Wednesday, March 11, 2026
Homeঅসমশোণিতপুৰত ১৩৭০ কোটি টকাৰ কল্যাণমূলক প্ৰকল্প উচৰ্গা কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব...

শোণিতপুৰত ১৩৭০ কোটি টকাৰ কল্যাণমূলক প্ৰকল্প উচৰ্গা কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ডিজিটেল ডেস্ক, ১০মাৰ্চ: অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১০ মাৰ্চত শোণিতপুৰ জিলাত ১৩৭০ কোটি টকাৰ কেইবাটাও কল্যাণমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উৎসৰ্গা কৰে।

বিকাশ যাত্ৰাৰ অংশ হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰছোলা মডেল আৱাসিক বিদ্যালয় উদ্বোধন কৰে, শোণিতপুৰত অন্যান্য কল্যাণমূলক কামৰ লগতে ৫০ মেগাৱাটৰ সৌৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।

আনকি মুখ্যমন্ত্ৰী শৰ্মাই শোণিতপুৰত এক জনসভাত ভাষণ দি অঞ্চলটোৰ জনসাধাৰণৰ বাবে কল্যাণমূলক প্ৰকল্পসমূহ উৎসৰ্গা কৰে।

চৰকাৰৰ এই প্ৰচেষ্টাই অঞ্চলটোৰ শিক্ষা, স্বাস্থ্য আৰু শক্তিৰ আন্তঃগাঁথনিৰ উন্নতি সাধন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উচ্চাৰণ কৰে।

তদুপৰি আজি মুখ্যমন্ত্রীয়ে মাজুলী, তিনিচুকীয়া, বাকছা, উদালগুৰিকে ধৰি আন চাৰিখন জিলাত কেইবাটাও প্রকল্প উচৰ্গা কৰিব৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments