Tuesday, July 8, 2025
Homeঅসমভিক্টৰ দাসৰ মুক্তিৰ দাবী , জয়া কলিতালৈ সমৰ্থন অংকিতা দত্তৰ

ভিক্টৰ দাসৰ মুক্তিৰ দাবী , জয়া কলিতালৈ সমৰ্থন অংকিতা দত্তৰ

ডিজিটেল ডেস্ক ANEWS24X7: নিযুক্তি কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰ হোৱা ভিক্টৰ দাসৰ শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবী অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী ড০ অংকিতা দত্তৰ । বুধবাৰে যুৱ কংগ্ৰেছৰ সভানেত্ৰী গৰাকীয়ে ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মন্তব্য কৰে ।

অংকিতা দত্তই ভিক্টৰ দাসৰ গ্ৰেপ্তাৰ সন্দৰ্ভত মন্তব্য কৰি কয় যে ,‘‘ অভিযোগ দিবলৈ যোৱা ভিক্টৰ দাসৰ গ্ৰেপ্তাৰ কৰা ঘটনাটো দুৰ্ভাগ্যজনক ।’’

আনহাতে শেহতীয়াকৈ জয়া কলিতা নামৰ এগৰাকী যুৱতীয়ে জলসিঞ্চন বিভাগৰ নিযুক্তিৰ লগত তদানীন্তন মন্ত্ৰী ভৱেশ কলিতা জৰিত থকাৰ এক অভিযোগ উত্থাপন কৰিছিল । এই সন্দৰ্ভটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অংকিতা দত্তই । অংকিতা দত্তই কয় যে , ‘‘জলসিঞ্চন বিভাগৰ নিযুক্তিত ভয়ংকৰ কেলেংকাৰী সংঘটিত কৰিছে তদানীন্তন মন্ত্ৰী ভৱেশ কলিতাই ।

ৰঙিয়াৰ ৰূপম দাসেও ইয়াৰ পূৰ্বে বিজেপি চৰকাৰৰ দিনৰ নিযুক্তি কেলেংকাৰীৰ অভিযোগ তুলিছিল।’’ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ পদত্যাগৰ দাবী জনাই অংকিতা দত্তৰ । জয়া কলিতাৰ লগত সমৰ্থন আছে বুলি সংবাদ মাধ্যমেলৰ আগত মন্তব্য কৰে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments