হেমন্ত শৰ্মা, ৮ ফেব্ৰুৱাৰীঃ নৱ বিবাহিত দম্পত্তি। পত্নীয়ে হানিমুনৰ বাবে বহিঃৰাজ্যলৈ যাব বিচাৰিছিল। কিন্তু স্বামীয়ে ক’লে যে তেওঁলোকে ঘৰৰ মানুহবোৰৰ যত্ন ল’ব লাগে আৰু দেশৰ ভিতৰৰ কোনোবা ঠাইলৈ যাব লাগে। তাৰ পাছত সিদ্ধান্ত হ’ল যে তেওঁলোক হানিমুনত গোৱালৈ যাব। কিন্তু যাত্ৰাৰ মাত্ৰ এদিন আগতে স্বামীয়ে ক’লে যে তেওঁলোক গোৱালৈ নহয়, অযোধ্যালৈহে যাব। তাকো পৰিয়ালৰ সৈতে।
ইয়াৰ বাবেই অৱশেষত পত্নীয়ে আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন জনায়। এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশত। আবেদনখনত মহিলাগৰাকীয়ে লিখিছে যে তেওঁৰ স্বামীয়ে আই টি খণ্ডত কাম কৰে আৰু যথেষ্ট দৰমহা পায়। নিজেও কাম কৰি ভাল উপাৰ্জন কৰি আছে। অৰ্থাৎ হানিমুনত বহিঃৰাজ্যলৈ যোৱাটো তেওঁলোকৰ বাবে ডাঙৰ কথা নহয়, কিন্তু কোনোধৰণৰ আৰ্থিক সংকট নথকা সত্ত্বেও মহিলাগৰাকীৰ স্বামীয়ে তেওঁক বহিঃৰাজ্যলৈ নিবলৈ অস্বীকাৰ কৰি তাৰ পৰিৱৰ্তে সমীপৱৰ্তী স্থানীয় ঠাইতে ভ্ৰমণ কৰিবলৈ ক’লে। পিতৃ-মাতৃৰ যত্ন ল’ব লাগে বুলি দাবী কৰিছে যুৱকজনে।
ইয়াৰ পাছত দম্পতীহালে গোৱা বা দক্ষিণ ভাৰতৰ আন কোনো ৰাজ্যত হানিমুনলৈ যাবলৈ সন্মত হয়। কিন্তু তেতিয়া যুৱকজনে গোৱাৰ সলনি অযোধ্যালৈ বিমান বুকিং কৰিলে। কাৰণ, ৰাম মন্দিৰ উদ্বোধনৰ পাছত মাকে চহৰখন ভ্ৰমণ কৰিবলৈ বিচাৰিছিল। যুৱকজনে গন্তব্যস্থান সলনি হোৱাৰ কথা পত্নীক অৱগত কৰা নাছিল। যাত্ৰা আৰম্ভ হোৱাৰ মাত্ৰ এদিন আগতে তেওঁ পত্নীক এই কথা ক’লে। অৱশ্যে পত্নীয়ে আপত্তি কৰা নাছিল।
কিন্তু ভ্ৰমণৰ পৰা উভতি অহাৰ ১০ দিন পাছতে মহিলাগৰাকীয়ে পৰিয়াল আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন জনায়। অভিযোগত তেওঁ দাবী কৰে যে হানিমুনৰ সময়ত তেওঁৰ স্বামীয়ে তেওঁৰ তুলনাত পৰিয়ালৰ আন সদস্যৰ প্ৰতি অধিক মনোযোগ দিছিল। অৱশ্যে স্বামীয়ে দাবী কৰে যে তেওঁৰ পত্নীয়ে এটা সৰু কথাক ডাঙৰ কথা বুলি চাইছে। সম্প্ৰতি ভূপালৰ পৰিয়াল আদালতত কাউন্সেলিং চলি আছে দম্পতীহালৰ।