ডিজিটেল ডেস্ক, ANEWS24X7: নিযুক্তি কেলেংকা্ৰীৰ অভিযোগ উত্থাপন কৰি চাকৰিৰ পৰা নিলম্বন হ’ল ভিক্টৰ দাস । পূব পানীটেমা ৰাধা কৃষ্ণ যুগল মিলন এল পি স্কুলৰ শিক্ষক হিচাপে কৰ্মৰত আছিল ভিক্টৰ দাস ।
প্ৰধান শিক্ষকৰ প্ৰতিবেদনৰ ভিত্তিত ভিক্টৰ দাসক নিলম্বন কৰে জিলা প্ৰাথমিক শিক্ষা বিষয়াই । এই সন্দৰ্ভত জিলা প্ৰাথমিক শিক্ষা বিষয়াই এক নিৰ্দেশনা জাৰি কৰিছে ।
উল্লেখ্য যে , চৰকাৰী চাকৰি কৰাৰ উপৰিও কচিং চেন্টাৰ চলাই আহিছিল ভিক্টৰ দাসে । ৰাজ্যত শেহতীয়াকৈ অনুষ্ঠিত হোৱা ২৬ হাজাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন পৰি গ্ৰেপ্তাৰ হৈছিল ভিক্টৰ দাস ।