ডিজিটেল ডেস্ক, ১১জানুৱাৰী: ৰাজ্যত ১০ লাখ ৭৩ হাজাৰ ৪৭৯খন নতুন ৰেচন কাৰ্ড বিতৰণ হ’ব। ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ৰেচন কাৰ্ডৰ বিতৰণ।
ৰেচন কাৰ্ডৰ জৰিয়তে কেৱল চাউলে নহয় এতিয়াৰে পৰা লাভ কৰিব আৰু বহুতো সুবিধা। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব উজ্জ্বলা গেছৰ সংযোগ। লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধাও। আয়ুষ্মান কাৰ্ডৰ সুবিধাও লাভ কৰিব প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকতাৰীয়ে। আয়ুষ্মান কাৰ্ড নোপোৱালৈকে ৰেচন কাৰ্ড দেখুৱালেই হ’ব লাভ কৰিব এই সুবিধা।
উল্লেখ্য যে, আয়ুষ্মান কাৰ্ডৰ জড়িয়তে ৫ লাখ টকালৈ বিনামূলীয়া হাস্পতালৰ চিকিৎসাৰ খৰচ লাভ কৰে হিতাধিকাৰীসকলে। ৪ লাখ উপাৰ্জনৰ তলৰ লোকে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা।
