ডিজিটেল ডেস্ক, ANEWS24X7: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ দিনাই আত্মহত্যা পুনৰ এজন কৃষকৰ ৷ চুইচাইট নোটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক জন্মদিনৰ শুভেচ্ছা জ্ঞ্ৰাপন কৰে ৷ কৃষকজনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক পিয়াজক নূন্যতম সমৰ্থন মূল্যৰ অধীনলৈ অনাৰ লগতে যাতে কৃষকে নূন্যতম সমৰ্থন মূল্য লাভ কৰে তাক নিশ্চিত কৰিবলৈ আহ্বান জনাইছে ৷
ঘটনাৰ বিবৰণ অনুসৰি মহাৰাষ্ট্রৰ পুণেৰ জুন্নাৰ তহচিলৰ ৱাদগাওঁ আনন্দ গাঁৱৰ বাসিন্দা দশৰথ কেদাৰীয়ে শনিবাৰে আত্মহত্যা কৰে ৷ প্ৰথম অৱস্থাত কৃষক জনে বিহ পান কৰে আৰু তাৰ পিছত পুখুৰীত জঁপিয়াই আত্মহত্যা কৰে ৷ চুইচাইড নোটত দশৰথে লিখে যে , ‘‘ আজি আপোনাৰ নিষ্ক্ৰিয়তাৰ বাবে মই আত্মহত্যা কৰিবলৈ বাধ্য হৈছো ৷ আনুগ্ৰহ কৰি আমাৰ প্ৰাপ্য মূল্যৰ গেৰান্টি প্ৰদান কৰক ৷’’
দশৰথে চুইচাইড নোটখনৰ শেষত তেওঁৰ নাম স্বাক্ষৰ কৰি পিছত প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ পত্ৰখনত কৃষকজনে ঋণ দিয়া সমবায়ৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰিছে। তেওঁ উল্লেখ কৰে আজিৰ বজাৰত কৃষকতকৈ ডাঙৰ জুৱাৰী নাই। আৰক্ষীয়ে চুইচাইড নোটখন উদ্ধাৰ কৰি হস্তাক্ষৰ বিশেজ্ঞলৈ প্ৰেৰণ কৰিছে
এই সন্দৰ্ভত অঞ্চলটোৰ আৰক্ষী বিষয়া প্ৰমোদ ক্ষীৰসাগৰে কয় যে ,‘‘দশৰথে এটা সমবায়ৰ পৰা ঋণ লৈছিল ৷ ছুইচাইড নোটত কৃষকজনে প্ৰধানমন্ত্ৰী মোডীক পিয়াজৰ এমএছপি পৰিশোধ কৰিবলৈ আহ্বান জনায় ৷ পত্ৰখনত তেওঁ লিখিছে যে এতিয়া খেতি কৰাৰ অৰ্থ হৈছে জুৱা খেতি কৰা ৷দশৰথে পিয়াজখেতি কৰিছিল । কিন্তু বৰষুণৰ ফলত ফচল নষ্ট হয় । ইয়াৰ পূৰ্বেও দশৰথে চয়াবীন আৰু বিলাহী খেতি কৰিছিল পিছে তাতো লাভৰ মুখ দেখা নাছিল।’’