Friday, November 8, 2024
Homeঅসমদিল্লীত আনুষ্ঠানিকভাৱে স্বাক্ষৰিত হ’ল ঐতিহাসিক আলফা শান্তি চুক্তি

দিল্লীত আনুষ্ঠানিকভাৱে স্বাক্ষৰিত হ’ল ঐতিহাসিক আলফা শান্তি চুক্তি

ডিজিটেল ডেস্ক, ২৯ডিছেম্বৰ: কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, আলফাৰ মাজত শান্তি চুক্তি স্বাক্ষৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত স্বাক্ষৰিত হয় চুক্তি। আলফাৰ হৈ চুক্তিত স্বাক্ষৰ অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া, প্ৰদীপ গগৈ, চিত্ৰবন হাজৰিকা, প্ৰণতি ডেকা, ৰাজু বৰুৱা, শশধৰ চৌধুৰী, মিথিংগা দৈমাৰীৰ। অনুষ্ঠানত উপস্থিত থাকে অসমৰ কেইবাটাও সংগঠনৰ প্ৰতিনিধি।

চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, ‘‘অসম আৰু উত্তৰ পূবৰ শান্তিৰ বাবে আজি এক গুৰুত্বপূৰ্ণ দিন। এই চুক্তিৰ জৰিয়তে আলফাৰ প্ৰতিনিধিসকলে সকলো অস্ত্ৰ-শস্ত্ৰ সমৰ্পণ কৰি, সশস্ত্ৰ পন্থা শেষ কৰি গণতন্ত্ৰৰ প্ৰক্ৰিয়াত চামিল হ’বলৈ সহমতি দিছে। এয়া মোৰ বাবে আনন্দৰ বিষয়।’’

আলফাৰ ইতিহাসৰ কথা উল্লেখ কৰি অমিত শ্বাহে কয়, ‘‘আলফাৰ দীৰ্ঘদিনীয়া সংগ্ৰামত ১০ হাজাৰৰো অধিক লোক নিহত হৈছে। ১৯৮৯ৰ পৰা এতিয়ালৈ যিসকলে মৃত্যুবৰণ কৰিছে, তেওঁলোক এই দেশৰে নাগৰিক আছিল। আজি এই সমস্যাৰ সমাধান হৈছে। অসমৰ উন্নয়নৰ প্ৰকল্পত স্বীকৃতি দিছো আমি। চুক্তিৰ এটা এটা কথা, প্ৰতিটো ফুলষ্টপ, ক’মা বিচাৰ কৰা হ’ব। আপোনালোকে যি বিশ্বাস দেখুৱাইছে তাৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিচাৰ কৰিব বুলি মই আশ্বাস দিব পাৰো। অসমৰ শান্তিৰ বাবে এয়া নতুন যুগৰ সূত্ৰপাত।’’

অমিত শ্বাহে কয়, ‘‘অসমৰ শান্তিৰ নতুন যুগৰ আৰম্ভণি হ’বলৈ গৈ আছে। আলফাৰ সকলো প্ৰতিনিধিক বিশ্বাস দিব বিচাৰিছো, আপোনালোকে যি ভৰসা ৰাখিছে তাক লৈ আমি এখন কমিটী গঠন কৰিম। অসম চৰকাৰৰ সৈতে থাকি চুক্তিক সম্পূৰ্ণ ৰূপ দিয়াৰ প্ৰয়াস কৰিম।’’

‘‘আজি ঐতিহাসিক দিন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ। তেওঁৰ উগ্ৰপন্থীমুক্ত সপোন উত্তৰ-পূব অবিহনে সম্ভৱ নাছিল। এই চুক্তিৰ বাবে আটাইতকৈ বেছি কৃতিত্ব যাব আলফাৰ প্ৰতিনিধিসকললৈ। চুক্তিৰ সকলো কথা নিৰ্দিষ্ট সময়ৰ ভিতৰত পূৰণ কৰা হ’ব।’’ – ক’লে অমিত শ্বাহে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত আলফা-চৰকাৰৰ মাজত শান্তি চুক্তি স্বাক্ষৰ। অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। চুক্তিত স্বাক্ষৰ কৰি কি মন্তব্য কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মাই?

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments