Wednesday, March 11, 2026
Homeঅসমশ্বহীদ ন্যাসত ড° যুগল বৰাৰ 'কেনেকৈ শিকিম আৰু শিকাম' উন্মোচন

শ্বহীদ ন্যাসত ড° যুগল বৰাৰ ‘কেনেকৈ শিকিম আৰু শিকাম’ উন্মোচন

গুৱাহাটী: শিক্ষাই পোহৰৰ বাট মুকলি কৰি জ্ঞান অন্বেষণৰ নতুন পথ সূচনা কৰে ৷ এই মন্তব্য আজি এক গ্ৰন্থ উন্মোচনী সভাত ব্যক্ত কৰে কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড°ভৱেশ চন্দ্ৰ গোস্বামীয়ে। আগশাৰীৰ প্ৰকাশন প্ৰজ্ঞা মিডিয়াহাইপে প্ৰকাশ কৰি উলিওৱা ড° যুগল বৰাৰ “কেনেকৈ শিকিম আৰু শিকাম”শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি ড° গোস্বামীয়ে এনেদৰে কয়।

নিজৰ উন্মোচনী ভাষণত তেওঁ কয় যে ড°যুগল বৰাৰ গ্ৰন্থখন নিশ্চিত ভাৱে এখন বিজ্ঞান সন্মত গ্ৰন্থ। বিজ্ঞানৰ ক্ৰমবৰ্ধমান যুগত ছাত্ৰ-ছাত্ৰীক বিজ্ঞান ভিত্তিক শিক্ষা দানত এই ধৰণৰ গ্ৰন্থই উপকাৰ সাধন কৰিব বুলিও তেওঁ মন্তব্য আগবঢ়ায়।অনুষ্ঠানত উপস্থিত থাকি আন এগৰাকী উন্মোচক তথা কেম্ব্ৰিজ ইন্টাৰনেশ্বনেল স্কুলৰ ডিন অব ষ্টাডীজ ড° পুলক ভট্টাচাৰ্যই কয় যে শিক্ষা গ্ৰহণ আৰু শিক্ষা প্ৰদানৰ প্ৰক্ৰিয়া সঠিক আৰু শুদ্ধ হলেহে শিক্ষাৰ সঠিক ধাৰণাত উপনীত হোৱা সম্ভৱ।

ইপিনে প্ৰজ্ঞা মিডিয়া হাইপৰ স্বতাধিকাৰ উজ্জ্বল বৰাৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকি জেইট উইঙ্ছ বিজনেছ স্কুলৰ অধ্যক্ষ মাম্পী বৰাই লেখকৰ এনে পদক্ষেপক আদৰণি জনোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক সমাজো উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে। কেইবাগৰাকীও সাহিত্য অনুৰাগীৰ উপস্থিতিৰে আয়োজিত আজিৰ গ্ৰন্থ উন্মোচনী সভাত লেখকৰ মনৰ ভাৱ প্ৰকাশ কৰি ড°যুগল বৰাই গ্ৰন্থখনৰ সৃষ্টিৰ আৰৰ কাহিনী ব্যক্ত কৰাৰ লগতে গ্ৰন্থখনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকল কিছুপৰিমানে হ’লেও লাভাৱান্বিত হ’ব বুলি আশা প্ৰকাশ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments