Friday, November 8, 2024
Homeঅসমসৰ্বানন্দ সোণোৱালৰ প্ৰাৰ্থীত্বক তীব্ৰ বিৰোধিতা আছাৰ

সৰ্বানন্দ সোণোৱালৰ প্ৰাৰ্থীত্বক তীব্ৰ বিৰোধিতা আছাৰ

 

 

ডিজিটেল ডেস্ক,  ANEWS24x7: ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰাক্তন মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থীত্ব প্ৰদান কৰাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ই তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ৷ সংগঠনটোৰ উপ সভাপতি দেবেন উৰাং ,যুটীয়া সম্পাদক ৰাজা কুজুৰ আৰু ভূমি সম্পাদক ৰহান ভূমিজে এক প্ৰেছ বিবৃতিত জনোৱা মতে সৰ্বানন্দ সোণোৱালে ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত আছা’ আৰু আদিবাসী ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰি কৈছিল বিজেপি চৰকাৰ গঠন কৰিলেই এশ দিনৰ ভিতৰত অসমৰ আদিবাসী সকলক জনজাতিকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব ৷

২০১৬ চনত বিজেপিয়ে চৰকাৰ গঠন কৰি সৰ্বানন্দ সোনোৱাল নিজে মূখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হল কিন্তু আছা আৰু আদিবাসী জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি পালন কৰাৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ তেওঁ ৰাজ্যসভা সাংসদ নিৰ্বাচিত হয় গুৰুত্বপূৰ্ণ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰীৰ পদো অলংকৃত কৰিলে কিন্তু কোনোদিনে সংসদত অসমৰ আদিবাসী সকলক জনজাতিৰ ময্যদা প্ৰদান কৰিব লাগে বুলি উল্লেখ নকৰিলে

এই জন সৰ্বানন্দ সোণোৱালক কেনেকৈ আদিবাসী চাহ শ্ৰমিক ৰাইজে পূণৰ নিৰ্বাচিত কৰিব ৷ ডিব্ৰুগড় লোকসভা সমষ্টিত আদিবাসী চাহ শ্ৰমিক ৰাইজে পূৰ্ব যুগৰে পৰা প্ৰাৰ্থী নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছে তাৰ পিছতো বিজেপিয়ে কি কাৰণত সৰ্বানন্দ সোনোৱালক সমষ্টিটোত প্ৰাৰ্থীত্ব আগবঢ়ালে বুলি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) নেতাত্ৰয়ে প্ৰশ্ন উত্থাপনব কৰিছে ৷ দহ বছৰ সাংসদ পদ অলংকৃত কৰি সংসদত নিমাতি কন্যা হয় সময় পাৰ কৰা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক বিজেপি চৰকাৰে পুনৰবাৰ প্ৰাৰ্থীত্ব প্ৰদান নকৰাত সংগঠনটো অত্যন্ত সুখী কিন্তু তাৰ পৰিবৰ্তে এজন যোগ্য আদিবাসী মূলৰ ব্যক্তিক বিজেপিয়ে প্ৰাৰ্থীত্ব আগবঢ়াব পাৰিলে হয় ৷ নে ডিব্ৰুগড় লোকসভা সমষ্টিত আদিবাসী জনগোষ্ঠী ভিতৰত এজন যোগ্য ব্যক্তিৰ অভাৱ হৈছে নেকি বুলি সংগঠনটোৱে প্ৰশ্ন উত্থাপন কৰিছে ৷

বিজেপিয়ে চিৰদিনৰ কাৰণে ডিব্ৰুগড় লোকসভা আদিবাসী চাহ শ্ৰমিকৰ পৰা কাঢ়ি নিয়াৰ ষড়যন্ত্ৰ কৰিছে বুলি আছাৰ উপ সভাপতি দেবেন উৰাং , যুটীয়া সম্পাদক ৰাজা কুজুৰ আৰু ভূমি সম্পাদক ৰহান ভূমিজে গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে আদিবাসী সকলৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ, চাহ বাগিছাৰ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি ও নূন্যতম মজুৰি কায্যকৰি কৰা ,বনাঞ্চল আৰু গাঁৱৰ লগত বাগিছাৰ কোম্পানী ঘৰৰ মাটি খিনিৰ পট্টা দিয়াৰ ক্ষেত্ৰতো কোনো ধৰণৰ মাত মতা নাই তেখেত দহ বছৰে আদিবাসী ৰাইজৰ কাৰণ কোনো ধৰণৰ উল্লেখিত পদক্ষেপ গ্ৰহণ কৰা নাই গতিকে তেনে এজন ব্যক্তি নিৰ্বাচিত নকৰিবলৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ নেতাত্ৰয়ে ডিব্ৰুগড় বাসী ৰাইজৰ লগতে আদিবাসী চাহ শ্ৰমিক সকলক আহ্বান জনাইছে ।

সংগঠনটোৰ নেতাদ্বয়ে এক বিবৃতি যোগে জনোৱা মতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক লোকসভা সমষ্টিৰ অন্তৰ্গত আদিবাসী অধ্যুষিত এলেকাত প্ৰবেশ নিষিদ্ধ কৰাৰ লগতে প্ৰচাৰ কায্যত বাধা আৰোপ কৰাৰ হুংকাৰ প্ৰদান কৰিছে আৰু ৰাইজক সাংসদ গৰাকীক তীব্ৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাইছে। 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments