Wednesday, March 11, 2026
Homeঅসমলোকসভা নিৰ্বাচনত বিজেপিক আদিবাসী জনগোষ্ঠীৰ প্ৰাৰ্থী প্ৰদানৰ দাবী আছাৰ

লোকসভা নিৰ্বাচনত বিজেপিক আদিবাসী জনগোষ্ঠীৰ প্ৰাৰ্থী প্ৰদানৰ দাবী আছাৰ

ডিজিটেল ডেস্ক, ১মাৰ্চ: আগন্তুক লোকসভা নিৰ্বাচনত  বিজেপি দলক ডিব্ৰুগড় , তেজপুৰ , কাজিৰঙাত আদিবাসী প্ৰাৰ্থীক টিকেট প্ৰদান কৰাৰ দাবী জনাইছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ই ৷ বিজেপি এই তিনিটা সমষ্টিত আদিবাসী মূলৰ ব্যক্তিক টিকেট প্ৰদান নকৰি আদিবাসী ৰাইজক বিজেপিক ভোট প্ৰদান কৰাৰ পৰা বিৰত থাকিবলৈ আছা ই  আহ্বান জনাইছে ৷

এক প্ৰেছ বিবৃতিত সংগঠনটোৰ উপ সভাপতিদ্বয় দেবেন উৰাং ৰেজান হৰ যুটীয়া সম্পাদক ৰাজা কুজুৰে জনোৱা মতে দীৰ্ঘদিন ধৰি ৰাজনৈতিক দল সমূহ লোকসভা নিৰ্বাচনত  প্ৰকৃত আদিবাসী মূলৰ প্ৰাৰ্থী প্ৰদান নকৰে তাৰ সলনি চাহ জনগোষ্ঠী মূলৰ ব্যক্তি প্ৰাধান্য দিয়ে ৷ আদিবাসী মূলৰ প্ৰাৰ্থী নিদিয়াৰ কাৰণে আজিলৈকে অসমৰ চাওতাল ,উৰাং, মূণ্ডা,কল ,ভীল ,কয়া ইত্যাদি জনগোষ্ঠীয়ে অন্য ৰাজ্যত জনজাতি ময্যদা লাভ কৰিছে যদিও অসমত জনজাতি ময্যদা লাভ কৰিব সক্ষম হোৱা নাই ৷ চাহ জনগোষ্ঠী সাংসদ সকলে আজিলৈকে  অসমৰ জনজাতিকৰণ বিষয়টো উত্থাপন নকৰে ৷

ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী আৰু তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লব লোচন দাস দহ বছৰ সাংসদ হল যদিও সংসদত জনজাতিকৰণৰ বিষয়টো এদিনো  উত্থাপন হোৱা দেখা নগল ৷ ৰামেশ্বৰ তেলী কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী হোৱা পিছতো অসমৰ আদিবাসী চাহ শ্ৰমিকৰ মজূৰি বৃদ্ধি কৰাৰ গুৰুত্ব প্ৰদান নকৰিলে ৷ তেখেত ইচ্ছা কৰা হলে শ্ৰমিকৰ মজূৰি কেৰেলাৰ দৰে বৃদ্ধি কৰিব পাৰিলে হয় ৷

দীৰ্ঘদিন মজূৰি বৃদ্ধি কৰাৰ  আছাই দাবী উত্থাপন কৰা পিছতো  ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে মজূৰি বৃদ্ধি নকৰিলে ৷ আদিবাসী মূলৰ সাংসদ আজিলৈকে নিৰ্বাচিত নিশ্চিত ভাবে সমস্যা সমূহ সমাধান হল হয়  ৷ লোকসভা নিৰ্বাচনত  বিজেপিয়ে আদিবাসীৰ প্ৰদান নকৰিলে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) ই তীব্ৰ বিৰোধিতা কৰিব বুলি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ নেতাত্ৰয়ে বিজেপি ক সকীয়াই দিছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments