক বা বৰ্ডৰ পৰীক্ষাই হওঁক বিভিন্ন ক্ষেত্ৰত এতিয়া চৰকাৰে ইন্টাৰ্নেট কৰ্তনক সহজ পদ্ধতি হিচাপে গ্ৰহণ কৰিছে ৷ শেহতীয়াকৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ সময়ত পশ্চিম বংগ, অৰুণাচল প্ৰদেশ, গুজৰাট আৰু ৰাজস্থানৰ বিভিন্ন স্থানত ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছিল । ইয়াৰ লগতে অসমতো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ বাবে বন্ধ কৰা হৈছিল ইন্টাৰ্নেট সেৱা ৷

এনেবোৰ বিষয়কলৈ উচ্চতম ন্যালয়ৰ দ্বাৰস্থ হৈছিল এটা সংগঠন ৷ সংগঠনটোৱে উচ্চতম ন্যায়ালয়ত এটা ৰাজহুৱা স্বাৰ্থজনিত মোকৰ্দমা দাখিল কৰিছিল ৷

সংগঠনটোৱে প্ৰশ্ন কৰে যে , এটা অঞ্চলত হঠাতে ইণ্টাৰনেট বন্ধ কৰাৰ কোনো নিয়ম বা নীতি আছে নেকি ? সংগঠনটোৱে এইটোও দাবী কৰে যে , চৰকাৰৰ এই সিদ্ধান্তই মৌলিক সুবিধাসমূহত বাধা দিয়ে। মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতৰে গঠিত এক খণ্ড বিচাৰপীঠে উক্ত গোচৰৰ শুনানী গ্ৰহণ কৰি তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ক এই সন্দৰ্ভত জাননী জাৰি কৰিছে । যদি এই সন্দৰ্ভত কোনো নিয়ম আছে তেন্তে ন্যায়ালয়ক অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে উচ্চতম ন্যয়ালয়ে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments