ডিজিটেল ডেস্ক, ১১মাৰ্চ: দেশজুৰি বলৱৎ হ’ল CAA। কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিলে অধিসূচনা। CAAৰ অধিসূচনাক লৈ হাই-এলাৰ্ট জাৰি অসম আৰক্ষীৰ। সম্পূর্ণ সতর্ক হ’বলৈ নিৰ্দেশ মুখ্য কাৰ্যালয়ৰ পৰা। জিলাই জিলাই আৰক্ষীক সতর্ক হোৱাৰ নিৰ্দেশ।
ইতিমধ্যে নিযুক্ত আৰক্ষী-অৰ্ধসামৰিক বাহিনীক সাজু হোৱাৰ নিৰ্দেশ। স্পৰ্শকাতৰ স্থানসমূহত সশস্ত্র বাহিনী মোতায়েনৰ নিৰ্দেশ। মহানগৰীত বেৰিকেডসহ আৰক্ষীক সাজু হোৱাৰ নিৰ্দেশ। মহানগৰীৰ বহু স্থানত খালী কৰা হৈছে পথৰ কাষৰ অস্থায়ী দোকান। DGP জিপি সিঙৰ নিৰ্দেশত ৰাজ্যজুৰি সাজু হৈছে অসম আৰক্ষী।
CAAবলৱৎ হোৱাৰ পাছত অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া। লুৰীণজ্যোতি গগৈয়ে কৈছে,‘কা’ আন্দোলনৰ পঞ্চ শ্বহীদক প্ৰণিপাত জনাই মহাসংগ্ৰামৰ বাবে সাজু হ’লো…। আনহাতে অখিল গগৈয়ে কৈছে আহ ঐ আহ, ওলাই আহ “কা” আমি নামানো।”কা”ৰ বিধি ঘোষণাৰ বিৰুদ্ধে সৰ্বাত্মক প্ৰতিবাদৰ বাবে আপুনি সাজুনে?
নিৰ্বাচনৰ পূৰ্বে বলৱৎ হ’ল নাগৰিকত্ব সংশোধনী আইন। নিৰ্বাচনৰ পূৰ্বে বলৱৎ হ’ল CAA। ২০১৯ চনত গৃহীত হৈছিল নাগৰিকত্ব সংশোধনী আইন।
এতিয়াৰে ৩খন দেশৰ শৰণাৰ্থীয়ে ভাৰতত পাব নাগৰিকত্ব। ধৰ্মীয় নিৰ্যাতনৰ বলি হোৱা লোকে লাভ কৰিব নাগৰিকত্ব। বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ হিন্দু, শিখ, বৌদ্ধ, জৈন, খ্ৰীষ্টিয়ান আৰু পাৰ্চী লোকে লাভ কৰিব নাগৰিকত্ব। ২০১৪ৰ ৩১ ডিচেম্বৰৰ পাছত অহা লোকে নাপাব এই সুবিধা।
ভাৰতলৈ শৰণাৰ্থী হিচাপে আহিলে তেনে লোকে পাব নাগৰিকত্ব। ইতিমধ্যে ভাৰতত শৰণাৰ্থী হিচাপে থকাসকলেও লাভ কৰিব নাগৰিকত্ব। নাগৰিকত্বৰ বাবে প’ৰ্টেলত আবেদন কৰিব পাৰিব। ইয়াৰ বাবে তৈয়াৰ কৰা হ’ব এটা পৃথক প’ৰ্টেল। অনলাইনযোগে জনাব পাৰিব নাগৰিকত্বৰ আবেদন।
