Thursday, November 7, 2024
Homeৰাশিফলকোন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ

কোন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ

মেষ ৰাশি ফলাফল

আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক । আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। আজি বিনা কাৰণত পইচা খৰচ কৰাৰ পৰা নিজকে বচাই চলক নহলে লগা সময়ত আপোনাৰ তাত পইচাৰ নাটনি হব পাৰে। কল্পনাৰ পিছত দৌৰা বাদ দিয়ক আৰু যিমান পাৰে বাস্তৱ বাদী তথা যথাৰ্থ বাদী হওক -কিচু সময় নিজৰ বন্ধুৰ লগত অতিবাহিত কৰক, কাৰণ এই নিৰ্ণয় আপোনাৰ বাবে সঠিক বুলি প্ৰমাণিত হব। ভাৱনাৰ বিশৃংখলতাই আপোনাক চিন্তিত কৰি তুলিব পাৰে। যিসকল লোক ঘৰৰ বাহিৰত থাকে সেইসকল লোক সোনকালে নিজৰ কাম শেষ কৰি কৰবাত পাৰ্কত নাইবা একান্ত ঠাইত সময় অতিবাহিত কৰিব পচন্দ কৰিব। আপোনাৰ জীৱন সংগী সম্ভৱত কাম-কাজক কৈ অধিক ব্যস্ত হৈ পৰিব আৰু এয়াই আপোনাৰ উদাস মনৰ কাৰণ হব। আজি আপুনি খঙত পৰিয়ালৰ কোনোবা এজন সদস্যক বেয়াকৈ ক’ব পাৰে।

 

বৃষ ৰাশি ফলাফল

মা-দেউতাকক অৱহেলা কৰিলে আপোনাৰ ভৱিষ্যতৰ সম্ভাৱনা শেষ হৈ যাব পাৰে।ভাল সময় বহুত বেছি দিন লৈকে নাথাকে ,মানুহৰ কৰ্ম ধ্বনি তৰংগৰ নিচিনা হয়, লাগত মিলি ই এক সংগীত তৈয়াৰ কৰে যি নিজৰ মাজত ঘৰ্ষণ কৰি সংগীত সৃষ্টি কৰে। আমি যি ৰুও সেইটোৱে পাওঁ। নিজস্ব খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰক আৰু অকল প্ৰয়োজনীয় বস্তু সমূহে ক্ৰয় কৰক। আপোনাৰ সন্তান আপোনাৰ মন সুখী কৰিব পৰা খবৰ লৈ আহিব পাৰে। প্ৰেমৰ অনুভূতি অনুভৱ কৰিবলৈ আপুনি কোনোবা নতুন ব্যক্তিক লগ পাব। নিজকে সুস্থ সবল কৰিব বাবে আপুনি আজিও ধেৰ পৰিকল্পনা কৰিব কিন্তু বাকীদিন বোৰৰ দৰে আজিও আপোনাৰ সকলো পৰিকল্পনা অসফল হব। বৈবাহিক জীৱনত এক জটিল সময় পাৰ কৰাৰ পিছত আজি আপুনি এক আশাৰ কিৰন দেখিবলৈ পাব। কাৰোবাক দিয়া ঋণ গুৰাই পাব পাৰে যাৰ ফলত আপোনাৰ আৰ্থিক সমস্যা দূৰ হ’ব পাৰে।

 

মিথুন ৰাশি ফলাফল

আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপুনি ঘুৰা-ফুৰা কৰাৰ আৰু পইচা খৰচ কৰাৰ মোডত থাকিব কিন্তু যদি আপুনি এনেকুৱা কৰে তেন্তে আপুনি পৰিতাপ কৰিব লগীয়া হ’ব পাৰে। কোনো ঐতিহাসিক ভাস্কৰ্যৰ ওচৰে পাজৰে ফুৰিব যোৱাৰ যোজনা বনিব পাৰে, ইয়াৰ ফলত ল’ৰা-ছোৱালী আৰু পৰিয়ালৰ সদস্যসকলক প্ৰয়োজনীয় সতজতা লাভ কৰিব। যদি আপুনি আপোনাৰ প্ৰেমাস্পদৰ লগত কৰব্বত ফুৰিব গৈ আছে তেন্তে কাপোৰ ভাৱি চিন্তি পিন্ধিব । যদি আপুনি এনে নকৰে তেখেত বেয়া পব পাৰে। এই ৰাশিৰ বয়সীয়াল লোকসকল আজি খালি সময়ত পূৰণী মিত্ৰক লগ কৰিব যাব পাৰে। বিয়া অকল এটা ঘৰত একেলগে থকাৰ নাম নহয়, পৰস্পৰে পৰস্পৰৰ লগত সময় অতিবাহিত কৰাও সিমানেই দৰকাৰী। সম্বন্ধতকৈ ডাঙৰ আপোনাৰ আন এটা পৃথিৱী আছে আৰু এই পৃথিৱী আপোনাৰ ওচৰত আহিব পাৰে।

 

কৰ্কট ৰাশি ফলাফল

যিকোনো ধৰণৰ দ্বন্দ অথবা কাজিয়াৰ পৰা দূৰত থাকক কাৰণ এইটোয়ে আপোনাৰ বেমাৰ অধিক কৰিব পাৰে। যিসকল লোকে আজি পৰ্যন্ত পইচা বিনা কাৰণত খৰচ কৰিছিল, সিহতেঁ আজি পইচাৰ মূল্য বুজি পাব যেতিয়া সিহতঁক পইচাৰ আৱশ্যকতা হব কিন্তু সিহতঁৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থ নাথাকিব। সকলোকে আপোনাৰ আয়োজিত পাৰ্টীত নিমন্ত্ৰণ দিয়ক ,কাৰণ আপোনাৰ ওচৰত আজি অতিৰিক্ত উৰ্জা আছে ,যি আপোনাক পাৰ্টী অথবা কাৰ্যক্ৰম আয়োজন কৰাৰ বাবে প্ৰেৰণা পাব। ব্যক্তিগত দিকদৰ্শনে আপোনাৰ সম্বন্ধৰ মাজত শুধৰণি আনিব। সময়ৰ পিনে লক্ষ্য কৰি আজি আপুনিসকলোৰে পৰা দূৰ হৈ অকলে সময় অতিবাহিত কৰি ভাল পাব। এনেকুৱা কৰাটো আপোনাৰ বাবে হিতকৰ বুলি প্ৰমাণিত হব। আপুনি আৰু আপোনাৰ জীৱনলগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক সুৱনি কৰি তুলিব। ল’ৰা- ছোৱালীৰ লগত সময় কেনেকৈ পাৰ হয় গমে পোৱা নাযায় ,এই কথাটো আজি আপুনি সন্তানৰ লগত সময় অতিবাহিত কৰা সময়ত গম পাব।

 

সিংহ ৰাশি ফলাফল

আজি আপুনি বহুত ভাবুক হৈ পৰিব সেইবাবে এনেকুৱা পৰিস্থিতিৰ পৰা আতৰি ফুৰক যাৰ ফলত আপুনি দুখ পাব পাৰে। যিসকল লোকে জুৱা নাইবা বাজিত নিজৰ পইচা লগাইছিল সিহতৰ আজি লোকচান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। জুৱা খেলৰ পৰা দূৰত থকাটোয়ে আপোনাৰ বাবে শ্ৰেয়। এক সুখী আৰু বঢ়িয়া সন্ধিয়াৰ বাবে আপোনাৰ ঘৰত আজি আলহী আহিব পাৰে। প্ৰেমৰ শক্তিয়ে আপোনাক প্ৰেম কৰাৰ এক কাৰণ দিব। আপোনাৰ ব্যক্তিত্বই এনেকুৱা যে আপুনি বেছি মানুহৰ মাজত অসহজবোধ কৰে আৰু নিজৰ বাবে সময় উলিওৱাৰ চেষ্টাত লাগি যায়। ইয়াৰ ওপৰত ভিত্তি কৰি এইটোৱে কব পাৰি যে আজিৰ দিন টো আপোনাৰ বহুত ভাল যাব তাৰ উপৰি আপুনি নিজৰ বাবে ঢেৰ সময় পাব। আজি আপোনাৰ বৈবাহিক জীৱন প্ৰেম,সন্তুষ্টি আৰু আশাৰে ভৰপূৰ হব। ব্যৱসায়ত লাভ আজি এই ৰাশিৰ ব্যৱসায়ীৰ বাবে সোণোৱালী সপোন সচাঁ হোৱাৰ দৰে হ’ব।

 

কন্যা ৰাশি ফলাফল

নিঃসংগতা আৰু হতাশাৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিয়ালৰ লগত সময় অতিবাহিত কৰক। বাকী থকা ধন আপুনি ঘুৰাই পাব আৰু আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হব । কোনোবা এনেকুৱা আত্মীয় জন বহুত দূৰত থাকে তেখেতৰ লগত আজি সম্পৰ্ক স্থাপন হব পাৰে। প্ৰিয়জনক ৰুক্ষভাৱে কথা নক’ব নহ’লে পিছলৈ পৰিতাপ কৰিবলগীয়া হব পাৰে। ঘৰৰ পৰা বাহিৰত ওলাই আজি আপুনি সতেজ বতাহত খোজঁ কাঢ়িব ভাল পাব। আজি আপোনাৰ মন শান্ত থাকিব যিটোৰ লাভ আপুনি গোটেই দিন পাব পাৰে। জীৱন সংগী আজি অলপ অধিক আত্ম কেন্দ্ৰিকৰ দৰে ব্যৱহাৰ কৰিব। নিজৰ কথা সমূহত গুৰুত্ব পাব কাৰণে আজি আপুনি মনৰোচক কথা ক’ব পাৰে। মোৰ উপদেশ আপোনালৈ এয়ে উপদেশ যে এনেকুৱা নকৰিব।

 

তুলা ৰাশি ফলাফল

স্বাস্থ্যৰ ফালেদি এই সময়খিনি আপোনাৰ কঠিন যাব ,সেইবাবে খোৱা বোৱাৰ ভলকৈ যত্ন লব। অৰ্থ্নৈতিক দিশত শক্তিশালী হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। যদি আপুনি কাৰোবাক পইচা ধাৰলৈ দিছিলে তেন্তে সেই পইচা ঘুৰাই পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ব্যক্তিত্ব আৰু ব্যৱহাৰৰ জৰিয়তে আপুনি কিছুমান নতুন বন্ধু পাব পাৰে। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ পৰা অকল বিশ্বাস আৰু প্ৰতিশ্ৰুতিহে বিচাৰিব। আজিৰ দিনটো আপুনি বহুত ব্যস্ত থাকিব কিন্তু গধূলিৰ সময়ত আপুনি নিজৰ পচন্দৰ কাম কৰিবৰ বাবে পৰ্যাপ্ত সময় পাব। বৈবাহিক জীৱনৰ বহুত সমস্যাৰে ভৰা দিনৰ পিছত আপুনি আৰু আপোনাৰ লগৰী আকৌ প্ৰেমৰ দিন কেইটা ঘুৰাই পাব। জীৱন আপোনাৰ মতে তেতিয়াই চলিব যেতিয়া আপুনি শুদ্ধ বিচাৰ আৰু ভাল সংগৰ লগত থাকিব।

 

বৃশ্চিক ৰাশি ফলাফল

আপোনাৰ প্ৰত্যেককে সহায় আৰু সাহাৰ্য কৰিব বিচাৰাৰ ইচ্চাই আপোনাক বেয়াভাৱে ভাগৰুৱা কৰি তুলিব। আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমা ধন পাৰম্পৰিক ভাৱে নিৱেশ কৰক। আপোনাৰ আত্মীয় যাৰ স্বাস্থ্য বহুত দিনৰ বেয়া হৈ আছে তেখেতক আজি আপুনি দেখিব যাব পাৰে। আপুনি নিজৰ প্ৰিয়জনক নিজৰ পৰিস্থিতি বুজাবলৈ গৈ অলপ সমস্যাৰ সন্মুখীন হব পাৰে। আজি আপোনাৰ দ্বাৰা সেইবোৰ কাম কৰা হব যিবোৰ আপুনি অকল অনবৰতে ভাৱি থাকে কিন্তু কেতিয়াও কৰাত সমৰ্থ নাই হোৱা যদি আপোনাৰ জীৱন সংগীৰ অসুস্থ স্বাস্থ্যৰ বাবে আপোনাৰ কাৰোবাৰ লগত দেখা কৰাৰ পৰিকল্পনা বাতিল হৈ যায় তেন্তে চিন্তা নকৰিব, আপোনালোক দুয়োজনে একেলগে ভালকৈ সময় অতিবাহিত কৰিব পাৰিব। বন্ধুৰ লগত ফোনত কথা পতাতকৈ ভাল কামনো আৰু কি হব পাৰে, ইয়াৰ ফলত আপোনাৰ নিঃসংগতাও দূৰ হ’ব।

 

ধনু ৰাশি ফলাফল

স্বাস্থ্যৰ লগত জড়িত কাৰ্যক্ৰম আৰম্ভ কৰাৰ বাবে আজি ভাল দিন। আপোনাৰ ঘৰৰ লগত জড়িত নিৱেশ আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব। আপুনি আপোনাৰ জীৱন-সংগীৰ ব্যক্তিগত জীৱনত অধিক হস্তক্ষেপ কৰা বাবে তেখেত অশান্তি অনুভৱ কৰে। খঙক নিয়ন্ত্ৰণত ৰাখক নহ’লে কথা অধিক বেয়াৰ পিনে ঢাল খাব পাৰে , আৰু শান্ত ভাৱে এই কথা সমাধান কৰক। সত্য আৰু পৱিত্ৰ প্ৰেমৰ অনুভূতিয়ে আপোনাক সুখী কৰিব। পৰপ্ৰয়োজনত থকা ব্যক্তিক সহায় কৰিব বিচৰা আপোনাৰ এই গুণে আপোনাক আজি সন্মানৰ পাত্ৰ কৰি তুলিব। আজি আপুনি আকৌ এবাৰ সময়ৰ সোতঁত পিছলৈ গৈ বিয়া হোৱাৰ প্ৰাৰম্ভিক দিন সমূহত থকা প্ৰেম আৰু ভালপোৱাৰ সুখানুভ বোৰ আকৌ ৰোমন্থন কৰিব পাৰিব। গোটেই দিন এনেই বহি থকাতকৈ আপুনি আজি এখন ভাল কিতাপ পঢ়িব পাৰে নহ’লে ব্লগ পষ্ট লিখিব পাৰে।

 

মকৰ ৰাশি ফলাফল

নিৰাশাবাদী ব্যৱহাৰ আপুনি পৰিহাৰ কৰা উচিত কাৰণ ই আপোনাৰ সম্ভাৱনাপুৰ্ণ সুযোগ সমূহ নোহোৱা কৰিব পাৰে,নহলে ই আপোনাৰ আভ্যন্তৰীণ সন্তুলন ভংগ কৰিব পাৰে। নতুন যোজনা এটা আপোনাৰ চকুত লাভান্বিত দৰে দেখিব কিন্তু আশা কৰা মতে আপোনাক লাভ দিব নোৱাৰিব ,বিনিয়োগ কৰা সময়ত অতি সোনকালে কোনো নিৰ্ণয় নলয় যেন। যদি আপুনি পাৰ্টী কৰাৰ কথা ভাৱি আছে তেন্তে আপুনি নিজৰ ভাল বন্ধুসকলক এই অনুষ্ঠানত মাতক ,এনেকুৱা লোক সকলৰ উপস্থিতিয়ে আপোনাৰ উৎসাহ বহু গুণে বঢ়াব। আজি আপুনি কাৰোবাৰ মন ভাঙি যোৱাৰ পৰা উদ্ধাৰ কৰিব। আজিৰ সময়ত নিজৰ বাবে সময় উলিওৱা বহুত কঠিন। তথাপি আজি এনেকুৱা এটা দিন যেতিয়া আপোনাৰ নিজৰ বাবে বহুত সময় থাকিব। আজিৰ দিনটো প্ৰকৃততে খুবেই ৰোমাণ্টিক , ভাল ভাল খোৱা বস্তু, ধুনীয়া সুগন্ধি আৰু সুখী বাতাবৰণৰ জৰিয়তে আপুনি আজি নিজৰ জীৱন লগৰীৰ লগত এটা ধুনীয়া সন্ধিয়া অতিবাহিত কৰিব পাৰিব। স্কুলত আজি আপুনি চিনিয়ৰৰ লগত কাজিয়া লাগিব পাৰে। এনেকুৱা কৰাটো আপোনাৰ বাবে ঠিক নহব । নিজৰ খঙত নিয়ন্ত্ৰণ ৰাখিব ।

 

কুম্ভ ৰাশি ফলাফল

আজি আপুনি উদ্দীপনাৰ যাদু পৃথিৱীত বিচৰণ কৰি আছে। ৰিয়েল এষ্টেট সম্বন্ধি নিৱেশত আপোনাৰ ভালেমান লাভ হব। যি সকল লোক আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ , সিহঁতক কিছুমান কথা বুজোৱাত আপুনি অধিক জটিলতাৰ সন্মুখীন হব পাৰে। কিছুমান মানুহৰ বাবে নতুন ৰোমাঞ্চ সতেজতা আনিব আৰু গোটেই দিন আনন্দিত থাকিব। কিবা নতুন কামৰ আভাস পাব হ’লে আপুনি সেইবিষয়ে অনুভৱী লোকৰ লগত কথা পাতি ল’ব লাগে। যদি আপোনাৰ ওচৰত আজি সময় আছে তেন্তে সেই ক্ষেত্ৰৰ অনুভৱী লোকৰ লগত মিলি কাম আৰম্ভ কৰি দিব লাগে। জীবনলগৰীৰ লগত আজিৰ সন্ধিয়া সচাঁকৈয়ে কিবা এটা বিশেষ হবলৈ গৈ আছে। যেতিয়া আপুনি নিজৰ পৰিয়ালৰ লগত সাধাৰণতকৈ অলপ বেছি সময় অতিবাহিত কৰে তেতিয়া অলপ হ’লেও মতানৈক্য হোৱাৰ সম্ভাৱনা থাকিবই ,কিন্তু আজি ইয়াৰ পৰা হাত সাৰিব চেষ্টা কৰক।

 

মীন ৰাশি ফলাফল

খেলা-ধূলাই আপোনাক আকৰ্ষিত কৰিব আকৌ ধ্যান আৰু যোগ আপোনাক লাভান্বিত কৰিব। আপুনি সেই যোজনা সমূহত বিনিয়োগ কৰাৰ আগত দুই বাৰ চিন্তা কৰক ,যিবোৰ আজি আপুনি দেখিছে। আপোনাৰ বেছিভাগ সময় বন্ধু আৰু পৰিয়ালৰ লগত অতিবাহিত হব। আজি আ[পোনাৰ প্ৰিয়জনক ক্ষমা কৰিবলৈ নাপাহৰিব। অসুবিধাক দ্ৰুত ভাৱে সন্মুখীন কৰাৰ আপোনাৰ ক্ষমতা আপোনাক আজি পৰিচয় প্ৰদান কৰিব। পৰিয়ালৰ সদস্য সমূহৰ কাৰণে আপুনি অলপ সমস্যাৰ সন্মুখীন হব পাৰে ,কিন্তু দিনৰ অন্তত আপোনাৰ জীৱন সংগী আপোনাৰ এই সমস্যা সমূহক অলপ সহজ হোৱাত আপোনাক সহায় কৰিব। শৰীৰ ভাল ৰাখিবৰ বাবে আজি আপুনি পাৰ্ক নাইবা জিম লৈ শৰীৰচৰ্চা কৰিব যাব পাৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments