ডিজিটেল ডেস্ক, ANEWS24x7: পূৱ লাডাখৰ ভাৰত-চীন প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰা চীনে স্থানান্তৰিত কৰিছে সেনা ৷ চীনা সেনাই দুটা বছৰত পূৱ লাডাখৰ প্ৰায় তিনি কিলোমিটাৰ আঞ্চল আগবঢ়ি আহি সেনা চাউনি স্থাপন কৰিছিল ৷ ২০২০ চনৰ পৰা চীনা সেনাই স্থাপন কৰা সেনাৰ অস্থায়ী চাউনি সমূহ বৰ্তমান আতৰোৱা হৈছে ৷ শেহতীয়াকৈ উপগ্ৰহৰ পৰা লোৱা এক চিত্ৰত ধৰা পৰিছে এই দৃশ্য ৷
লাডাখৰ এই বিবাদমান অঞ্চলৰ পৰা দুয়োপক্ষৰ সেনাবাহিনী প্ৰত্যাহাৰ কৰিবৰ বাবে বৰ্তমানলৈকে ১৫ বাৰ ভাৰত আৰু চীনৰ সামৰিক বিষয়াসকল আলোচনাত মিলিত হৈছিল ৷ আলোচনাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে দুয়োখন দেশে সেনাবাহিনী পূৰ্বৰ স্থানলৈ স্থানান্তৰিত কৰিব ৷ ইয়াৰ মাজতে ১৫ ছেপ্টেম্বৰত উপগ্ৰহৰ পৰা লোৱা ছবিত পূৰ্বৰ স্থানৰ পৰা চীনা সেনা স্থানান্তৰিত কৰাৰ পৰিলক্ষিত হৈছে ৷ ইয়াৰ পূৰ্বে ২১ আগষ্টত উপগ্ৰহৰ পৰা লোৱা ছবিখনত সেই স্থানত চীনা সেনাৰ চাউনি দেখিবলৈ পোৱা গৈছিল ৷ অৱশ্যে সেনা প্ৰত্যাহাৰ কৰা সন্দৰ্ভত দুয়োখন দেশৰ সেনাবাহিনীয়ে কোনোধৰণৰ আনুষ্ঠানিক মন্তব্য কৰা নাই ৷
এই ঘটনা সন্দৰ্ভত লাডাখৰ চুচুন অঞ্চলৰ কাউন্সিলাৰ কানচাক ষ্টানজিনে কয় যে , ‘‘এইটো এটা অতি ডাঙৰ পদক্ষেপ ৷ চীনৰ দ্বাৰা এৰি যোৱ অঞ্চলত এইবাৰ এটা নতুন বাফাৰ জ’ন হিচাপে ব্যৱহাৰ কৰা হ’ব ৷