Thursday, November 7, 2024
Homeৰাশিফলহাৰিয়ানাত স্কুল বাছ দুৰ্ঘটনা

হাৰিয়ানাত স্কুল বাছ দুৰ্ঘটনা

ডিজিটেল ডেস্ক, ১১ এপ্ৰিলঃ হাৰিয়ানাত স্কুল বাছ দুৰ্ঘটনা। ৮ টা শিশুৰ মৃত্যু, চালকৰ ওপৰত মদ্যপানৰ অভিযোগ

 

বৃহস্পতিবাৰে হাৰিয়ানাৰ মহেন্দ্ৰগড়ত এখন স্কুল বাছ বাগৰি পৰাৰ ফলত কমেও আঠটা শিশুৱে প্ৰাণ হেৰুৱাব লগা হয়।

 

প্ৰাথমিক তদন্ত অনুসৰি হাৰিয়ানাৰ কানিনাৰৰ জি এল পাব্লিক স্কুলৰ বাছখনে উনহানি গাঁৱত এখন বাহন অভাৰটেক কৰি থকাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।

 

লগতে কেইবাজনো শিশু আহত হয়।

 

বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে হাৰিয়ানাৰ মহেন্দ্ৰগড় জিলাত সংঘটিত হোৱা বাছ দুৰ্ঘটনাটোত শিশুৰ মৃত্যুত শোক প্ৰকাশ কৰি আহতসকলক সকলো প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে।

 

‘হাৰিয়ানাৰ মহেন্দ্ৰগড়ত এখন স্কুল বাছৰ দুৰ্ঘটনা অতি দুখজনক। মৃত শিশুসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। ভগৱানে তেওঁলোকক এই ক্ষতি সহ্য কৰিবলৈ শক্তি দিয়ক। স্থানীয় প্ৰশাসনে আহত শিশুসকলক সহায় আগবঢ়াইছে। তেওঁলোকৰ আশু আৰোগ্য কামনা কৰিছো।’-টুইটাৰত এনেদৰে পোষ্ট কৰিছে অমিত শ্বাহে।

 

এই দুৰ্ঘটনাটোত প্ৰায় ৩০ টা শিশু কঢ়িয়াই অনা এখন স্কুল বাছ বাগৰি পৰাত কমেও ৮ টা শিশু নিহত হোৱাৰ লগতে ১৩ জন আহত হয়।

 

প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে বাছৰ চালকজনে মদ্যপান কৰি আছিল।

 

আৰক্ষী অধীক্ষক আৰ্শ ভাৰ্মাই জানিবলৈ দিয়া মতে, চালকজনৰ মদ্যপানৰ অৱস্থা নিৰ্ণয় কৰিবলৈ চিকিৎসা পৰীক্ষা সম্পন্ন কৰা হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments