Thursday, November 7, 2024
Homeঅসমপ্ৰয়াত SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ নতুন মোৰ

প্ৰয়াত SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ নতুন মোৰ

ডিজিটেল ডেস্ক, ২২ছেপ্তেম্বৰ: জোনমনি ৰাভাৰ মৃত্যু আৰু তদন্ত নতুন পাক, ৬ আৰক্ষীৰ বিৰুদ্ধে বিভাগীয় তদন্ত ঘোষণা। জোনমনি ৰাভাৰ মৃত্যু-তদন্তৰ নতুন পাক। অসম আৰক্ষীৰ ৬ আৰক্ষীৰ বিৰুদ্ধে বিভাগীয় তদন্ত ঘোষণা। তদন্তকাৰী সংস্থা CBIএ নিৰ্দেশ দিছে আৰক্ষীৰ বিভাগীয় তদন্তৰ বাবে। কৰ্তব্যত গাফিলতি, প্ৰমাণ নষ্টৰ অভিযোগ আৰক্ষীকেইজনৰ বিৰুদ্ধে।ইতিমধ্যে আৰক্ষীয়ে বৰ্খাস্ত কৰিছে চন্দ বৰা, আনাৰুল ইছলাম নামৰ দুই গৃহৰক্ষী জোৱানক। তদন্ত প্ৰক্ৰিয়াত আৰক্ষীৰ কেইবাটাও ভুল আঙুলিয়াই অসম আৰক্ষী লৈ পত্ৰ CBIৰ।

পূৰ্বৰ জখলাবন্ধাৰ OC পৱন কলিতা, হয়বৰগাঁৱৰ IC আভাজ্যোতি ৰাভা, নগাঁৱৰ টিএছআই উৎপল বৈশ্য, জখলাবন্ধাৰ উপ-পৰিদৰ্শক জাকাৰিয়া চৌধুৰী, মৰিকলঙৰ উপ-পৰিদৰ্শক মনোজ বৰুৱা, কনিষ্টবল ৰেৱ বৰুৱা আৰু মজিবুৰ ৰহমানৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ নিৰ্দেশ।উল্লেখ্য যে অসম আৰক্ষীৰ মহিলা উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ (SI Junmoni Rabha) ২০২৩ চনৰ ১৬ মে’ৰ পুৱতি নিশা প্ৰায় ২বজাত এটি পথ দুৰ্ঘটনাত মৃত্যু হৈছিল।

আনহাতে জোনমণি ৰাভা কাণ্ডত সাঙোৰ খালে দুই SP।নগাঁৱৰ পূৰ্বৰ SP লীনা দলেৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ নিৰ্দেশ। লখিমপুৰৰ পূৰ্বৰ SP বেদান্ত মাধৱ ৰাজখোৱাৰ বিৰুদ্ধেও বিভাগীয় তদন্তৰ নিৰ্দেশ। বিভাগীয় তদন্ত হ’ব নগাঁৱৰ তদানীন্তন ASP ৰূপজ্যোতি কলিতাৰ বিৰুদ্ধেও। জোনমণি ৰাভাৰ দুৰ্ঘটনা হোৱা সময়ত নগাঁৱৰ SP হৈ আছিল লীনা দলে। সেই সময়তে নগাঁৱৰ অপৰাধ শাখাৰ ASP পদত আছিল ৰূপজ্যোতি

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments