Thursday, November 7, 2024
Homeৰাশিফলকোন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ

কোন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ

মেষ ৰাশি ফলাফল
ৰক্তচাপ থকা ৰোগীবোৰে অনুগ্ৰহ কৰি নিজৰ যত্ন লোৱা আৰম্ভ কৰক আৰু আপুনি ঔষধ গ্ৰহণ কৰাৰ আৱশ্যক আছে আৰু আপুনি ৰেড ৱাইন গ্ৰহণ কৰিলেও বহুত আৰাম পাব, লগতে আপোনাৰ কলেষ্ট্ৰলো নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰক,এনেকুৱা কৰাটো আপোনাৰ বাবে অধিক লাভদায়ক বুলি পৰিগণিত হ’ব। যি ব্যৱসায়ী নিজৰ ব্যৱসায়ৰ বাবে সঘনে ঘৰৰ পৰা বাহিৰত থাকে সিহতঁ আজি যাতে নিজৰ অৰ্থ বিশেষ ভাৱে সুৰক্ষিত ৰখে যেন, চুৰি হোৱাৰ সম্ভাৱনা আছে। বন্ধুৰ লগত সন্ধিয়া বাহিৰত ফুৰিব যাওক ,আৰু ইয়াৰ ফলত আপোনাৰ বহুত লাভ হব। ৰোমাঞ্চৰ বতৰ হয় ,কিন্তু নিজৰ ভাৱনা সমূহক নিয়ন্ত্ৰণত ৰাখক,নহ’লে সম্বন্ধত ফাটঁ মেলিব পাৰে। ডাঙৰ ব্যৱসায়িক লেন-দেন কৰি থকা সময়ত নিজৰ অনুভূতি সমূহ নিয়ন্ত্ৰণত ৰাখক। নিজৰ মনত নিয়ন্ত্ৰণ কৰা শিকক কিয়নো বহু সময়ত আপোনাৰ মনৰ শুনি আপুনি নিজৰ মূল্যৱান সময় নষ্ট কৰি দিয়ে। আপুনিও আজি এনেকুৱা কিবা কৰিব পাৰে। আজি আপোনাৰ অনিচ্ছা সত্বেও আপোনাৰ জীৱন সংগী আপোনাক বাহিৰলৈ ফুৰিব যাবৰ বাবে জোৰ কৰিব পাৰে ,তেনেকৈ ওলাই গ’লে আপোনাৰ মন এনেও ভাল নাথাকিব।

বৃষ ৰাশি ফলাফল
নিজৰ কামৰ বাবে বেলগৰ ওপৰত হেচা নিদিব,বেলেগৰ ইচ্ছা আৰু অনিচ্ছা সমূহক ভালকৈ মন কৰক ,ইয়াৰ ফলত আপোনাৰ সুখ অনুভৱ হব। দিন শেষ হোৱাৰ ফালে আপোনাৰ ধন লাভ হব। আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব লগতে জীৱনগামী আৰু শক্তিৰে ভৰা ব্যৱহাৰ আপোনাৰ ওচৰে পাজৰে থকা লোকসকলোকো সুখী কৰি তুলিব। আজি প্ৰেমৰ সম্পৰ্কৰ বাবে আপুনি সকলো সামাজিক বন্ধন ভাঙি দিব। আপোনাৰ বৰিষ্ঠ জনৰ লগত আজি অলপ কথাত বিবাদ হব পাৰে নহ’লে কিছুমান কথাত বিৰোধ হব পাৰে, আকৌ আপুনি নিজৰ মগজু শান্ত ৰখাৰ প্ৰয়োজন আছে । যদি আজি আপুনি সামগ্ৰী কিনিবলৈ বাহিৰলৈ ওলায় তেন্তে নতুন পোছাক এযোৰ লব পাৰে। আপুনি নিজৰ জীৱন সংগীক বুজাত ভুল কৰিব পাৰে ,যাৰ বাবে আজি গোটেই দিন বেয়া ভাৱে অতিবাহিত হব পাৰে।

মিথুন ৰাশি ফলাফল
ব্যস্ত দিনযোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব আজি আপুনি কোনোবা নতুন এটা আৰ্থিক যোজনাৰ লগত পৰিচিত হব আৰু কোনোবা নিৰ্ণয় কৰাৰ আগত ভাল আৰু বেয়া সমূহত বিশেষ গুৰুত্ব আৰোপ কৰক। অন্য লোক আৰু সিহঁতৰ ইচ্ছাৰ বাবে অতি সোনকালে কোনো নিৰ্ণয় নল’ব ,হ’ব পাৰে যে আপুনি বেলেগৰ দবাবত আছে আৰু সিহঁতক আপোনাৰ সহানুভূতি আৰু বিশ্বাসৰ প্ৰয়োজন। আজি প্ৰেমৰ জুইত লাহে লাহে কিন্তু অনবৰতে জ্বলি থাকিব। এইটো সেই দিন যিদিনা আপুনি আপোনাৰ পৰিকল্পনা সমূহত চকু দিয়া উচিত আৰু তাৰ বাবে বিশেষ আৰু বিখ্যাত ব্যক্তিৰ লগত সাক্ষাত কৰা উচিত। আপোনাৰ কথা-বতৰাত মৌলিকতা ৰাখক ,কাৰণ যিকোনো ধৰণৰ কৃত্ৰিমতাই আপোনাক একো লাভান্বিত কৰিব নোৱাৰে। জীৱন সংগীক নোসোধাকৈ কিছু পৰিকল্পনাৰ যোজনা কৰিলে তেখেতৰ ফালৰ আপুনি ঋণাত্মক সহাঁৰি পাব পাৰে।

কৰ্কট ৰাশি ফলাফল
শৰীৰৰ যিকোনো অংগত আজি বিষ হোৱাৰ সম্ভাৱনা আছে। এনেকুৱা যিকোনো কামৰ পৰা বাচক ,য’ত শাৰীৰিক ভাৱে বহুত কষ্ট হব পাৰে । পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম কৰক। আজি আপুনি বুজিব পাৰিব যে চিন্তা চৰ্চা নকৰাকৈ ধন খৰচ কৰিলে আপোনাৰ কিমান লোকচান হব পাৰে। আপোনাৰ ব্যক্তিগত জীৱনত কিছুমান মহত্বপূৰ্ণ ঘটনা ঘটিত হব যি আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে প্ৰসন্নতা লৈ আহিব। যিসকল লোক নিজৰ প্ৰেমীৰ পৰা দূৰত থাকে আজি প্ৰেমীৰ কথা সিহতঁৰ মনত পৰিব পাৰে ।ৰাতি প্ৰেমাস্পদৰ লগত বহুত সময় ফোনত কথা হব পাৰে। আপুনি যদি কৰ্মক্ষেত্ৰত ভাল ফল পাব বিচাৰিছে তেন্তে নিজৰ কামৰ প্ৰতি অধিক গুৰুত্ত্ব দিয়ক নহলৰ বচঁৰ দৃষ্টিত সদায় বেয়া হৈ থাকিব। আপোনাৰ বিশেষত্ব আৰু ভৱিষ্যতৰ পৰিকল্পনা সমূহৰ ওপৰত আকৌ এবাৰ বিবেচনা কৰাৰ এয়া সঠিক সময়। আপোনাৰ জীৱন লগৰী এগৰাকী দেৱদূতৰ দৰে সদায় আপোনাৰ যত্ন লব।

সিংহ ৰাশি ফলাফল
আপোনাৰ হিংসা প্ৰবৃতি আপোনাক দুখী আৰু হতাশ কৰিব পাৰে কাৰণ এই খিনি অকল আপোনাক কষ্ট দিব পাৰে সেইবাবে আপুনি যিমান পাৰে সোনকালে এইবোৰ বাদ দিয়ক। বেলেগৰ লগত সুখ দুখৰ ভাগ বটৰা কৰিলে আপোনাৰ স্বভাৱ ভাল হব। আগতীয়াকৈ নজনাই কোনোবা দেনদাৰে আপোনাৰ বেংক একাউণ্টত পইচা দিব পাৰে, যি কথা জানি আপুনি আচৰিত হোৱাৰ লগতে সুখীও হব। ঘৰত যিকোনো ধৰণৰ পৰিৱৰ্তন আনিবৰ বাবে আগতে নিজৰ বৰিষ্ঠ সকলৰ মতামত লওক ,নহ’লে তেখেত সকল আপোনাৰ ওপৰত খঙ কৰিব পাৰে। আপোনাৰ গভীৰ প্ৰেম আপোনাৰ প্ৰিয়জনৰ কাৰণে এক অমূল্য বস্তু হব। যদি আপুনি বেলেগৰ ওপৰত কামৰ চাপ অধিক দিব তেন্তে তেখেত সকল আপোনাক খঙ কৰিব পাৰে , সেইবাবে যিকোনো নিৰ্ণয় লোৱাৰ আগতে প্ৰয়োজনক বুজিব চেষ্টা কৰিব । অৱসৰ সময়ত আপুনি যিকোনো ফিল্ম চাব পাৰে কিন্তু ফিল্ম খন আপোনাৰ মনপুত নহব যাৰ বাবে আপুনি সময় অপচয় কৰাৰ দৰে অনুভৱ হ’ব। আপোনাৰ জীৱন সংগী আজি আপোনাৰ ওচৰলৈ আহি আপোনাক ধুনীয়াকৈ বুজাই দিব যে তেখেতৰ জীৱনত আপুনি কিমান মূল্যৱান হয়!

কন্যা ৰাশি ফলাফল
স্বাস্থ্য ভালে থাকিব। ঘৰৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি আজি আপুনি আপোনাৰ জীৱনসংগীৰ লগত আলোচনা কৰি মূল্যৱান বস্তু ক্ৰয় কৰিব পাৰে যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়্যলৈ ঢাল খাব পাৰে। যেতিয়া আপুনি একেলগে বহুত লোক থাকে তেতিয়া আপুনি কি কৰি আছে সেই বিষয়ে গুৰুত্ব প্ৰদান কৰিব, অধিক চিন্তা-চৰ্চা অবিহনে হঠাৎ কৈ দিয়া শব্দৰ বাবে আপুনি বহুত কঠোৰ সমালোচনাৰ সন্মুখীন হব পাৰে। প্ৰেমৰ দিশত আজি আপোনাক কোনোবাই ভুল ভাবিব পাৰে। আজি আপুনি যি নতুন জ্ঞান আহৰণ কৰিছে সেইবোৰে আপোনাক লগৰ সহপাঠীত কৈ আগ বঢ়াত সহায় কৰিব। আজি আপুনি নিিজৰ লুকাই থকা বিশেষত্বৰ ব্যৱহাৰ কৰি দিনটো বহুত ধুনীয়া কৰি তুলিব পাৰে। আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত কোনোবা বাহিৰা ব্যক্তিয়ে দূৰত্ব বঢ়াব চেষ্টা কৰিব পাৰে কিন্তু আপোনালোক দুজনে সকলো পৰিস্থিতি চম্ভালি লব পাৰিব।

তুলা ৰাশি ফলাফল
আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। যিবোৰ মানুহ দীৰ্ঘদিনীয়া অৰ্থ সংকটত ভূগি আছিল সিহঁতৰ ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে যাৰ ফলত সিহঁতৰ বহুখিনি অসুবিধা দূৰ হব। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোয়ে আটাইতকৈ ভাল সুযোগ,যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। এই ব্যস্ত ভৰা জীৱনত আপুনি নিজকে ভাগ্যশালী বুলি অনুভৱ কৰিব কাৰণ আপোনাৰ প্ৰিয়জন সকলোতকৈ ভাল । পৰ প্ৰতিযোগিতা চলি থকা বাবে কাম-কাজ ত আপুনি বেছি ভাগৰুৱা হৈ পৰিব। সময়ৰ পিনে লক্ষ্য কৰি আজি আপুনিসকলোৰে পৰা দূৰ হৈ অকলে সময় অতিবাহিত কৰি ভাল পাব। এনেকুৱা কৰাটো আপোনাৰ বাবে হিতকৰ বুলি প্ৰমাণিত হব। এগৰাকী ধুনীয়া ব্যক্তিত্ব সম্পন্ন জীৱন লগৰীৰ লগত জীৱন সচাঁকৈয়ে বহুত অদ্ভুত হৈ পৰে আৰু আজি আপুনি এই কথা ভালকৈয়ে অনুভৱ কৰিব।

বৃশ্চিক ৰাশি ফলাফল
আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। আজি কোনোবা নিকটৱৰ্তী ব্যক্তিৰ লগত আপোনাৰ কাজিয়া হব পাৰে আৰু কথা আদালতলৈকে যাব পাৰে। যাৰ ফলত আপোনাৰ ভালেখিনি ধন খৰচ হব পাৰে। পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ আৰু বিশেষ মহত্ব আছে। প্ৰেমিক যুগলে পৰস্পৰে পৰস্পৰৰ পাৰিবাৰিক ভাৱনা সমূহক বুজিব চেষ্টা কৰক। ডাঙৰ ব্যৱসায়িক লেন-দেন কৰি থকা সময়ত নিজৰ অনুভূতি সমূহ নিয়ন্ত্ৰণত ৰাখক। ব্যৱসায় কৰা মানুহবোৰ আজি পৰিয়ালৰ মানুহক বেছি সময় দিব চেষ্টা কৰিব।ইয়াৰ ফলত পৰিয়ালত সামঞ্জস্যৰ সৃষ্টি হব। আজিৰ দিন হল উন্মাদ হৈ যোৱাৰ ,কাৰণ আপুনি প্ৰিয়জনৰ লগত প্ৰেমৰ উচ্চতা অনুভৱ কৰিব।

ধনু ৰাশি ফলাফল
আপুনি অনুভৱ কৰিব যে আপোনাৰ ওচৰে পাজৰে থকা মানুহ সমূহ বহুত বেছি আশা কৰা প্ৰকৃতিৰ সেয়ে আপোনাৰ দ্বাৰা যিমান হব আপুনি সিমানেই সিহঁতক আশা দিয়া ভাল আৰু নিজকে ইমান হেচা প্ৰদান কৰা বন্ধ কৰক। কোৰ্ট ত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেচত আপুনি জয় লাভ কৰিব পাৰে যাৰ ফলত লক্ষ্মীৰ আগমণ হব পাৰে। এক সুখী আৰু বঢ়িয়া সন্ধিয়াৰ বাবে আপোনাৰ ঘৰত আজি আলহী আহিব পাৰে। আপোনাৰ চকুপানী মচিবলৈ কোনোবা বিশেষ বন্ধু আপোনাৰ কাষত আহিব পাৰে। বিশেষ আৰু বিখ্যাত ব্যক্তিৰ লগত কথা পাতি থাকোতে নিজৰ চকু মগজু খুলি ৰাখক ,হব পাৰে যে আপোনাত কিবা কামত এই চিন্তা সমূহ আহিব পাৰে। আপুনি যদি বিচাৰে সমস্যা সমূহৰ হাহিঁমুখে সমাধান কৰিব আৰে অথবা তাৰ মাজত পৰি চিন্তিত হব পাৰে , ইয়াৰ নিৰ্ণয় আপুনিয়ে ল’ব। যদি আপুনি নিজৰ জীৱন সংগীৰ পৰা মৰম-স্নেহৰ আশা কৰি আছে,তেন্তে আজিৰ দিনাখন আপোনাৰ এই আশা পূৰণ হব পাৰে।

মকৰ ৰাশি ফলাফল
নিজৰ ভাৱনাত বিশেষকৈ খঙত নিয়ন্ত্ৰণ ৰাখক। আজি আপোনাাৰ বাবে আন এটা উৰ্জা শক্তি ৰে ভৰপুৰ দিন হব আৰু আপোনাৰ আজি হঠাৎ বহুত লাভ প্ৰাপ্ত হোৱাৰ সম্ভাৱনা আছে। সন্ধিয়াৰ সময়ত আপোনাৰ ৰ লগত জীৱন সংগীৰ লগত বাহিৰত খানা খাব যাব পাৰে অথবা চিনেমা চালে আপুনি সন্তুষ্টি লাভ কৰিব আৰু আনন্দিত কৰি তুলিব। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ বাবে সুখৰ বতৰা লৈ আহিব কাৰন আজি গোটেই দিন আপুনি অফিচৰ কামৰ চাপত থাকিব। আপোনাৰ সহকৰ্মী আৰু তলতীয়া কৰ্মচাৰী আজি আপোনাক বহুত চিন্তাজনিত কাৰণ দিব পাৰে। এই ৰাশিৰ লোকসকল বহুত কৌতুহলদ্দীপক হয়। কেতিয়াবা এইসকল লোক মানুহৰ মাজত থাকি ভাল পায় কেতিয়াবা অকলে থাকি ভাল পায়। যদিও অকলে সময় অতিবাহিত কৰা কঠিন তথাপি আজি অলপ সময় অকলে থাকিলে আপোনাৰ ভাল লাগি থাকিব। আজি আপুনি জীৱন সংগীৰ লগত ঘুৰা-ফুৰাৰ মজা লব আৰু একেলগে সময় অতিবাহিত কৰাৰ এটা ভাল সুযোগ লাভ কৰিব।

কুম্ভ ৰাশি ফলাফল
আপুনি বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। আজিৰ দিনটোত বিনিয়োগ কৰাৰ পৰা বাচক। আপোনাৰ পৰিয়ালৰ ভালৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব। আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী ,লোভ আৰু অনীহা পৰিহাৰ কৰক। আপোনাৰ চকুুপানী মচিবলৈ কোনোবা বিশেষ বন্ধু আপোনাৰ কাষত আহিব পাৰে। আপোনাৰ চাৰিওফালে হৈ থকা গতিবিধিক গুৰুত্ব সহকাৰে লওক ,কাৰণ আপোনাৰ কামৰ শ্ৰেয় আন কোনোবাই লব পাৰে। দিনটো কেনেকৈ ভাল কৰা যায় তাৰ বাবে নিজৰ বাবে সময় উলিওৱা শিকক। যিসকল মানুহ বিয়াক অকল যৌন প্ৰবৃতি নিৰ্মূলৰ এক আহিলা হিচাপে গন্য কৰে ,সিহতঁৰ ধাৰণা ভুল ,কাৰণ আজি আপুনি সচাঁ প্ৰেমৰ অনুভূতি লাভ কৰিব।

মীন ৰাশি ফলাফল
আপোনাৰ ওচৰত স্বাস্থ্য আৰু ৰেহ-ৰূপ ভাল কৰিবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। ধনৰ আৱশ্যকতা যিকোনো সময়ত হব পাৰে সেইবাবে আজি যদি জয়ী হব বিচাৰে তেন্তে পইচাৰ সঞ্চয় কৰাৰ বাবে বিচাৰ বিবেচনা আৰম্ভ কৰক। আজিৰ দিনটো আনন্দৰে ভৰা হ’ব ,কাৰণ আপোনাৰ জীৱন সংগী আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। প্ৰেম সন্দৰ্ভত সোনকালে কোনো নিৰ্ণয় নল’ব। যি খ্যতি আৰু পুৰস্কাৰৰ আশা আপুনি কৰি আছিল ,সেইখিনি পিছলৈ ৰখি যাব পাৰে আৰু তাৰ ফলত আপুনি হতাশাৰ সন্মুখীন হব পাৰে। এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি হেৰাই গৈছে তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যায়ন কৰক। জীৱন সংগীৰ বেয়া ব্যৱহাৰ আপোনাৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলাব পাৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments