Friday, November 8, 2024
Homeঅসমবিশ্বনাথত গ্ৰেপ্তাৰ ১৭ জন অবৈধ বাংলাদেশী

বিশ্বনাথত গ্ৰেপ্তাৰ ১৭ জন অবৈধ বাংলাদেশী

ডিজিটেল ডেস্ক, ANEWS24x7: বিশ্বনাথ চাৰিআলিৰ বাঘমাৰীৰ ব্ৰহ্মপুত্ৰ চাপৰিৰ পৰা ১৭ জন বাংলাদেশী লোকক গ্ৰেপ্তাৰ ৷ ভাৰতৰ দিল্লী,আজমেৰ চৰিফ আদি ধৰ্মীয়স্থান পৰিভ্ৰমণ কৰিবলৈ টুৰিষ্ট ভিছালৈ অহা দলটোৱ অবৈধ্য ভাবে বিশ্বনাথৰ বাঘমাৰীত ধৰ্মপ্ৰচাৰ কৰি থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ এই ১৭ জন বাংলাদেশী লোকক বৰ্তমান বিশ্বনাথ চাৰিআলি থানাত ৰখা হৈছে৷

বিশ্বনাথৰ ব্ৰহ্মপুত্ৰ চাপৰিত কি কৰিছিল ১৭ বাংলাদেশীয়ে ?

বিশ্বনাথ চাৰিআলিৰ বাঘমাৰীৰ ব্ৰহ্মপুত্ৰ চাপৰিৰ পৰা বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ১৭ জন অবৈধ বাংলাদেশী নাগৰিকক ৷ ভাৰতৰ দিল্লী আজমেৰ চৰিফ আদি ধৰ্মীয়স্থান পৰিভ্ৰমণ কৰিবলৈ টুৰিষ্ট ভিছালৈ বাংলাদেশৰ পৰা অহা দলটোৱে অবৈধ্য ভাবে বিশ্বনাথৰ বাঘমাৰীত ধৰ্মপ্ৰচাৰ কৰি থকাৰ তথ্য লাভ কৰাৰ পিছতে বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ১৭ জন বাংলাদেশী নাগৰিকক ৷ বৰ্তমান বিশ্বনাথ চাৰিআলি থানাত ৰখোৱা হৈছে এই বাংলাদেশী নাগৰিক কেইজনক ৷ অবৈধ বাংলাদেশী নাগৰিক কেইজনক আজি ন্যায়ালয়ত হাজিৰ কৰিব বিশ্বনাথ আৰক্ষীয়ে ।

এই সন্দৰ্ভত বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক নবীন সিঙে সাংবাদিকক জানিব দিয়ে যে, বাংলাদেশী নাগৰিক কেইজনে যোৱা ১৩ ছেপ্টেম্বৰ তাৰিখে কোঁচ বিহাৰৰ পৰা বাছ যোগে বিশ্বনাথৰ বাঘমাৰিত উপস্থিত হৈছিল । এই দলটোৰ ভিতৰত ছৈয়দ আশ্ৰাফুল আলম নামৰ ব্যক্তিজন ধৰ্মীয় গুৰু । আন ১৬ জন বাংলাদেশী নাগৰিক ধৰ্মীয় গুৰুজনৰ শিষ্য বুলি জানিব পৰা গৈছে ।ধৰ্ম গুৰু জনে নিজৰ শিষ্য সকলক লগত লৈ বিশ্বনাথৰ বাঘমাৰীৰ অতি দুৰ্গম অঞ্চল ব্ৰহ্মপুত্ৰ চাপৰিত ধৰ্ম প্ৰচাৰ চলাইছিল ।

ধৃত ছৈয়দ আশ্ৰাফুল আলমে বাঘমাৰীৰ উক্ত অঞ্চলত প্ৰায় ৫০০ মান লোকক নিজৰ শিষ্য হিচাপে গ্ৰহণ কৰিছিল । এই দলটোয়ে ভাৰতৰ দিল্লী,আজমেৰ চৰিফ আদি ধৰ্মীয়স্থান পৰিভ্ৰমণ কৰিবলৈ টুৰিষ্ট ভিছালৈ অসমত অবৈধ ভাবে প্ৰবেশ কৰি এনেদৰে ধৰ্মীয় প্ৰচাৰ কৰা কথা বিশ্বনাথ জিলা আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা জানিব পাৰি ধৰ্মীয় গুৰু সহ বাকী ১৬ জন বাংলাদেশী নাগৰিকক বাঘমাৰিৰ এজন লোকৰ ঘৰৰ পৰা আটক কৰি আনে ।বিশ্বনাথ জিলা আৰক্ষীয়ে বাংলাদেশৰ দলটোৰ বিৰুদ্ধে নিজাববীয়া গোচৰ ৰুজু কৰাৰ লগতে সোধা-পোছা অব্যাহত ৰাখিছে।

যিটো সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বাংলাদেশী জেহাদী মৌলবাদী সংগঠনৰ সৈতে জৰিত থকা লোকক মাদ্ৰাছাৰ পৰা গ্ৰেপ্তাৰ কৰিছে ৷ জেহাদীৰ ঘাটি স্বৰূপ মাদ্ৰাছা সমূহ ভাঙি পেলোৱা হৈছে তেনে সময়তে বাংলাদেশৰ পৰা আহি অসমৰ ভিতৰুৱা অঞ্চলত ধৰ্ম প্ৰচাৰ কৰাৰ ঘটনাই সন্দেহৰ সৃষ্টি কৰিছে ৷ বিশ্বনাথৰ সংখ্যালঘু জনবসতি পূৰ্ণ বাঘমাৰি অঞ্চলৰ পৰা আৰক্ষীয়ে পূৰ্বতেও বহু অপৰাধীক গ্ৰেপ্তাৰ কৰিছে ৷

 

উল্লেখ্য যে ধৃত ধৰ্মগুৰুজনে যোৱা ২৯ আগষ্ট তাৰিখে দক্ষিণ শালমাৰাতো এইদৰে ধৰ্মীয় প্ৰচাৰ কৰাৰ কথা আৰক্ষীয়ে জানিব পাৰি শালমৰা আৰক্ষীয়ে ধৰ্মীয় গুৰুজনক শালমাৰাৰ পৰা উভতি যাবলৈ নিৰ্দেশ প্ৰদান কৰিছিল । সেই নিৰ্দেশৰ পিছতে বাংলাদেশৰ দলটোৱে দিল্লীৰ আজমেৰ চৰিফলৈ গৈ পৰৱৰ্তী সময়ত পুনৰ কোচ বিহাৰৰ পৰা বিশ্বনাথৰ বাঘমাৰিলৈ আহিছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments