Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়নিউ গিনিত ভয়াবহ ভূমিকম্প , দেশখনত চুনামিৰ সতৰ্কবাণী জাৰি

নিউ গিনিত ভয়াবহ ভূমিকম্প , দেশখনত চুনামিৰ সতৰ্কবাণী জাৰি

ডিজিটেল ডেস্ক ANEWS24X7: দক্ষিণ-পশ্চিম প্ৰশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্ৰ পাপুয়া নিউ গিনিত সংঘটিত হৈছে এক শক্তিশালী ভূমিকম্প । ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৭.৬ ।

ইউৰোপীয় ভূমধ্যসাগৰীয় ভূকম্পন কেন্দ্ৰৰ মতে , ভূমিকম্পেৰ কেন্দ্ৰস্থল আছিল কাইনান্টু চহৰৰ ৮০ কিলোমিটাৰ গভীৰতাত আছিল ৷ভূমিকম্পটোৰ বেছিভাগ কম্পন গোৰোক্কা, লাই আৰু মাদাং চহৰত অনুভৱ কৰা হৈছিল । এই কেইখন চহৰত ক্ষয়-ক্ষতিৰ পৰিমান আটাইতকৈ বেছি আছিল ।

এই ভূমিকম্পৰ প্ৰৱল্য ইমানে বেছি আছিল যে ভূমিকম্পৰ পিছত চুনামিৰ সতৰ্কবাণী জাৰি কৰিছে নিউ গিনি প্ৰশাসনে । প্ৰশাসনে সকলো লোককে সুৰক্ষিত স্থানলৈ যাবলৈ পৰামৰ্শ দিছে । ভূমিকম্পৰ ফলত ৰাস্তা আৰু ঘৰবোৰ ফাঁট মেলিছে । বহুতো ঘৰ খহি পৰিছিল । অৱশ্যে বৰ্তমান পৰ্যন্ত ক্ষয় ক্ষতিৰ সঠিক পৰিমান জানিব পৰা হোৱা নাই ।

উল্লেখ্য যে পাপুয়া নিউ গিনি প্ৰশান্ত মহাসাগৰৰ ‘‘ৰিং অফ ফায়াৰ’’ৰ ভিতৰত পৰে । ইয়াৰ ফলত বিভিন্ন সময়ত দীপ ৰাষ্ট্ৰখনত কম্পন অনুভৱ হৈ থাকে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments