Friday, March 13, 2026
Homeৰাশিফলকোন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ

কোন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ

মেষ ৰাশি ফলাফল –
আজি আপোনাৰ মাজত বেচ সক্ৰিয়তা দেখা যাব। আপোনাৰ স্বাস্থ্য আজি আপোনাক পুৰ্ণ সমৰ্থ্ন দিব। কিছুমান নিশ্চিত গুৰুত্বপুৰ্ণ কাম আপোনাৰ অভাৱীয় আৰ্থিক পৰিস্থিতিৰ বাবে মাজতে ৰৈ যাব পাৰে। পাৰিবাৰিক অথবা ঘৰুৱা অশান্তিক আপোনাৰ একাগ্ৰতা তথা মনোযোগ ভংগ কৰাৰ কাৰক বনিব নিদিব , বেয়া সময়ে আপোনাক জীৱনত অধিক অভিজ্ঞতা প্ৰদান কৰিব। দুখৰ জোৱাৰত নিজকে উটি যাব নিদি জীৱনৰ এই অসফলতাক এক অধ্যায় বুলি গ্ৰহণ কৰাটোহে বুদ্ধিমত্তাৰ কাম হব। আজি আ[পোনাৰ প্ৰিয়জনক ক্ষমা কৰিবলৈ নাপাহৰিব। প্ৰফেশ্বনাল দিশত আপোনাৰ দিন আজি ধনাত্মক ভাৱে অতিবাহিত হব ,ইয়াৰ আজি ভালকৈ ব্যৱহাৰ উঠাওক। আজি জীৱন সংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত সময় থাকিব । আপোনাৰ মৰম চাই আপোনাৰ প্ৰেমাস্পদ বহুত সুখী হৈ যাব। আপুনি আপোনাৰ জীৱন সংগীৰ পৰা অলপ কম যত্ন লাভ কৰা যেন অনুভৱ কৰিব,কিন্তু দিনৰ শেষত আপুনি অনুভৱ কৰিব যে তেখেত আপোনাৰ বাবেই কিবাকিবি কৰোতে ব্যস্ত আছিল।

বৃষ ৰাশি ফলাফল –
কোনোবা বন্ধুৰ লগত আপোনাৰ অলপ বুজাবুজিত মনোমালিন্য হৈ অলপ সম্বন্ধ বেয়া হৈ যাব পাৰে,যিকোনো নিৰ্ণয় লোৱাৰ আগত সন্তুলিত ভাৱে দুয়ো পক্ষক পৰীক্ষা কৰক। অৰ্থ্নৈতিক দিশত শক্তিশালী হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। যদি আপুনি কাৰোবাক পইচা ধাৰলৈ দিছিলে তেন্তে সেই পইচা ঘুৰাই পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ বিচাৰ তথা চিন্তা-ধাৰা আপোনাৰ বন্ধু আৰু আত্মীয়ৰ ওপৰত নিক্ষেপ কৰিব চেষ্টা নকৰিব ,কাৰণ এয়া কৰাটো আপোনাৰ বাবে কোনোও লাভদায়ক বুলি প্ৰমাণিত নহ’ব আনকি এনেকুৱা কৰা বাবে সিহঁতে আপোনাক বেয়া পাব পাৰে। বহুুত কাম পৰি থকা স্বত্তেও আপুনি ৰোমাঞ্চকৰ ঘুৰা-ফুৰা ইত্যাদি আপোনাৰ মন-মগজুত বিৰাজ কৰি থাকিব। লেখক আৰু সাংবাদিক সকল বহুত খ্যাতি লাভ কৰিব পাৰিব। যাত্ৰা আপোনাৰ বাবে বহুত আনন্দদায়ক আৰু লাভদায়ক বুলি প্ৰমাণিত হব। বৈবাহিক জীৱনক অধিক সুখময় কৰিবৰ বাবে আপোনাৰ প্ৰয়াস আপোনাৰ আশাতকৈ অধিক ফলপ্ৰসূ হব ।

মিথুন ৰাশি ফলাফল –
দূৰণিবটীয়া যাত্ৰা কৰাৰ পৰা বিৰত থাকক কাৰণ আপুনি যাত্ৰা কৰিবৰ বাবে বহুত বেছি দূৰ্বল। যদি আপুনি বিবাহিত তেন্তে নিজৰ সন্তানৰ ওপৰত বিশেষ ধ্যান দিয়ক যদি আপুনি এনেকুৱা নকৰে তেন্তে সিহতৰ শাস্থ্য বেয়া হব পাৰে আৰু ফলস্বৰূপে আপোনাৰ বহুত অৰ্থ ব্যয় হব পাৰে। আপুনি আপোনাৰ বাকী সময় সন্তানৰ লগত অতিবাহিত কৰিব বিচাৰে , লাগে ইয়াৰ লগত আপোনাৰ কিবা বিশেষ একোই কৰিব লাগে। আজি আপুনি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ বাবে আপোনাৰ প্ৰেমাস্পদ দুখ পাব পাৰে। আপুনি নিজৰ শক্তি সম্পূৰ্ণ ৰূপে অনুভৱ কৰিব পাৰে ,এই শক্তিৰ প্ৰয়োগ কামত কৰক। এই দিনটো এটা মহত্বপুৰ্ণ দিন বুলি পৰিগণিত হব। আজিঅৰ দিনতেই ভৱিষ্যতৰ বাবে ভালেমান ভাল পৰিকল্পনা বনাব কিন্তু গধূলিলৈ দুৰৱৰ্তী অতিথিৰ আগমণে আপোনাৰ সকলো পৰিকল্পনা অসফল হৈ ৰব। আপোনাৰ কাৰণে এয়া এক ধুনীয়া ৰোমাণ্টিক দিন ,কিন্তু স্বাস্থ্যৰ বাবে অলপ সমস্যাৰ সন্মুখীন হব পাৰে।

কৰ্কট ৰাশি ফলাফল –
বেলেগৰ লগত সুখৰ আদান প্ৰদান কৰিলে আপোনাৰ স্বাস্থ্য আৰু অধিক উজ্জল হ’ব। কিছুমান জৰুৰী যোজনা ক্ৰিয়ান্বিত হৈছে আৰু সতেজ আৰ্থিক লাভ হব। জীৱন সংগী আৰু সন্তানৰ পৰা অতিৰিক্ত স্নেহ আৰু সহযোগ প্ৰাপ্তি কৰিব। ব্যক্তিগত বিষয় সমূহ নিয়ন্ত্ৰণত থাকিব। নিজৰ কাৰ্যশীলতা বৃদ্ধি কৰিবলৈ নতুন নতুন টেক নিকৰ সহায় লওক ,আপোনাৰ শৈলী আৰু কাম কৰাৰ এই নতুন শৈলী অন্যৰ মনত আগ্ৰহ আনিব পাৰে,যি আপোনাক আগ্ৰহেৰে গুৰুত্ব প্ৰদান কৰে। জীৱনসংগীৰ লগত সময় কটাই থকা অৱস্থাত আপোনালোকৰ পুৰণা কথালৈ আকৌ দুয়োজনৰ মাজত কাজিয়া হব পাৰে। বৈবাহিক জীৱনৰ বহুত সমস্যাৰে ভৰা দিনৰ পিছত আপুনি আৰু আপোনাৰ লগৰী আকৌ প্ৰেমৰ দিন কেইটা ঘুৰাই পাব।

সিংহ ৰাশি ফলাফল –
আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক,যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়।মস্তিষ্ক জীৱনৰ দুৱাৰ কাৰণ সকলো গতি বিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়ে শুদ্ধ চিন্তা-ধাৰা দি মানুহক আলোকিত কৰিব পাৰে। দূৰণি বটীয়া যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব ,কিন্তু যাত্ৰা আপোনাৰ বাবে আৰ্থিক দিশত লাভ কঢ়িয়াই আনিব পাৰে। এক সুখী আৰু বঢ়িয়া সন্ধিয়াৰ বাবে আপোনাৰ ঘৰত আজি আলহী আহিব পাৰে। কোনোৱে আপোনাৰ প্ৰেমৰ পৰা দূৰত ৰাখিব নোৱাৰে। সহকৰ্মী ৰ লগত কাম কৰা সময়ত যুক্তি আৰু চতুৰতাৰ প্ৰয়োজন হব । যিসকল লোক যোৱা কিছুদিনৰ পৰা বহুত ব্যস্ত হৈ আছিল আজি সিহতঁ নিজৰ বাবে অলপ সময় মিলাব পাৰিব। আপোনাৰ জীৱন সংগী আজি আপোনাৰ ওচৰলৈ আহি আপোনাক ধুনীয়াকৈ বুজাই দিব যে তেখেতৰ জীৱনত আপুনি কিমান মূল্যৱান হয়!

কন্যা ৰাশি ফলাফল –
ভাল জীৱনৰ বাবে নিজৰ স্বাস্থ্য আৰু ব্যক্তিত্বত শুধৰণি অনাৰ চেষ্টা কৰক। নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। পৰিয়ালৰ সদস্য সমূহৰ লগত অলপ অৱসৰৰ সময় অতিবাহিত কৰক। আজি আপোনাাৰ প্ৰিয়জন আপোনাৰ পৰা সময়ৰ লগতে উপহাৰৰ আশা কৰিব পাৰে। আপুনি নিজৰ তলতীয়া কৰ্মচাৰীৰ কাম চাই অসুখী হৈ যাব ,কাৰণ আপোনাৰ আশা কৰা মতে কাম নাই হোৱা। সময়ৰ সদ্ব্যৱহাৰ কৰিবৰ বাবে আপুনি আজি পাৰ্কত ফুৰিব যোৱাৰ পৰিকল্পনা কৰিব পাৰে কিন্তু তাত কোনোবা অচিনাকি লোকৰ লগত আপোনাৰ তৰ্ক হোৱাৰ বাবে আপোনাৰ মন বেয়া হৈ যাব। বৈবাহিক জীৱনত সকলো বিষয় ভাল অনুভৱ হব।

তুলা ৰাশি ফলাফল –
আপোনাৰ খোৱাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু সুস্থ থাকিবৰ বাবে নিয়মিত ব্যায়াম কৰক। অতিৰিক্ত ধন আপুনি ৰিয়েল এষ্টেট ত নিৱেশ কৰিব পাৰে। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোয়ে আটাইতকৈ ভাল সুযোগ,যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। আজি আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত কোনোবা তৃতীয় ব্যক্তি আহিব পাৰে। আপোনাক নিজৰ কামৰ বাবে বহুত ডাঙৰ নিৰ্ণয় লব লগা হব পাৰে ,সময়ত দ্ৰুত পদক্ষেপ লোৱা কামটোৱে আপোনাক আগুৱাই লৈ যাব ,আপুনি আপোনৰ সহকৰ্মীৰ পৰা উপযোগী উপদেশ ও পাব পাৰে। এই ৰাশিৰ লোকসকল আজি নিজৰ বাবে সময় উলিওৱাটো নিত্যান্তই জৰুৰী যদি আপুনি এনে নকৰে তেন্তে আপুনি মানসিক্ভাৱে ভাগৰি পৰিব পাৰে। জীৱন সংগীৰ লগত কিছু মতভেদ হব পাৰে দিনটোত কিন্তু সন্ধিয়া খোৱা সময়ত সকলো ভুল বুজাবুজি ভাল হৈ যাব।

বৃশ্চিক ৰাশি ফলাফল –
আপোনাৰ ইচ্ছা আৰু উচ্চাকাংক্ষা সমূহ পূৰ্ণ কৰিবৰ বাবে ব্যক্তিগত সম্বন্ধৰ ব্যৱহাৰ কৰাটো আপোনাৰ জীৱন সংগীৰ মন বেয়া কৰি তুলিব পাৰে। আজি ওচৰ চুবৰীয়া ৰ কোনোবা এজন আপোনাৰ ওচৰত ধন বিচাৰি আহিব পাৰে, আপোনাক পৰামৰ্শ দিয়া হল যে ঋণ দিয়াৰ আগতে এবাৰ তেওঁৰ বিশ্বাসযোগ্যতা চাই লব নহলে পইচাৰ লোকচান হব পাৰে। আপোনাৰ নিৰ্ণয়ত আপোনাৰ মা-দেউতাৰ সহায় গুৰুত্বপূৰ্ণ বুলি প্ৰমাণ হব। ব্যক্তিগত বিষয় সমূহ নিয়ন্ত্ৰণত থাকিব। আজি আপুনি নিশ্চিত ভাৱে এনেকুৱা মানুহৰ লগত দেখা হব যি আপোনাৰ কেৰিয়াৰৰ বাবে সহায়কাৰী বুলি প্ৰমাণিত হব। আজি আপুনি দিনযোৰা ব্যস্তৰ পিছতো নিজৰ বাবে সময় উলিয়াব পাৰিব আৰু খালী সময়ত পৰিয়ালৰ লগত কথা বতৰা পাতিব পাৰে। আপোনাৰ জীৱন লগৰী আপোনাক পাই নিজকে ভাগ্যৱান বুলি ভাৱিৱ ,এই মুহুৰ্ত সমূহৰ ভৰপূৰ ব্যৱহাৰ কৰক।

ধনু ৰাশি ফলাফল –
মনখুলি হাঁহক কাৰণ হাঁহি আপোনাৰ সকলো সমস্যাৰ আটাইতকৈ ফলজনক চিকিৎসা। আজিৰ দিনটোত আপুনি আৰ্থিক সমস্যাৰ সন্মূখীন হ’ব লগীয়া হ’ব পাৰে। আপুনি প্ৰয়োজনতকৈ অধিক খৰচ কৰাৰ অথবা আপোনাৰ পইচাৰ বেগ হেৰুৱাৰ সম্ভাৱনা আছে,এনেকুৱা বিষয়ত সাৱধানতাৰ অলপ ঊনৈছ বিছে আপোনাৰ ক্ষতি কৰিব পাৰে, নতুুন ৰূপ-ৰং, নতুন কাপোৰ ,নতুন বন্ধু-বান্ধৱ আজিৰ দিনটোক বিশেষ কৰি তুলিব। আজি কোনোবা এনেকুৱা ব্ব্যক্তিৰ লগত সাক্ষাত হোৱাৰ সম্ভাৱনা আছে ,জন আপোনাক গভীৰ ভাৱে প্ৰভাৱিত কৰিব। যোগ্য কৰ্মীৰ পদোন্নতি আৰৰু আৰ্থিক লাভ হব পাৰে। চিঠি-পত্ৰ ,লাগতিয়াল কাগজ আদি অতি সাৱধানে আৰু যতনেৰে সৰহ বৰাহ কৰা উচিত। আপোনাৰ জীৱন সংগী আজি আপোনাৰ ওচৰলৈ আহি আপোনাক ধুনীয়াকৈ বুজাই দিব যে তেখেতৰ জীৱনত আপুনি কিমান মূল্যৱান হয়!

মকৰ ৰাশি ফলাফল –
আপোনাৰ সকলোতকৈ ডাঙৰ সম্পত্তি হল আপোনাৰ বেলেগক হহুৱাই ৰাখিব পৰা দক্ষতা ,নিজৰ বেমাৰ ঠিক কৰিবৰ বাবে ইয়াৰ প্ৰয়োগ কৰিব পাৰে। কাৰোবাক কথা দিয়াৰ সময়ত আৰু বিত্তীয় লেন দেন কৰা সময়ত সাৱধানে থাকক। আত্মীয় আৰু বন্ধু ৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। আপোনাৰ প্ৰিয়জনৰ অলাগতিয়াল প্ৰয়োজনৰ ওচৰত সমৰ্পিত নহ’ব। নতুুন যোজনা সমূহ আকৰ্ষক হব আৰু ভাল আমদানি ৰ এক বাট বুলি পৰিগণিত হব। সমালোচনা আৰু অপবাদ ইত্যাদি দিয়াৰ বা কৰাৰ পৰা বিৰত থাকক। আপোনাৰ জীৱন সংগী আপোনাৰ প্ৰয়োজনীয়তা সমূহ অৱহেলা কৰিব পাৰে , যাৰ বাবে আপুনি বহুত হতাশ হৈ পৰিব পাৰে।

কুম্ভ ৰাশি ফলাফল –
আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব। আজি আপোনাাৰ বাবে আন এটা উৰ্জা শক্তি ৰে ভৰপুৰ দিন হব আৰু আপোনাৰ আজি হঠাৎ বহুত লাভ প্ৰাপ্ত হোৱাৰ সম্ভাৱনা আছে। বন্ধুক আপোনাৰ উদাৰচিতীয়া স্বভাৱৰ বেয়া লাভ উঠাব নিদিব। আজিৰ দিনটো গোলাপৰ সুগন্ধি বিয়পাই দিব , আপোনাৰ প্ৰেমৰ আমেজ লওক। আপোনাৰ কলাত্মক কাম ওচৰে পাজৰে থকা লোক সকলক আচৰিত কৰি দিব আৰু আপুনি বহুত প্ৰশংসা লাভ কৰিব। ৰাতি আজি আপোনাৰ ঘৰৰ মানুহৰ পৰা দূৰত থাকি ঘৰৰ চাদত বা ওচৰৰ পাৰ্কত খোজ কাঢ়ি ফুৰাটো পছন্দ কৰিব। জীৱন সংগীৰ লগত এক বঢ়িয়া দিন অতিবাহিত হব পাৰে।

মীন ৰাশি ফলাফল –
আপোনাৰ ব্যক্তিত্ব আজি সুগন্ধিৰ দৰে বিয়পিব আৰু সকলোকে আকৰ্ষিত কৰিব। জীৱনৰ বেয়া সময়ত ধন আপোনাৰ কামত আহিব সেইকাৰণে আজিৰ পৰা আপুনি অৰ্থ সঞ্চয় কৰাৰ কথা চিন্তা কৰক প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবৰ বাবে সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ আহিব। প্ৰেম এক এনেকুৱা অনুভৱ যি অকল অনুভৱ কৰিব পাৰি আৰু নিজৰ প্ৰিয়জনৰ লগত ভাগ বটৰা কৰিব পাৰি। সৃজনাত্মক কামৰ লগত জড়িত মানুহ বোৰৰ বাবে আজি এক সফলতাৰে ভৰা দিন হব, বহুদিনৰ পৰা বিচৰা নাম আৰু সন্মান আজিয়ে সিহঁতে পাব। ব্যৱসায়িক কাৰণ জনিত যাত্ৰাই আপোনাক লাভজনক ফলাফল দিব পাৰে। আপোনাৰ জীৱন সংগী আজি আপোনাৰ ওচৰলৈ আহি আপোনাক ধুনীয়াকৈ বুজাই দিব যে তেখেতৰ জীৱনত আপুনি কিমান মূল্যৱান হয়!

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments