ডিজিটেল ডেস্ক, ANEWS24x7: ঝাৰখণ্ডত ভয়ংকৰ বাছ দুৰ্ঘটনা ৷ ঝাৰখণ্ডৰ হাজাৰিবাগত দলংৰ ভাঙি নদীত পৰি দুৰ্ঘটনাত পতিত হয় এখন যাত্ৰীবাহী বাছ ৷ দুৰ্ঘটনাটোৰ ফলত ছয়জন লোক নিহত হোৱাৰ লগতে বহুটো লোক আহত হয় ৷
আৰক্ষীৰ সূত্ৰৰ খবৰ অনুসৰি গিৰিদিহৰ পৰা ৰাঁচীলৈ উভতি অহাৰ পথত ৫০ জন যাত্ৰী কঢ়িয়াই অনা এখন বাছ চিৱান নদীৰ ৰেলিং ভাঙি তললৈ বাগৰি পৰিছিল । খবৰ পোৱা মাত্ৰকে ঘটনাস্থলিত উদ্ধাৰকাৰীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় ৷ আহত সকলক ততাতয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ চিকিৎসালয়লৈ নিয়াৰ সময়তে চাৰিজন লোকৰ মৃত্যু হয় ৷ আৰক্ষীৰ তৰফৰ পৰা মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে ৷
হাজৰিবাগৰ আৰক্ষী অধীক্ষক মনোজৰতন চোথেয়ে ঘটনা সন্দৰ্ভত কয় যে , ‘‘ উদ্ধাৰ অভিযান চলি আছে। প্ৰাথমিক ভাৱে, দেখা গৈছে যে বাছখনে দলংখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই তললৈ বাগৰি পৰিছিল। বাছখন পৰি যোৱা নদীখনত পানী নাছিল। যদি পানী থাকিলহেঁতেন, হতাহতৰ সংখ্যা বৃদ্ধি হ’লহেঁতেন।’’