Sunday, April 26, 2026
Homeঅসমঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

ডিজিটেল ডেস্ক, ৯মে’: আজি ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। পূৰ্বৰ পৰম্পৰা ভংগ কৰি প্ৰথমবাৰৰ বাবে এইবাৰৰ ফলাফলত নাথাকিল কোনো শীৰ্ষ স্থান।

পুৱা ৯ বজাত ঘোষণা কৰা হ’ল পৰীক্ষাৰ ফলাফল। পৰীক্ষাৰ ফলাফলৰ বাবে মুকলি কৰা হৈছিল ৮ টাকৈ ৱেবচাইট। আজি ঘোষিত ফলাফল অনুসৰি কলা শাখাত উত্তীৰ্ণ হৈছে ৮৯.১৮ শতাংশ শিক্ষাৰ্থী , বিজ্ঞান শাখাত ৮৯.৮৮ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাৰ বিপৰীতে বাণিজ্য শাখাত উত্তীৰ্ণ হৈছে ৮৭.৮০ শতাংশ ছাত্ৰ-ছাত্ৰী।

২০২৩ বৰ্ষৰ তুলনাত এইবাৰ তিনিওটা শাখাতে উত্তীৰ্ণৰ হাৰ যথেষ্ঠ উন্নত। ২০২৩ বৰ্ষত কলা শাখাত ৭০.১২ শতাংশ ছাত্ৰ-ছাত্ৰী , বিজ্ঞান শাখাত ৮৪.৯৬ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাৰ লগতে বাণিজ্য শাখাত উত্তীৰ্ণ হৈছিল ৭৯.৫৭ শতাংশ ছাত্ৰ-ছাত্ৰী।

এইবাৰৰ ফলাফল অনুসৰি, উত্তীৰ্ণৰ হাৰত কলা শাখাত শীৰ্ষত জিলিকিল বাক্সা জিলা। বাক্সা জিলাৰ উত্তীৰ্ণৰ হাৰ ৯৭.৪৪ শতাংশ। কলা শাখাত উত্তীৰ্ণৰ দ্বিতীয় স্থানত নলবাৰী জিলা, নলবাৰী জিলাৰ উত্তীৰ্ণৰ হাৰ ৯৭.০৩ শতাংশ। কলা শাখাত উত্তীৰ্ণৰ তৃতীয় স্থানত দৰং জিলা, দৰঙৰ উত্তীৰ্ণৰ হাৰ ৯৬.৫৯ শতাংশ।

তাৰোপৰি বিজ্ঞান শাখাত শীৰ্ষত জিলিকিল তামুলপুৰ জিলা। তামুলপুৰ জিলাৰ উত্তীৰ্ণৰ হাৰ ৯৭.৯৮ শতাংশ। বিজ্ঞান শাখাত উত্তীৰ্ণৰ দ্বিতীয় স্থানত শিৱসাগৰ জিলা, শিৱসাগৰ জিলাৰ উত্তীৰ্ণৰ হাৰ ৯৭.৬০ শতাংশ। বিজ্ঞান শাখাত উত্তীৰ্ণৰ তৃতীয় স্থানত বাক্সা জিলা, বাক্সা জিলাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৫.৮৬ শতাংশ।

আনহাতে, বাণিজ্য শাখাত উত্তীৰ্ণৰ শীৰ্ষত শিৱসাগৰ জিলা। শিৱসাগৰ জিলাৰ উত্তীৰ্ণৰ হাৰ ৯৭.৪২ শতাংশ। বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰত দ্বিতীয় স্থানত আছে বজালী জিলা, বজালী জিলাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৬.৯১ শতাংশ। বাণিজ্য শাখাত উত্তীৰ্ণৰ তৃতীয় স্থানত আছে দুখন জিলা। বাক্সা আৰু চৰাইদেউ জিলাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৫.৮৮ শতাংশ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments