ডিজিটেল ডেস্ক, ANEWS24x7: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭২ সংখ্যক জন্মদিনত নতুন অভিলেখ ৷ প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন উপলক্ষে স্বাস্থ্যমন্ত্ৰালয়ে আয়োজন কৰা ‘ৰক্তদান অমৃত মহোৎসৱলৈ’ ব্যাপক সহাৰি ৷ একেলগে ৮৭ হাজাৰ লোকে স্বেচ্ছাই কৰিলে ৰক্তদান ৷ ৰক্তদান অমৃত মহোৎসৱ ১৭ ছেপ্টেম্বৰৰ শনিবাৰৰ পৰা ১ অক্টোবৰলৈ অনুষ্ঠিত কৰা হৈছে ৷
দেশৰ জনতাই ৰক্তদান অমৃত মহোৎসলৈ ব্যাপক সঁহাৰি জনোৱাৰ পিছত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই টুইট কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷
কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয় যে , ‘‘ আজি মই ক’বলৈ পাই আনন্দিত যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত ৮৭ হাজাৰৰো অধিক লোকে #RaktdaanAmritMahotsav অধীনত স্বেচ্ছাই ৰক্তদান কৰিছে, যিটো এক নতুন বিশ্ব অভিলেখ। এইটো আমাৰ প্ৰিয় প্ৰধান সেৱকৰ বাবে দেশৰ পৰা এক অমূল্য উপহাৰ।’’
উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭২ সংখ্যক জন্মদিন উপলক্ষে আৰোগ্য সেতু এপ আৰু ই-ৰক্তকোষ পৰ্টেলত ‘ৰক্তদান অমৃত মহোৎসৱ’ৰ বাবে ৰক্তদান কৰিবৰ বাবে পঞ্জীয়ন কৰিবৰ বাবে আহ্বান জনোৱা হৈছিল ৷ ইয়াৰ পিছতে দেশজুৰি ব্যাপক সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে ৷