ডিজিটেল ডেস্ক, ৮ ফেব্ৰুৱাৰী: অসমৰ আদিবাসী সকলক লোকসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ কৰা আদিবাসীৰ বিভিন্ন জাতি জনগোষ্ঠীক শুদ্ধ প্ৰমাণ প্ৰদান কৰাৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ই ফ্ৰেব্ৰুৱাৰী প্ৰথম সপ্তাহৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত ন’ এছ টি ন’ ভোট ফৰ বিজেপি ন’ Caste Certificate ন’ ভোট ফৰ বিজেপি লেখা পোষ্টাৰ লিখি প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত আজি কোকোৰাঝাৰ জিলাৰ সভাপতি পল টুডুক গোসাইগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই আটক কৰাৰ ঘটনাক সংগঠনটোৰ সভাপতি প্ৰদীপ নাগ উপসভাপতি দ্বয় দেবেন উৰাং, ৰেজান হৰ আৰু সাংস্কৃতিক সম্পাদক ডেভিদ তিৰ্কীয়ে তীব্ৰ গৰিহণা দিয়ে আৰু বিনাচৰ্তে মুকলি কৰি দিবলৈ দাবী জনাইছে অন্যথাই আছাই ফেব্ৰুৱাৰী দ্বিতীয় সপ্তাহৰ তীব্ৰ জংগী আন্দোলন গঢ়ি তুলিব ৷

আছাৰ শোণিতপুৰ, কোকোৰাঝাৰ, ওদালগুৰি, তিনিচুকীয়া জিলাৰ আছাৰ কৰ্মী সকলে আজি পোষ্টাৰ আৰি প্ৰতিবাদ কৰে ৷ নেতাত্ৰয়ে বিবৃতিত উল্লেখ কৰে যে- ‘জাতিগত প্ৰমাণ পত্ৰ বিষয়ক লৈ আদিবাসী সমাজৰ বিভিন্ন সংগঠনে স্পষ্ট মতামত দাঙি ধৰাৰ পিছতো বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব চৰকাৰখনে মাত্ৰ কেইজনমান চাহ জনগোষ্ঠীয় নেতাৰ কথা মতে উৰাং মুণ্ডা চাওতাল কল ভীল কয়া চাওৰা চৱৰ আদিবাসী জনগোষ্ঠী সকলক বলবস্তী চাহ জনগোষ্ঠী / প্ৰাক্তন চাহ জনগোষ্ঠী হিচাপে জাতিগত প্ৰমাণপত্ৰ দি আহিছে ৷বিজেপি চৰকাৰ খনে ভাৰতৰ প্ৰকৃত ভূমিপুত্ৰ আদিবাসী সকলকৰ জাতিগত প্ৰমাণ পত্ৰত টি ট্ৰাইবে এক্স টি ট্ৰাইব উল্লেখ কৰি পুণৰবাৰ দাস দাসী সজোৱাৰ চেষ্টা কৰিছে।’

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ সভাপতি প্ৰদীপ নাগ উপসভাপতি দেবেন উৰাঙে কয়ঃ ‘এইয়া বিভাগীয় মন্ত্ৰী সঞ্জয় কিষাণে সকলো জানি শুনি এনে কৰাৰ ষড়যন্ত্ৰ ৰচিছে’। নেতাত্ৰয়ে বিবৃতিটোত উল্লেখ কৰিছে যে, আদিবাসী চাওতাল উৰাং মুণ্ডা কল ভীল কয়া ইত্যাদি জনগোষ্ঠী সকলৰ সমগ্ৰ ভাৰতবৰ্ষতে সুকীয়া পৰিচয় আছে এই কথা ভাৰত বুৰঞ্জীত উল্লেখ আছে ৷ বিতৰ্কিত জাতি গত প্ৰমাণপত্ৰ বিষয়টো আজি লৈকে চৰকাৰখনে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰাটো দূৰ্ভাগ্যজনক। এই সমস্যা শীঘ্ৰে সমাধান কৰাৰ আছাই দাবী জনাইছে অন্যথাই চৰকাৰখনে ইয়াৰ পৰিণাম ২০২৪ ৰ লোকসভা নিৰ্বাচনত ভুগিবলৈ সাজু থাকক বুলি নেতাত্ৰয়ে সকীয়াই দিছে ৷
