Friday, November 8, 2024
Homeৰাষ্ট্ৰীয়চিকিৎসালয়ত মনোৰঞ্জনৰ বাবে ষ্ট্ৰিপাৰ নিযুক্তি, সৰ্বত্ৰে ধিক্কাৰ

চিকিৎসালয়ত মনোৰঞ্জনৰ বাবে ষ্ট্ৰিপাৰ নিযুক্তি, সৰ্বত্ৰে ধিক্কাৰ

ডিজিটেল ডেস্ক, ANEWS24X7: অৱসৰপ্ৰাপ্ত বৃদ্ধ সেনা জোৱানসকলৰ মনোৰঞ্জনৰ বাবে চিকিৎসালয় কৰ্তৃপক্ষৰ বিশেষ ব্যৱস্থা । সেনা জোৱান সকলৰ মনোৰঞ্জনৰ বাবে নাচগান কৰিবৰ বাবে নিযুক্তি দিয়া হৈছিল এজন ষ্ট্ৰিপাৰ । এই ঘটনা টাইৱানৰ ভেটাৰেন্স হোম নামৰ এখন চৰকাৰী চিকিৎসালয়ৰ ।

চিকিৎসালয়ৰ ভিতৰত ষ্ট্ৰিপাৰৰ নৃত্য ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত ভাইৰেল হৈছিল ৷ ইয়াৰ পিছতে সামাজিক মাধ্যমত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল ৷ চিকিৎসালয় খনৰ এনে কাৰ্যক আশালীন বুলি অবিহিত কৰা হৈছিল ৷ আনকি সমালোচক সকলে চিকিৎসালয় বৰ্জন কৰিবলৈও আহ্বান জনাইছিল ৷ ইয়াৰ পিছতে এই ঘটনাকলৈ ক্ষমা বিচাৰিছে চিকিৎসালৰ কৰ্তৃপক্ষই ৷

চিকিৎসালয় কৰ্তৃপক্ষই বৃদ্ধ আৱাসীসকলৰ বাবে ষ্ট্ৰিপাৰ নিয়োগ কৰাৰ বাবে ক্ষমা বিচাৰি এটা চৰকাৰী বিবৃতি জাৰি কৰি কয় যে ,‘‘ মহামাৰীৰ বাবে, চিকিৎসালয়খনৰ বাৰ্ষিক অনুষ্ঠান একেৰাহে দুবছৰৰ বাবে বাতিল কৰা হৈছে। সেয়েহে আৱাসীসকলৰ মনোৰঞ্জনৰ বাবে ষ্ট্ৰিপাৰ অনাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।’’

উল্লেখ্য যে ভাইৰেল ভিডিঅটোত এজন ষ্ট্ৰিপাৰক হুইলচেয়াৰত বহি থকা ১২ জন আৱাসীক তেওঁলোকৰ মনোৰঞ্জনৰ বাবে নৃত্য কৰা দেখা গৈছিল ৷ ষ্ট্ৰিপাৰ জনক এজন আবাসীৰ কোলাত নাচি থকা দেখা গৈছিল ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments