ডিজিটেল ডেস্ক, ১২ডিছেম্বৰ: চিৰাঙৰ বিজনীৰ মাজৰাবাৰীত মঙ্গলবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘনা। অবৈধ কাঠৰ কুণ্ডা ভৰ্তি এখন বলেৰ পিকাপ বাহন নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰে। দূৰ্ঘনাগ্ৰস্থ বাহনখনৰ নম্বৰ AS-28C-2056 ।
বাহন খনত আছিল লক্ষাধিক টকাৰ চোৰাং কাঠ। দুর্ঘটনাৰ ফলত চালকসহ তিনিজন ব্যক্তি গুৰুতৰ ভাৱে আঁহত হয়। আঁহত ব্যক্তি সকলক স্থানী লোকে ভেটাগাঁও সমূহীয়া স্বাস্থ্য কেন্দ্রলৈ লৈ যায় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বঙাইগাঁওৰ লোৱাৰ আসাম চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
পিছত ঘটনা স্থলীত বিজনী আৰক্ষীৰ দল উপস্থিত হয়।উল্লেখযোগ্য যে উক্ত অঞ্চলত বন বিভাগৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি চলি আছে অবৈধ কাঠ ফলা মিল।
