হেমন্ত শৰ্মা, ১৮ ফেব্ৰুৱাৰীঃ মোবাইল গেমত একেৰাহে তিনিবাৰ পৰাস্ত হৈ আত্মহত্যাৰ চেষ্টা চলালে এজন যুৱকে। নিজৰ ডিঙিত ব্লেডেৰে আঘাত কৰি আত্মহত্যাৰ চেষ্টা চলাইছিল। বৰ্তমান তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ঘটনাটো সংঘটিত হৈছে ওড়িশাৰ আংগুল জিলাৰ জাৰেং গাঁৱত। আৰক্ষীয়ে জানিবলৈ দিয়ামতে যুৱকজনৰ নাম সৌম্য ৰঞ্জন নাইক। বয়স ২৪ বছৰ।
পৰিয়ালৰ সূত্ৰ অনুসৰি যুৱকজন মোবাইল গেমৰ প্ৰতি আসক্ত আছিল। দিন ৰাতি মোবাইলত খেলিছিল গেম। আন একো কৰিবলৈ তেওঁৰ কোনো হেঁপাহ নাছিল। যোৱা শুকুৰবাৰেও মোবাইলত খেল খেলি আছিল যুৱকজনে। কিন্তু তেওঁ একেবাৰেই জয়ী হ’ব পৰা নাছিল। একেখন খেলতে একেৰাহে তিনিবাৰ পৰাস্ত হয়। প্ৰতিবাৰ হাৰিলেই নিজৰ ওপৰতে বিচলিত হৈ পৰিছিল। যুৱকজনৰ পৰিয়ালে জনোৱামতে, সেইদিনা তৃতীয়বাৰৰ বাবে খেলত পৰাস্ত হোৱাৰ পাছত তেওঁ হাতৰ ওচৰত ব্লেড এখন পাই নিজৰ ডিঙি কাটি দিয়ে।
লগে লগে যুৱকজনৰ পিতৃ-মাতৃয়ে তেওঁক চিকিৎসালয়লৈ লৈ যায়। প্ৰথমে তেওঁক আংগুলৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। পৰৱৰ্তী সময়ত উন্নত চিকিত্সাৰ বাবে তেওঁক কটকৰ এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। সম্প্ৰতি যুৱকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ইপিনে, সমগ্ৰ বিষয় সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে জনোৱা মতে, যুৱকজন কেনেকৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ’ল, ক’ৰ পৰা ব্লেডখন পালে, ইয়াৰ আঁৰত আন কিবা কাহিনী আছে নেকি সেই সন্দৰ্ভত তদন্ত অব্যাহত আছে।